ETV Bharat / state

অসমীয়া হিন্দু আৰু থলুৱা মুছলমান অসমতে সুৰক্ষিত নহয় বুলি কিয় ক’লে মুখ্যমন্ত্ৰীয়ে ?

author img

By

Published : Dec 10, 2021, 9:40 PM IST

অসম আন্দোলনৰ শ্বহীদ সকলৰ স্মৃতিত শুকুৰবাৰে অসম চুক্তি ৰূপায়ন বিভাগৰ উদ্যোগত গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয় ৷ এই অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক’লে অসমত আজি অসমীয়া হিন্দু আৰু থলুৱা মুছলমান সকল সুৰক্ষিত নহয়(Indigenous Assamese community is not safe in Assam says cm) । জানো আহক কিয় এই মন্তব্য কৰিলে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

indigenous-assamese-community-is-not-safe-in-assam-says-cm
অসমীয়া হিন্দু আৰু থলুৱা মুছলমান অসমতে সুৰক্ষিত নহয় বুলি কিয় ক’লে মুখ্যমন্ত্ৰীয়ে ?

গুৱাহাটী, 10 ডিচেম্বৰ : অসম চুক্তি ৰূপায়ন বিভাগ(Assam accord implementation department)ৰ উদ্যোগত গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত অসম আন্দোলনৰ শ্বহীদ সকলৰ পবিত্ৰ স্মৃতিত শুকুৰবাৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয় । অনুষ্ঠানত অসম আন্দোলন(The Assam movement)ৰ তথ্যকোষ গ্ৰন্থৰ দ্বিতীয় আৰু তৃতীয় খণ্ডৰ উন্মোচন কৰা হয় । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই গ্ৰন্থ উন্মোচন কৰে । অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমীয়াই আজি অৰ্থনৈতিক অধিকাৰ হেৰুৱাইছে ।

তেওঁ কয়, অসমত আজি অসমীয়া হিন্দু আৰু থলুৱা মুছলমান সকল সুৰক্ষিত নহয়(Indigenous Assamese community is not safe in Assam says cm) । কঠিন সময়ৰ মাজেৰে অসমীয়া জাতি কঠিন সময়ৰ মাজেৰে জীয়াই আছে । অসমীয়া জাতিৰ উত্তৰণ ঘটাব লাগিব। তেওঁ কয় যে এই শ্বহীদ দিৱস অসমীয়াৰ সাহস আৰু বীৰত্বৰ প্ৰতীক । তেওঁ কয় যে অসম চুক্তি ৰূপায়ন বিভাগৰ উদ্যোগত গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত অসম আন্দোলনৰ শ্বহীদ সকলৰ(Martyrs of Assam movement) পবিত্ৰ স্মৃতিত নিৰ্মাণ কৰি থকা শ্বহীদ উদ্যান ২ বছৰৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰা হ'ব ।

অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসম আন্দোলনৰ ক্ষতিগ্ৰস্ত সকলৰ সাহায্য নিধি মুকলি কৰি কয় যে ৰাজ্য চৰকাৰে ৫ কোটি টকাৰে এই সাহায্য নিধি গঠন কৰা হৈছে। তেওঁ কয় যে পৰৱৰ্তী সময়ত ৰাজ্য চৰকাৰ আৰু ৰাইজৰ সহযোগত সাহায্য নিধিৰ পৰিমাণ ৫০ কোটি কৰা হব'। যাতে বছৰি তাৰ পোৱা ৪ কোটি টকা সূতৰ টকাৰে শ্বহীদ পৰিয়ালৰ শিক্ষা আৰু স্বাস্থ্যৰ বাবে খৰছ কৰিব পৰা যাব ।

তেওঁ জনায় যে অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ গাঁৱৰ ওচৰৰ ১০০ বিঘা মাটিত শ্বহীদ উদ্যান নিৰ্মাণ কৰা হ'ব । অনুষ্ঠানত কৃষিমন্ত্ৰী অতুল বৰাই কয় যে, অসম চুক্তিৰ বহু খিনি ৰূপায়ন হৈছে । অনাগত দিনত বাকীবোৰ ৰূপায়ন হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে । অনুষ্ঠানত পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, মন্ত্ৰী পীয়ুষ হাজৰিকা, মন্ত্ৰী বিমল বৰা, জয়ন্ত মল্ল বৰুৱা আদি উপস্থিত আছিল । অনুষ্ঠানত মুখ্য সচিব জিষ্ণু বৰুৱাই আদৰণি ভাষণ দিয়ে ।

লগতে পঢ়ক : Land Grabbing Allegation: মুখ্যমন্ত্ৰীয়ে ক’লে, মোৰ পত্নীৰ পিছত লাগি থকাতকৈ মোৰ লগত লাগক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.