ETV Bharat / state

ৰাজ্যত 5 জুনলৈ বৃদ্ধি সান্ধ্য আইন

author img

By

Published : May 25, 2021, 7:32 PM IST

সান্ধ্য আইনৰ সময়সীমা দহ দিনলৈ অৰ্থাৎ ৫ জুনলৈ বৃদ্ধি কৰা হৈছে। সেইদৰে গ্ৰামাঞ্চলত সন্ধিয়া ৫ বজাৰ পৰা প্ৰযোজ্য থকা পূৰ্বৰ সান্ধ্য আইন দিনৰ ২ বজালৈ আগুৱাই দিয়া হৈছে । ২৪ ঘণ্টাত ৰাজ্যখনৰ ১,২০,৬৬৮ গৰাকী লোকৰ ক'ভিড টেষ্ট কৰা হৈছিল আৰু ইয়াৰে ৬,২২১ গৰাকীৰ দেহত ক'ভিডৰ উপস্থিতি ধৰা পৰে । আক্ৰান্তৰ হাৰ ৫.১৬ শতাংশ । আনহাতে মৃত্যু হয় ৮৪ গৰাকী ৰোগীৰ ।

ৰাজ্যত অব্যাহত কৰ'ণাৰ সংক্ৰমণ, বৃদ্ধি সান্ধ্য আইন
ৰাজ্যত অব্যাহত কৰ'ণাৰ সংক্ৰমণ, বৃদ্ধি সান্ধ্য আইন

গুৱাহাটী, ২৫ মে': ৰাজ্যত অব্যাহত আছে কৰ'ণাৰ সংহাৰী ৰূপ। কৰ'ণাৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে নতুন নতুন নিৰ্দেশনা জাৰি কৰিছে। শেহতীয়াকৈ আন্তঃজিলা যাতায়াত ব্যৱস্থাও বন্ধ কৰি দিয়া হৈছে । আনহাতে মঙলবাৰৰ পৰা সান্ধ্য আইনৰ সময়সীমা দহ দিনলৈ অৰ্থাৎ ৫ জুনলৈ বৃদ্ধি কৰা হৈছে ।

সেইদৰে গ্ৰামাঞ্চলত সন্ধিয়া ৫ বজাৰ পৰা প্ৰযোজ্য থকা পূৰ্বৰ সান্ধ্য আইন দিনৰ ২ বজালৈ আগুৱাই দিয়া হৈছে । বাকী নিয়ম সমূহ পূৰ্বৰ দৰেই বাহাল থাকিব। আজি এই কথা ঘোষণা কৰে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই । লক ডাউন দিয়াৰ কোনো পৰিকল্পনা চৰকাৰৰ নাই যদিও পৰিস্থিতি উন্নত নোহোৱা পৰ্যন্ত বৰ্ত্তমানৰ প্ৰযোজ্য নীতি-নিৰ্দেশনা সমূহ অব্যাহত থাকিব । পৰিস্থিতি উন্নত হ'লে ক্ৰমান্বয়ে নীতি-নিৰ্দেশনাসমূহ শিথিল কৰা হ'ব বুলি মুখ্যমন্ত্রীয়ে সদৰি কৰিছে ।

ৰাজ্যত অব্যাহত কৰ'ণাৰ সংক্ৰমণ, বৃদ্ধি সান্ধ্য আইন
ৰাজ্যত অব্যাহত কৰ'ণাৰ সংক্ৰমণ, বৃদ্ধি সান্ধ্য আইন

ভাল খবৰ এই যে, বিগত কিছুদিন ধৰি ৰাজ্যখনত ক'ভিড আক্ৰান্তৰ হাৰ কিছু হ্ৰাস পাব ধৰিছে। অৱশ্যে মৃত্যুৰ হাৰ হ্ৰাস পোৱা নাই । বিগত ২৪ ঘণ্টাত ৰাজ্যখনৰ ১,২০,৬৬৮ গৰাকী লোকৰ ক'ভিড টেষ্ট কৰা হৈছিল আৰু ইয়াৰে ৬,২২১ গৰাকীৰ দেহত ক'ভিডৰ উপস্থিতি ধৰা পৰে। আক্ৰান্তৰ হাৰ ৫.১৬ শতাংশ ।

ৰাজ্যত অব্যাহত কৰ'ণাৰ সংক্ৰমণ, বৃদ্ধি সান্ধ্য আইন
ৰাজ্যত অব্যাহত কৰ'ণাৰ সংক্ৰমণ, বৃদ্ধি সান্ধ্য আইন

আনহাতে মৃত্যু হয় ৮৪ গৰাকী ৰোগীৰ । ৰাজ্যখনত ক'ভিড ৰোগীৰ আৰোগ্যৰ হাৰ ৮৪.৮৬ শতাংশ আৰু মৃত্যুৰ হাৰ ০.৭৫ শতাংশ । ইফালে বিগত ২৪ ঘণ্টাত ক'ভিডৰ পৰা আৰোগ্য লাভ কৰিছে ৫,২৫২ গৰাকী লোকে । বিগত ২৪ ঘণ্টাত কামৰূপ মহানগৰ জিলাত ৰাজ্যৰ ভিতৰতে সৰ্বাধিক ৭২৯ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হোৱাৰ বিপৰীতে ১২ গৰাকী লোকৰ মৃত্যু হৈছে ।

ৰাজ্যত অব্যাহত কৰ'ণাৰ সংক্ৰমণ, বৃদ্ধি সান্ধ্য আইন
ৰাজ্যত অব্যাহত কৰ'ণাৰ সংক্ৰমণ, বৃদ্ধি সান্ধ্য আইন

একেদৰে গুৱাহাটী মহানগৰীতো ক্ৰমান্বয়ে হ্ৰাস পাইছে কৰ'ণাত আক্ৰান্ত লোকৰ সংখ্যা। উল্লেখ যে, ক'ভিডত এতিয়ালৈকে অসমৰ ২,৮২৩ গৰাকী লোকে প্ৰাণ হেৰুৱালে । ইফালে ৰাজ্যখনত অতি লেহেম গতিত চলি আছে ভেকচিন প্ৰক্ৰিয়া । ১৬ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা ভেকচিন প্ৰক্ৰিয়াই এতিয়ালেকৈ ৩৮,২৭,৫৮৯ গৰাকী লোকক স্পৰ্শ কৰিবলৈ সক্ষম হৈছে। ইয়াৰে ৩০,৩১,৫০৮ গৰাকী লোকে ভেকচিনৰ প্ৰথম পালি আৰু ৭,৯৬,০৮১ গৰাকী লোকে দ্বিতীয় পালি লাভ কৰিছে ।

লগতে পঢ়কঃ এজন যুৱকৰ উদ্ভাৱনে দৃষ্টি আকৰ্ষণ কৰিছে দিখৌমুখবাসীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.