ETV Bharat / state

New railway services:গুৱাহাটী-দুল্লভছেৰা এক্সপ্ৰেছ আৰু আগৰতলা-ছাব্ৰুম এক্সপ্ৰেছৰ শুভ উদ্বোধন

author img

By ETV Bharat Assamese Team

Published : Oct 19, 2023, 7:53 PM IST

বৃহস্পতিবাৰে গুৱাহাটীৰ ৰে’ল ষ্টেচনত শুভ উদ্বোধন কৰা হয় গুৱাহাটী-দুল্লভছেৰা এক্সপ্ৰেছ আৰু আগৰতলা ছাবৰূম এক্সপ্ৰেছৰ । মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই ফ্লেগ অৱ্ কৰি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে এই ৰে’লসেৱা ।

Inauguration of new rail services in Guwahati
নতুন ৰে’লসেৱা

নতুন ৰে’লসেৱা

গুৱাহাটী, 19 অক্টোবৰ : অসমৰ ৰে’লসেৱাত সংযোজন ঘটিল নতুন ৰে’লৰ ৷ গুৱাহাটী-দুল্লভছেৰা ত্ৰি সাপ্তাহিক ৰে’ল, আগৰতলা-ছাব্ৰুম ডেমু ৰে’ল, গুৱাহাটী-ছেকেন্দ্ৰাবাদ এক্সপ্ৰেছ (শিলচৰলৈ সম্প্ৰসাৰণ), কামাখ্যা-লোকমান্য তিলক এক্সপ্ৰেছ (আগৰতলালৈ সম্প্ৰসাৰণ), বুডগাম-বানিহাল ৰে’লত ভিষ্টাডোম দবাৰ শুভ উদ্বোধন অনুষ্ঠান । বৃহস্পতিবাৰে গুৱাহাটীৰ ৰে’ল ষ্টেচনত শুভ উদ্বোধন কৰা হয় । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী-দুল্লভছেৰা ত্ৰি সাপ্তাহিক ৰে’লৰ ফ্লেগ অৱ্ কৰি আনুষ্ঠানিকভাৱে এই অনুষ্ঠানৰ উদ্বোধন কৰে ।

ভিডিঅ’ কন্ফাৰেন্স যোগে এই অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহা, জম্মুকাশ্মীৰৰ লেফনেন্টেন গৱৰ্ণৰ মনোজ সিনহাকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় আৰু ৰাজ্যিক মন্ত্ৰী । আনহাতে দুখন ৰে’লৰ সেৱা সম্প্ৰসাৰণ কৰা হৈছে । সপ্তাহত ৩ দিনকৈ চলিব গুৱাহাটী দুল্লভছেৰা এক্সপ্ৰেছ । শিলচৰ-ছেকেন্দ্ৰাবাদ এক্সপ্ৰেছ চলিব সপ্তাহত এবাৰকৈ ।

আগৰতলা লোকমান্য তিলক এক্সপ্ৰেছ চলিব প্ৰতিদিনেই । এই দুখন ৰে’লৰ সেৱা সম্প্ৰসাৰণ কৰা হৈছে । অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰি কয়, ‘আজি উত্তৰপূৱ আৰু জম্মুকাশ্মীৰৰ বাবে একলগে, একেখন মঞ্চৰ পৰা আঁচনিৰ শুভ উদ্বোধন কৰা হৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যেতিয়াৰ পৰা শাসনত আহিছে তেতিয়া পৰাই জম্মুকাশ্মীৰ আৰু উত্তৰ-পূৱৰ বিকাশৰ বাবে বহু পদক্ষেপ গ্ৰহণ কৰিছে । আজি আমাৰ বাবে এটা ডাঙৰ দিন । দুখনকৈ ৰে’লৰ সেৱা আজি সম্প্ৰসাৰণ কৰা হৈছে’ । এই নতুন সম্প্ৰসাৰণৰ বাবে প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় ৰে’ল মন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

লগতে পঢ়ক : Sradhanjali flyover: বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব শ্ৰদ্ধাঞ্জলি উৰণ সেতু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.