Mou between IIT Guwahati and ICWA:আইআইটি গুৱাহাটীৰ ভাৰতীয় বিশ্ব পৰিক্ৰমা পৰিষদৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ

author img

By

Published : Jul 19, 2023, 7:25 PM IST

Mou between IIT Guwahati and ICWA

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীয়ে আন্তঃৰাষ্ট্ৰীয় পৰিক্ৰমা আৰু বৈদেশিক নীতিত ক্ষমতা/দক্ষতা গঢ়ি তোলাৰ বাবে ভাৰতীয় বিশ্ব পৰিক্ৰমা পৰিষদৰ Indian Council of World Affairs (আই চি ডব্লিউ এ) ৰ সৈতে বুধবাৰে এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে ।

গুৱাহাটী, 19 জুলাই : চলিত মাহৰ আৰম্ভণিতে দেশৰ উপ ৰাষ্ট্ৰপতি জগদীপ ধানখড়ৰ আইআইটি গুৱাহাটী ভ্ৰমণৰ ফলস্বৰূপে, প্ৰতিষ্ঠানটোৱে বৈদেশিক নীতি আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ত ভাৰতৰ প্ৰধান আৰু পুৰণি থিংক টেংক ভাৰতীয় বিশ্ব পৰিক্ৰমা পৰিষদৰ (আইচিডব্লিউএ) সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে । আই আই টি গুৱাহাটীৰ কাৰ্যবাহী সঞ্চালক অধ্যাপক পৰমেশ্বৰ কে আয়াৰ আৰু আই চি ডব্লিউ এৰ মহানিৰ্দেশক ৰাষ্ট্ৰদূত বিজয় ঠাকুৰ সিঙৰ মাজত বুধবাৰে আন্তঃৰাষ্ট্ৰীয় বিষয় আৰু ভাৰতীয় বৈদেশিক নীতিৰ ওপৰত সজাগতা আৰু জ্ঞান সম্প্ৰসাৰণৰ লক্ষ্যৰ বাবে একেলগে কাম কৰাৰ উদ্দেশ্যৰে এই বুজাবুজি চুক্তি স্বাক্ষৰিত হয় ।

Mou between IIT Guwahati and ICWA
বুজাবুজি চুক্তি স্বাক্ষৰ

লক্ষ্যণীয় যে চুক্তিখন ৩ বছৰৰ বাবে বৈধ হ’ব । বুজাবুজি চুক্তি স্বাক্ষৰ অনুষ্ঠানত ভাষণ প্ৰদান কৰি আইআইটি গুৱাহাটীৰ কাৰ্যবাহী সঞ্চালক অধ্যাপক পৰমেশ্বৰ কে আয়াৰে কয়, "আজিৰ আন্তঃসংযোগযুক্ত পৃথিৱীত আন্তঃৰাষ্ট্ৰীয় বিষয়ৰ ক্ষেত্ৰত সহযোগিতামূলক হস্তক্ষেপ আৰু একাধিক ক্ষেত্ৰত সমন্বয়ৰ প্ৰচাৰ অতি জৰুৰী । আই চি ডব্লিউ এৰ সৈতে আইআইটি গুৱাহাটীৰ সহযোগিতা বিশ্বৰ ক্ষেত্ৰত প্ৰত্যাহ্বান আৰু সুযোগৰ মোকাবিলা কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হ’ব । এয়া এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যতৰ অংশীদাৰীৰ দৃষ্টিভংগী হিচাপ পৰিগণিত হ’ব" ।

উল্লেখ্য যে এই বুজাবুজি চুক্তিৰ লক্ষ্য হ’ল আন্তৰ্জাতিক বিষয় আৰু ভাৰতীয় বৈদেশিক নীতিৰ ওপৰত সজাগতাৰ ক্ষেত্ৰত অসমত অৱস্থিত বিশ্ববিদ্যালয়, শৈক্ষিক প্ৰতিষ্ঠান, উদ্যোগ আৰু অন্যান্য অংশীদাৰসকলৰ বৌদ্ধিক বিকাশ, উমৈহতীয়া স্বাৰ্থৰ বিষয়ত পাৰস্পৰিক সন্মতি পদ্ধতিৰ জৰিয়তে যুটীয়াভাৱে অধ্যয়ন কৰা । ভাৰতীয় বিশ্ব পৰিক্ৰমা পৰিষদৰ সভাপতি জগদীপ ধানখড়েে আইআইটি গুৱাহাটীৰ ২৫ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত ভাষণ প্ৰদান কৰি এই সহযোগিতাৰ কথা ঘোষণা কৰিছিল । উপ-ৰাষ্ট্ৰপতিয়ে উল্লেখ কৰে যে এই সহযোগিতাই প্ৰতিষ্ঠানটোক গৱেষণাৰ ক্ষেত্ৰত এক অনন্য মাত্ৰা প্ৰদান কৰিব ।

লগতে পঢ়ক : MoU between TU and IITM Pune:আই আই টি এম পুনেৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.