ETV Bharat / state

ICCI and FIICC sign agreement: আই চি চিআই আৰু এফ আই আই চিচিৰ মাজত বুজাবুজিৰ চুক্তি

author img

By

Published : Oct 16, 2022, 8:58 PM IST

ICCI and FIICC signed Memorandum of Understanding in Guwahati
আই চি চিআই আৰু এফ আই আই চিচি মাজত বুজাবুজি চুক্তি স্বাক্ষৰ

উত্তৰ-পূব ভাৰতৰ থলুৱা লোকৰ অৰ্থনীতিৰ উন্নতি ত্বৰান্বিত কৰাৰ বাবে ইণ্ডিজেনাছ চেম্বাৰ অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী (আই চি চিআই) আৰু ফেডাৰেচন অৱ ইণ্ডো ইজৰাইল চেম্বাৰ অফ কমাৰ্চ (এফ আই আই চিচি) উত্তৰ পূব অধ্যায়ে দেওবাৰে হোটেল এপোলো গ্ৰেণ্ডত এবছৰৰ বাবে এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰে (Indigenous Chambers of Commerce & Industries)।

গুৱাহাটী, ১৬ অক্টোবৰ: উত্তৰ-পূব ভাৰতৰ থলুৱা লোকৰ অৰ্থনীতিৰ উন্নতি ত্বৰান্বিত কৰাৰ বাবে ইণ্ডিজেনাছ চেম্বাৰ অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী (আই চি চিআই) আৰু ফেডাৰেচন অৱ ইণ্ডো ইজৰাইল চেম্বাৰ অফ কমাৰ্চ (এফ আই আই চিচি) উত্তৰ পূব অধ্যায়ে দেওবাৰে হোটেল এপোলো গ্ৰেণ্ডত এবছৰৰ বাবে এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰে (Indigenous Chambers of Commerce and Industries)।

আই চি চিআই আৰু এফ আই আই চিচি মাজত বুজাবুজি চুক্তি স্বাক্ষৰ

দুইপক্ষৰ মাজত হোৱা চুক্তিখনৰ মূল উদ্দেশ্য ইজৰাইলৰ অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ কৰি অসমৰ খিলঞ্জীয়া উদ্যোগী আৰু কৃষকৰ সামগ্ৰীক অৰ্থনৈতিক বিকাশ আৰু ইজৰাইলৰ পৰা সম্ভাব্য বিনিয়োগকাৰীসকলক খিলঞ্জীয়া উদ্যোগীৰ সৈতে যুটীয়াভাৱে অসমত বিনিয়োগ কৰিবলৈ আকৰ্ষিত কৰা (ICCI and FIICC sign agreement) ।

ইণ্ডিজেনাছ চেম্বাৰ অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীৰ মুখ্য আহ্বায়ক অনুপ চেতিয়াই (ULFA leader Anup Chetia) কয় যে চুক্তি অনুসৰি ঔদ্যোগিক আৰু কৃষি উন্নত কৰাৰ বাবে অত্যাধুনিক ইজৰাইলী প্ৰযুক্তি ৰূপায়ণ কৰিব পৰা ক্ষেত্ৰসমূহৰ চিনাক্তকৰণৰ বাবে অসমত এক অধ্যয়ন চলাব । অসমৰ কৃষকসকলক এনে প্ৰযুক্তিৰ ওপৰত প্ৰশিক্ষণৰ বাবে প্ৰয়োজনীয় প্ৰশিক্ষণ, কৰ্মশালা আদিৰ আয়োজন কৰা হ’ব । তদুপৰি ৰাজ্যখনত নতুন উদ্যোগ স্থাপনৰ বাবে ইজৰাইলী আৰু খিলঞ্জীয়া উদ্যোগীসকলৰ মাজত সহযোগীতাৰ সুবিধা প্ৰদান কৰিব ।

তেওঁ লগতে কয়," এই বুজাবুজি চুক্তিৰ জৰিয়তে অসমৰ কৃষি আৰু শিল্প উদ্যোগৰ ক্ষেত্ৰত ইজৰাইলী প্ৰযুক্তি প্ৰয়োগ কৰি ইজৰাইলী জনগণৰ সহযোগিতা লৈ অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীক অৰ্থনৈতিক দিশত আগবঢ়াই নিবলৈ প্ৰচেষ্টা কৰা হ’ব ৷ কৃষি ক্ষেত্ৰত বিশেষকৈ ইজৰাইলী প্ৰযুক্তি বহুখিনি আগবাঢ়ি গৈছে সেয়েহে প্ৰথম পদক্ষেপ হিচাপে অহা এবছৰৰ ভিতৰত তেওঁলোকৰ প্ৰযুক্তি ব্যৱহাৰ কৰি অসমত কেনেকৈ কাম কৰিব পাৰি লগতে তাৰ পৰা অভিজ্ঞ ব্যক্তিৰ দ্বাৰা প্ৰশিক্ষণ প্ৰদান কৰি খিলঞ্জীয়াসকলক উন্নতি শিখৰলৈ আগুৱাই লৈ যাব পাৰি তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৷"

আজিৰ এই অনুষ্ঠানত আই চি চি আইৰ সভাপতি দিলীপ শৰ্মা, মুখ্য আহ্বায়ক অনুপ চেতিয়া, এফ আই আই চি চিৰ মুৰব্বী ডেভিদ আশেকনাজীসহ কেইবাগৰাকী সদস্য উপস্থিত থাকে ।

উল্লেখ্য যে খিলঞ্জীয়া ব্যৱসায়ীসকলক সুৰক্ষা আৰু উন্নীতকৰণৰ বাবে 2021 বৰ্ষৰ ডিচেম্বৰ মাহত গঠন কৰা হৈছিল ‘ইণ্ডিজেনাছ চেম্বাৰ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীজ’ চমুকৈ আইচিচিআই (ICCI formed to protect and boost local businessmen)

লগতে পঢ়ক: Indigenous Tribal sahitya sabha Memorandum: চেমখৰ সন্দৰ্ভত ৰাষ্ট্ৰপতিলৈ স্মাৰকপত্ৰ প্ৰেৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.