ETV Bharat / state

ICC Cricket World Cup 2023 : গুৱাহাটী পালেহি এদিনীয়া বিশ্বকাপ ক্ৰিকেটৰ ট্ৰফী

author img

By ETV Bharat Assamese Team

Published : Sep 13, 2023, 8:02 PM IST

ICC Cricket World Cup 2023
আইচিচি এদিনীয়া বিশ্বকাপ ক্ৰিকেট

গুৱাহাটী পালেহি আইচিচি এদিনীয়া বিশ্বকাপ ক্ৰিকেটৰ ট্ৰফী ৷ বৰ্ষাপাৰাৰ চাউথ পইণ্ট স্কুলত পুৱাৰ ভাগৰ পৰা প্ৰদৰ্শনীৰ বাবে ট্ৰফীটো ৰাখি পিছত বৰ্ষাপাৰা ষ্টেডিয়ামলৈ লৈ যোৱা হয় ৷

আইচিচি এদিনীয়া বিশ্বকাপ ক্ৰিকেটৰ ট্ৰফী প্ৰদৰ্শন

গুৱাহাটী, ১৩ চেপ্টেম্বৰ : গুৱাহাটী পালেহি আইচিচি পুৰুষ এদিনীয়া বিশ্বকাপ ক্ৰিকেটৰ ট্ৰফী ৷ দুমাহযোৰা ১৯ খন দেশ ভ্ৰমণৰ পিছত বুধবাৰে মহানগৰীৰ বৰ্ষাপাৰালৈ লৈ অহা হয় ট্ৰফীটো ৷ বৰ্ষাপাৰাৰ চাউথ পইণ্ট স্কুলত পুৱাৰ ভাগৰ পৰা প্ৰদৰ্শনীৰ বাবে ট্ৰফীটো ৰাখি পিছত বৰ্ষাপাৰা ষ্টেডিয়ামলৈ লৈ যোৱা হয় ৷

ইয়াৰ পিছতে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ যুটীয়া সম্পাদক দেৱজিত লন শইকীয়াই এক সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলত অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈয়ো উপস্থিত থাকে ৷ আগন্তুক এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ পূৰ্বে হ’ব লগা প্ৰস্তুতি মেছ সম্পৰ্কে সংবাদমেল সম্বোধন কৰি ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ যুটীয়া সম্পাদক দেৱজিত লন শইকীয়াই কয় যে প্ৰস্তুতি মেচ অসমত বিশ্বৰ প্ৰায় মূল দলকেইটাই খেলিব ৷ এই খেলসমূহৰ টেলিকাষ্টো কৰা হ'ব ৷

তেওঁ ২৮ ছেপ্টেম্বৰৰ পৰা খেলুৱৈসকলৰ অনুশীলন আৰম্ভ হোৱাৰ কথা অৱগত কৰে ৷ আমিনগাঁও আৰু বৰ্ষাপাৰাত হ’ব অনুশীলন মেচ ৷ ২৮ ছেপ্টেম্বৰৰ পৰা ১ অক্টোবৰলৈ অনুশীলন কৰিব বিভিন্ন দলে ৷ ২৯ ছেপ্টেম্বৰত বাংলাদেশ আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ’ব প্ৰথমখন ৱাৰ্ম আপ মেচ ৷

লগতে ৩০ ছেপ্টেম্বৰত ভাৰত বনাম ইংলেণ্ড, ২ অক্টোবৰ ইংলেণ্ড বনাম বাংলাদেশ আৰু ৩ অক্টোবৰ নিউজিলেণ্ড বনাম দক্ষিণ আফ্ৰিকাৰ মাজত অনুস্থিত হ’ব ৱাৰ্ম আপ মেচ ৷ লগতে শইকীয়াই সংবাদমেলত কয় যে এই খেলসমূহ ৰাইজে কম মূল্যতে টিকত কাটি চাব পাৰিব ৷ ইতিমধ্যে ৱাৰ্ম আপ মেচৰ টিকট বিক্ৰী book.my show ৰ জৰিয়তে কেইবাটাও পৰ্যায়ত এৰি দিয়া হৈছে বুলি জানিবলৈ দিয়ে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ যুটীয়া সম্পাদক দেৱজিত লন শইকীয়াই ৷

লগতে পঢ়ক : Asia Cup 2023 : শ্ৰীলংকাক 41 ৰাণত পৰাস্ত কৰি দশম বাৰৰ বাবে এছিয়া কাপৰ ফাইনেলত ভাৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.