ETV Bharat / state

Earthquake in Assam : ভূটানৰ উচ্চ ভূকম্পন প্ৰৱণ এলেকাতে নিৰ্মাণ জলবিদ্যুৎ প্ৰকল্প: অসমৰ বিপদ অৰ্নিবাৰ্য

author img

By

Published : Jul 16, 2022, 6:24 PM IST

Flood in Assam 2022
ভূটানৰ উচ্চ ভূকম্পন প্ৰৱণ এলেকাতে নিৰ্মাণ জলবিদ্যুৎ প্ৰকল্প

আকৌ নদীবান্ধৰ প্ৰসংগ ৷ নামনি অংশত থকা অসমবাসীৰ সুৰক্ষাৰ বিষয়ক সমূলি অবজ্ঞা কৰি ভূটানে তাৰ ভূইকঁপ প্ৰৱণ অঞ্চলতে নিৰ্মাণ কৰিছে এটাৰ পাচত আনটো নদীবান্ধ (Bhutan constructed big dams in highly seismic zone)। তাকে লৈ সম্প্ৰতি পোহৰলৈ আহিছে নতুন নতুন তথ্য ।

গুৱাহাটী, ১৬ জুলাই : চুবুৰীয়া ৰাষ্ট্ৰ ভূটানে তাৰ পাহাৰীয়া অঞ্চলত নিৰ্মাণ কৰা নদীবান্ধৰ পানীয়ে অসমত সৃষ্টি কৰা বান পৰিস্থিতি ক্ৰমাৎ অধিক ভয়াবহ হৈ পৰাৰ আশংকা অধিক ঘনীভূত হৈ পৰিছে । বাৰিষাৰ সময়ত বান্ধৰ হ্ৰদত জমা হোৱা অতিৰিক্ত পানী এৰি দিয়াৰ ফলত বিগত ১৮ জুনৰ পৰা নামনি অসমৰ এঘাৰখন জিলাত কি পৰ্যায়ত বান পৰিস্থিতিৰ সৃষ্টি হ’ল সেয়া সকলোৰে অবগত (Flood in Assam 2022) ।

ইয়াকে লৈ বানপীড়িত ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হোৱাৰ লগতে এনে আচৰণৰ বাবে ভূটানক জবাবদিহি কৰাৰ বাবে জনমতৰো সৃষ্টি হৈছিল । কিন্তু এই জনমতক অসম তথা ভাৰত চৰকাৰে কোনো গুৰুত্ব প্ৰদান নকৰিলে । এনে এক পৰিস্থিতিৰ মাজতে শেহতীয়াকৈ পোহৰলৈ আহিছে এক নতুন তথ্য ৷

Flood in Assam 2022
ভূটানৰ উচ্চ ভূকম্পন প্ৰৱণ এলেকাতে নিৰ্মাণ জলবিদ্যুৎ প্ৰকল্প

সেই তথ্য অনুসৰি, ভূটানত নিৰ্মিত আৰু নিৰ্মিয়মান নদীবান্ধসমূহৰ স্থান হৈছে অতি উচ্চহাৰৰ ভূকম্পন প্ৰৱণ অঞ্চলত ।

তথ্য অনুসৰি, ভূটানৰ পৰ্বতমালা যে এছিয়াৰ অন্যতম ভূকম্পন প্ৰৱণ অঞ্চলৰ অন্তৰ্গত সেই কথা স্পষ্ট হৈ পৰিছিল ‘‘গ্লবেল ছেছমিক হাজাৰ্ড এছেছমেন্ট প্ৰগ্ৰাম ইন কনটিনেন্টেল এছিয়া’’ (JSHACS) শীৰ্ষক প্ৰকল্পৰ প্ৰতিবেদনত । এই কামত নিয়োজিত আছিল ভাৰতৰ পুনেস্থিত ভূকম্পন গৱেষণা সংস্থা ‘‘এমেছাৰ ছেছমিক চেন্টাৰ’’ ।

পৰৱৰ্তী সময়ত আছিয়ান ডেভেলপমেন্ট বেংক (ADB), জাপান ইন্টাৰনেছনেল কোঅপাৰেছন এজেন্সি (জাইকা) আদিয়ে এই সংস্থাৰ তথ্যকে বিভিন্ন নিজাববীয়া অধ্যয়নত সংযোজিত কৰি আহিছে । এই অধ্যয়নৰ প্ৰতিবেদনে আঙুলিয়াই দিছিল যে, প্ৰায় ৩৯ হাজাৰ বৰ্গ কিলোমিটাৰ জোৰা ভূটানৰ পাহাৰ আৰু সমভূমি উভয়েই এচিয়া মহাদেশৰ উচ্চ হাৰৰ ভূকম্পন প্ৰৱণ এলেকাৰ অন্তৰ্গত (Hydro power plant constructed in high seismic prone area of Bhutan) ।

লগতে পঢ়ক : BJP joining in Assam: গেৰুৱা হ'ল কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি

মূলতঃ পাহাৰ আৰু খৰস্ৰোতা নদী উপত্যকাৰে আবৰা এই অঞ্চলত প্ৰায়েই ভূকম্পৰ জোকাৰণি অনুভূত হৈ থাকে । ইতিমধ্যে এই অঞ্চলসমূহত ইটোৰ পিছত সিটোকৈ গঢ়ি উঠিছে জলবিদ্যুৎ প্ৰকল্পৰ নদীবান্ধসমূহ (Bhutan constructed big dams in highly seismic zone)। উল্লেখ্য যে এনে আশংকাৰ কথা স্পষ্ট হৈ থকাৰ পিছতো ভূটান আৰু ভাৰত চৰকাৰে মিলি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ কাম ক্ষীপ্ৰ গতিত আগবঢ়াই নিয়াৰ আঁৰত আছিল‌ কেৱল দুয়ো দেশৰ ব্যবসায়িক লাভালাভৰ অংক ।

ভূটানৰ কেইবাটাও জলবিদ্যুৎ প্ৰকল্পৰ DPR প্ৰস্তুত কৰাৰ কামত নিয়োজিত আছিল ভাৰত চৰকাৰৰে সংস্থা 'ৱাপকছ' । আছিয়ান ডেভেলপমেন্ট বেংকৰ সাহায্যত প্ৰস্তুত হোৱা এক প্ৰতিবেদনত এই কথা স্পষ্ট কৈ উল্লেখ কৰা হৈছে । চুবুৰীয়া দেশখনত ভাৰত চৰকাৰে কিদৰে পৰ্যায়ক্ৰমে জলবিদ্যুৎ প্ৰকল্প ৰূপায়ণৰ বাবে বৃহৎ পৰিমাণৰ বিনিয়োগ কৰিছে তাৰ তথ্যও এই প্ৰতিবেদনত উল্লেখ আছে ।

আনহাতে, ভূটানৰ ভূকম্পন প্ৰৱণ এলেকাতে জলবিদ্যুৎ প্ৰকল্পৰ ৰূপায়ণৰ বিষয়টো গাপ দি ৰখাৰ বাবেই জলবিদ্যুৎ প্ৰকল্পৰ কোনো DPR তে নামনি অংশৰ ৰাইজে যিকোনো মূহুৰ্ততে সন্মুখীন হ'ব পৰা ভয়াবহ ভৱিষ্যতৰ কথা উল্লেখ কৰা হোৱা নাই । অতি কৌশলেৰে এৰাই চলা হৈছে এই বিষয়টো । অথচ জলবিদ্যুৎ প্ৰকল্পসমূহ ৰূপায়িত হৈছে মানস, সোণকোষ আদি তিব্বত-ভূটান-ভাৰত সংযোগী নদী উপত্যকাতে ।

তথ্য অনুসৰি কেৱল 'জাইকা'ৰ দ্বাৰা ২০১৯ চনত প্ৰস্তুত হোৱা ‘‘পাৱাৰ চিষ্টেম মাষ্টাৰ প্লেন ২০৪০ অন ভূটান’’ত আঙুলিয়াই দিয়া হৈছে (৩.২.২) যে ভূটানৰ নদীসমূহৰ উজনিত জলবিদ্যুৎ প্ৰকল্প ৰূপায়ণৰ সময়ত কোনো নামনি অংশৰ ক্ষতিৰ বিষয়ে প্ৰণালীবদ্ধ অধ্যয়ন হোৱা নাই । গতিকে তাত ‘‘স্ট্ৰেটেজিক ইম্পেক্ট এছেছমেন্ট’’ (এছ আই এ) ৰ প্ৰয়োজন আছে ।

লগতে পঢ়ক : Fire in Guwahati: ভঙাগড়ত ভয়ংকৰ অগ্নিকাণ্ড, এগৰাকী মহিলাৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.