ETV Bharat / state

HSLC exam 2023 : ১ এপ্ৰিলত অনুষ্ঠিত হ'ব মেট্ৰিকৰ অসমীয়া পৰীক্ষা

author img

By

Published : Mar 17, 2023, 4:12 PM IST

HSLC exam 2023
১ এপ্ৰিলত অনুষ্ঠিত হ'ব মেট্ৰিকৰ অসমীয়া পৰীক্ষা

অহা ১ এপ্ৰিলত অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অসমীয়া বিষয়ৰ পৰীক্ষা (HSLC Assamese exam)। ১৮ মাৰ্চত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে পৰীক্ষা বাতিল হৈছিল । শুকুৰবাৰে ছেবা আৰু শিক্ষামন্ত্ৰীয়ে পৰীক্ষা সম্পৰ্কে জনাইছে এই কথা ।

গুৱাহাটী,১৭ মাৰ্চ : অহা ১ এপ্ৰিলত অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অসমীয়া বিষয়ৰ পৰীক্ষা (HSLC Assamese exam 2023)। শুকুৰবাৰে ছেবাই এই কথা ঘোষণা কৰিলে । ১৮ মাৰ্চত হ'বলগীয়া MIL/ইংৰাজী (IL)ৰ বাতিল হোৱা পৰীক্ষা ১ এপ্ৰিলত অনুষ্ঠিত হ'ব বুলি জনাইছে ছেবা কৰ্তৃপক্ষই । টুইটাৰযোগে এই কথা জনালে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ।

উল্লেখ্য যে বৃহস্পতিবাৰে নিশা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে MILৰ পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্তৰ কথা ছ'চিয়েল মিডিয়াযোগে সদৰি কৰিছিল । লগতে পৰীক্ষাৰ নতুন দিন শীঘ্ৰে ঘোষণা কৰা হ'ব বুলিও কোৱা হৈছিল (HSLC Assamese exam to held in 1 April)। শুকুৰবাৰে ছেবাই ঘোষণা কৰে এই পৰীক্ষাৰ নতুন তাৰিখ । উল্লেখ্য যে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাক লৈ সৰ্বত্ৰে প্ৰতিবাদ হৈ আছে । সদনৰ মজিয়াটো এই বিষয়ক লৈ বিৰোধী উত্তাল হৈ পৰে ।

প্ৰথমে বিজ্ঞান পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল আৰু এইবাৰ অসমীয়া পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ লগে লগে ৰাজ্যজুৰি ব্যাপক আন্দোলনৰ সৃষ্টি হৈছে (HSLC question paper leaked)। বিভিন্ন জিলাত ছেবা আৰু শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ হোৱা দেখা গৈছে । ইফালে প্ৰশ্নকাকত ফাদিল গোচৰটোক লৈ চিআইডিৰ তদন্ত অব্যাহত আছে ।

ইতিমধ্যে ঘটনা সন্দৰ্ভত চিআইডিয়ে কেইবাজনকো লোকক গ্ৰেপ্তাৰ কৰিছে (CID arrests on question paper leak case)। চিআইডিয়ে আটক কৰা দুই শিক্ষাৰ্থীয়ে অসমীয়া প্ৰশ্নকাকত ফাদিল কৰাৰ কথা স্বীকাৰ কৰিছিল । শিক্ষক দুগৰাকীৰ স্বীকাৰোক্তিৰ ভিত্তিতে অসমীয়া পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ সিদ্ধান্ত লোৱা হৈছিল ।

ইফালে ৰাজ্যৰ ভিন্ন প্ৰান্তত দল-সংগঠনসমূহে ছেবা আৰু অসম চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে (Protest on question paper leak issue)। বছৰত এটা মাত্ৰ পৰীক্ষা সুকলমে পাতিব নোৱাৰা ছেবাক তীব্ৰ গৰিহণা প্ৰদান কৰিছে প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক :HSLC Question paper leak: হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অসমীয়া বিষয়ৰ পৰীক্ষা বাতিল, মুখ্যমন্ত্ৰীৰ টুইটযোগে ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.