ETV Bharat / state

HS result commerce: বাণিজ্য শাখাত শীৰ্ষ 10 স্থানত 14 গৰাকী পৰীক্ষাৰ্থী

author img

By

Published : Jun 6, 2023, 9:36 AM IST

Updated : Jun 6, 2023, 12:04 PM IST

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিকৰ ফলাফল (HS results 2023) ৷ বাণিজ্য শাখাৰ ফলাফল জানি লওক-

HS result
উচ্চতৰ মাধ্যমিকৰ ফলাফল

নিউজ ডেস্ক, 6 জুন : অৱশেষত অন্ত পৰিল প্ৰতীক্ষাৰ ৷ বহু জল্পনা-কল্পনাৰ অন্তত ঘোষণা হ’ল উচ্চতৰ মাধ্যমিকৰ ফলাফল ৷ বাণিজ্য শাখাত প্ৰথম দহটা স্থানত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে মুঠ 14 গৰাকী শিক্ষাৰ্থীয়ে ৷ স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ তালিকা- (First ten positions in commerce stream)-

*সৰ্বমুঠ 500 নম্বৰৰ ভিতৰত 472 নম্বৰ লাভ কৰি প্ৰথম স্থান দখল কৰিছে কে চি দাস কমাৰ্চ কলেজ, কামৰূপ মেট্ৰ’ৰ বৰ্ষা বোথৰা আৰু মালয়বাৰী চিনিয়ৰ চেকেণ্ডাৰী স্কুল, কামৰূপ মেট্ৰ’ৰ সুকন্যা কুমাৰে ৷

*471 নম্বৰৰে দ্বিতীয় স্থানত আছে নগাঁৱৰ শংকৰদেৱ চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ জিলিক শ্বিল ৷

*468 নম্বৰ লাভ কৰি তৃতীয় স্থান দখল কৰিছে হাইলাকান্দিৰ পেৰামাউণ্ট চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ জাহাংগীৰ আলম চৌধুৰীয়ে ৷

লগতে পঢ়ক : Assam HS result 2023 : কলা শাখাৰ শীৰ্ষ স্থানত আছে সংকল্পজিৎ শইকীয়া

*চল্ট ব্ৰুক একাডেমী (উচ্চতৰ মাধ্যমিক বিদ্যালয়), ডিব্ৰুগড়ৰ সূৰ্য জৈনে 467 নম্বৰ লাভ কৰি দখল কৰিছে চতুৰ্থ স্থান ৷

*দ্ৰোণাচাৰ্য একাডেমী (উচ্চতৰ মাধ্যমিক বিদ্যালয়),বৰপেটাৰ পৰা 466 নম্বৰেৰে পঞ্চম স্থানত আছে কেচিকা জৈন ৷

*যোৰহাট চি কে বি কমাৰ্চ কলেজৰ পৰা 465 নম্বৰ লাভ কৰি ষষ্ঠ স্থান দখল কৰিছে নন্দিতা দাসে ৷

*464 নম্বৰ লাভ কৰি সপ্তম স্থানত আছে মহিলা মহাবিদ্যালয়, তিনিচুকীয়াৰ স্মৃতি ঠাকুৰ ৷

*462 নম্বৰ লাভ কৰি চাৰি গৰাকীকৈ শিক্ষাৰ্থীয়ে লাভ কৰিছে অষ্টম স্থান

  • ঋষিতা শৰ্মা, চল্ট ব্ৰুক একাডেমী (উচ্চতৰ মাধ্যমিক বিদ্যালয়), ডিব্ৰুগড় ৷
  • ইউনুছ আনচাৰী, মৰাণ চিনিয়ৰ চেকেণ্ডাৰী স্কুল, ডিব্ৰুগড় ৷
  • ৰিফা অন্তৰা আহমেদ, ইনষ্টিটিউশ্যনেল প্ৰাইভেট ৷
  • কুনাল জ্যোতি বৈশ্য, নলবাৰী কমাৰ্চ কলেজ, নলবাৰী ৷

*461 নম্বৰেৰে নৱম স্থানত আছে উন্নিতা গোস্বামী, শ্ৰীমন্ত শংকৰ একাডেমী (চিনিয়ৰ চেকেণ্ডাৰী স্কুল), কামৰূপ (মেট্ৰ')

*460 নম্বৰেৰে দশম স্থানত দীপিকা আগৰৱাল, ইনষ্টিটিউশ্যনেল প্ৰাইভেট

উল্লেখ্য যে, এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সৰ্বমুঠ ৩ লাখ ৪২ হাজাৰ ৮৬৯ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল ।ইয়াৰে কলা শাখাত অৱতীৰ্ণ হৈছিল ২ লাখ ৭২ হাজাৰ ৫২৯ গৰাকী শিক্ষাৰ্থী, বিজ্ঞান শাখাত অৱতীৰ্ণ হৈছিল ৪৭ হাজাৰ ৪৮৫ গৰাকী শিক্ষাৰ্থী আৰু বাণিজ্য শাখাত অৱতীৰ্ণ হৈছিল ১৫ হাজাৰ ১৯৯ গৰাকী শিক্ষাৰ্থী । ৰাজ্যৰ মুঠ ৮৫৬ টা কেন্দ্ৰত অনুষ্ঠিত হৈছিল এইবাৰৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ।

লগতে পঢ়ক : HS Results 2023: বিজ্ঞান শাখাত শীৰ্ষ 10 স্থানত কোন কোন ?

Last Updated : Jun 6, 2023, 12:04 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.