ETV Bharat / state

তিনিবাৰ সলনি কৰা হ'ল উচ্চতৰ মাধ্যমিকৰ নামভৰ্তিৰ সময়সীমা

author img

By

Published : Sep 15, 2021, 3:51 PM IST

hs admission date
তিনিবাৰ সলনি কৰা হ'ল উচ্চতৰ মাধ্যমিকৰ নামভৰ্তিৰ সময়সীমা

পৰীক্ষা অবিহনে বিকল্প মূল্যায়ন ব্যৱস্থাৰে ফলাফল ঘোষণা কৰাত মেট্রিকত অভিলেখ সংখ্যক ছাত্র-ছাত্রী উত্তৰ্ণী হোৱাৰ পাছত প্রয়োজনীয় আসনৰ জোৰা মৰাত ব্যৰ্থ হৈছে শিক্ষা বিভাগ । ২৭, ২৮ ছেপ্টেম্বৰৰ ভিতৰত সম্পূর্ণ হ'ব লাগিব উচ্চতৰ মাধ্যমিক প্রথম বর্ষৰ নামভর্তি । নামভৰ্তিৰ ক্ষেত্ৰত ছেবা আৰু সংসদৰ ছাত্ৰ-ছাত্ৰীৰ বাবে কলেজসমূহক ৭৫ শতাংশ আসন সংৰক্ষণৰ বাবে পূৰ্বে দিয়া নিৰ্দেশ প্ৰত্যাহাৰ কৰি ২৫ শতাংশ কৰা হৈছে ।

গুৱাহাটী,১৫ ছেপ্টেম্বৰ : নামভর্তি প্রক্রিয়া একপ্রকাৰ প্রহসনত পৰিণত হৈছে । উচ্চতৰ মাধ্যমিক প্রথম বর্ষত (Higher secondary First year) নামভর্তিৰ সময়সীমা বাৰে বাৰে সলনি কৰাক লৈ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । পৰীক্ষা অবিহনে বিকল্প মূল্যায়ন ব্যৱস্থাৰে ফলাফল ঘোষণা কৰাত মেট্রিকত (HSLC) অভিলেখ সংখ্যক ছাত্র-ছাত্রী উত্তৰ্ণী হোৱাৰ পাছত প্রয়োজনীয় আসনৰ জোৰা মৰাত যেন ব্যৰ্থ হৈছে শিক্ষা বিভাগ ।

hs admission date
তিনিবাৰ সলনি কৰা হ'ল উচ্চতৰ মাধ্যমিকৰ নামভৰ্তিৰ সময়সীমা

লেহেমীয়া নামভর্তি প্রক্রিয়াই সেই কথা স্পষ্টকৈ প্ৰতীয়মান কৰিছে । উল্লেখ্য যে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ 'দৰ্পন পর্টেল'ৰ (Darpan Portal) জৰিয়তে নামভর্তিৰ পদক্ষেপ লোৱা হৈছে । শিক্ষা সংসদে ৮-১২ ছেপ্টেম্বৰৰ ভিতৰত উচ্চতৰ মাধ্যমিক প্রথম বর্ষত নামভর্তি সম্পন্ন কৰিবলৈ সময়সীমা বান্ধি দিছিল । কিন্তু কার্যতঃ সেয়া সম্ভৱ নহ'ল ।

নতুনকৈ শিক্ষা সংসদে পুনৰ নামভর্তিৰ সময়সীমা বান্ধি দিছে । শিক্ষা সংসদে জাৰি কৰা জাননী অনুসৰি ২৭-২৮ ছেপ্টেম্বৰৰ ভিতৰত সম্পূর্ণ হ'ব লাগিব উচ্চতৰ মাধ্যমিক প্রথম বর্ষৰ নামভর্তি । ছাত্র-ছাত্রীৰ বাছনি তালিকা আৰু অপেক্ষাৰত তালিকা (ৱেটিং লিষ্ট) শিক্ষানুষ্ঠানসমূহে ২৩ আৰু ২৪ ছেপ্টেম্বৰৰ ভিতৰত সম্পূর্ণ কৰিব লাগিব ।

দৰ্পন পর্টেলত ২৫ ছেপ্টেম্বৰত এই তালিকা উপলব্ধ হ'ব । ছাত্র-ছাত্রীসকলে যিখন শিক্ষানুষ্ঠানত নামভর্তিৰ বাবে বাছনিকৃত হ'ব সেই শিক্ষানুষ্ঠানৰ পৰা ছাত্র-ছাত্রীলৈ প্রেৰণ কৰা হ'ব এছ এম এছ (SMS) । শিক্ষা সংসদে পুনৰবাৰ স্পষ্ট কৰি দিছে যে প্রতিখন শিক্ষানুষ্ঠানে দর্পন পর্টেলৰ জৰিয়তে নামভর্তি সম্পন্ন কৰিব লাগিব । ইয়াৰ পূর্বে ৬ ছেপ্টেম্বৰৰ ভিতৰত বাছনি তালিকা সম্পূর্ণ কৰি ১২ ছেপ্টেম্বৰৰ ভিতৰত নামভর্তি প্রক্রিয়া সম্পূর্ণ হোৱাৰ কথা আছিল ।

hs admission date
তিনিবাৰ সলনি কৰা হ'ল উচ্চতৰ মাধ্যমিকৰ নামভৰ্তিৰ সময়সীমা

প্ৰণিধানযোগ্য যে শেহতীয়া নির্দেশনাকে ধৰি উচ্চতৰ মাধ্যমিক প্রথম বর্ষত নামভর্তিৰ বাবে মুঠ ৩ বাৰ সময়সীমা নির্ধাৰণ কৰা হ'ল । প্রথম দুবাৰ নির্ধাৰিত সময়ত নামভর্তি প্রক্রিয়া সম্পন্ন নোহোৱাত এতিয়া ২৮ ছেপ্টেম্বৰৰ ভিতৰত এয়া সম্ভৱ হ'ব নে নাই সেয়া প্রশ্নৰ বিষয় । মেট্রিকত উত্তীর্ণ অতিৰিক্ত ৮০ হাজাৰ শিক্ষার্থীৰ নামভর্তিত প্রধান অন্তৰায় হৈ পৰিছে আসনৰ অভাৱৰ বিষয়টো । এই সমস্যা আঁতৰ কৰিবলৈ বিভিন্ন পন্থা অৱলম্বন কৰিও শিক্ষা বিভাগ অদ্যপি সফল হোৱা নাই ।

যাৰবাবে হয়টো পৰ্টেলত পঞ্জীয়নৰ জৰিয়তে নামভর্তিৰ বিকল্প উপায় উলিয়াবলৈ শিক্ষা বিভাগ বাধ্য হৈছে । তৎস্বত্বেও সময়মতে হোৱা নাই নামভৰ্তি । ইফালে যিসকল ছাত্র-ছাত্রীয়ে এতিয়াও দৰ্পন পর্টেলত পঞ্জীয়ন কৰা নাই সেইসকলৰ বাবে ২০ ৰ পৰা ২২ ছেপ্টেম্বৰলৈ পর্টেল পুনৰ খুলি দিয়া হ'ব বুলি শিক্ষা সংসদে জনাইছে । ইফালে পূৰ্বৰ সিদ্ধান্ত সলনি কৰিছে শিক্ষা বিভাগে ।

নামভৰ্তিৰ ক্ষেত্ৰত ছেবা (SEBA) আৰু সংসদৰ ছাত্ৰ-ছাত্ৰীৰ বাবে কলেজসমূহক ৭৫ শতাংশ আসন সংৰক্ষণৰ যি নিৰ্দেশ দিছিল সেয়া প্ৰত্যাহাৰ কৰিছে । ৰাজ্যৰ উচ্চ শিক্ষা সঞ্চালকালয়ে শেহতীয়াকৈ জাৰি কৰা জাননীত অতিৰিক্তভাৱে মহাবিদ্যালয়সমূহত উচ্চতৰ মাধ্যমিক আৰু স্নাতক শ্ৰেণীত বৃদ্ধি কৰা ২৫ শতাংশ আসন কেৱল ছেবা আৰু কাউন্সিলৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সংৰক্ষিত থাকিব বুলি উল্লেখ কৰা হৈছে । উল্লেখ্য যে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে পূৰ্বে মহাবিদ্যালয়সমূহৰ ৭৫ শতাংশ আসন কেৱল ছেবা আৰু সংসদৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সংৰক্ষিত থাকিব বুলি ঘোষণা কৰিছিল । ইয়াৰ ফলত ছেবা, চি বি এছ ই (CBSE) আৰু শিক্ষা সংসদৰ অধীনত উত্তীৰ্ণৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বৈষম্যৰ সৃষ্টি হৈছিল ।

কিন্তু উচ্চ শিক্ষা সঞ্চালকালয়ৰ শেহতীয়া জাননীয়ে এই বৈষম্য দূৰ কৰিলে । উল্লেখ্য যে শিক্ষা বিভাগৰ সঘনে সলনি হৈ থকা জাননীসমূহে বহু সময়ত ছাত্ৰ-ছাত্ৰীসকলকো বিপদত পেলাইছে । ইফালে মাছুল ৰেহাইৰ সন্দৰ্ভত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ক্ষেত্ৰত কোনো পৃথক জাননী জাৰি কৰা নাই শিক্ষা বিভাগে ।

বি পি এল পৰিয়ালৰ শিক্ষাৰ্থীৰ বিনামূলীয়া নামভৰ্তিৰ কথা ঘোষণা কৰিছে শিক্ষা বিভাগে । কিন্তু পৰিচয়পত্ৰ, আভ্যন্তৰীণ পৰীক্ষা, বিদ্যালয় সপ্তাহ আদিৰ ক্ষেত্ৰত হায়াৰ ছেকেণ্ডাৰীৰ ছাত্ৰ-ছাত্ৰীৰ মাচুল ৰেহাই হ'ব নে নাই, সেই কথাও স্পষ্ট হোৱা নাই ।

লগতে পঢ়ক :অনুত্তীৰ্ণ শিক্ষাৰ্থীৰ প্ৰতিবাদেৰে উত্তাল হোজাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.