অনুত্তীৰ্ণ শিক্ষাৰ্থীৰ প্ৰতিবাদেৰে উত্তাল হোজাই

author img

By

Published : Sep 15, 2021, 12:19 PM IST

students protest in hojai

হাইস্কুল শিক্ষান্ত পৰীক্ষাত(HSLC Exam) অনুত্তীৰ্ণ শিক্ষাৰ্থীসকলৰ প্ৰতিবাদ ৷ প্ৰতিবাদত উত্তাল হোজাইৰ 54 নং ৰাষ্ট্ৰীয় ঘাইপথ ৷ প্ৰতিবাদৰ জৰিয়তে অনুত্তীৰ্ণ শিক্ষাৰ্থীসকলক উত্তীৰ্ণ কৰোৱাৰ বাবে শিক্ষা বিভাগক(Education Department) দাবী জনায় প্ৰতিবাদী শিক্ষাৰ্থীসকলে ৷

হোজাই, 15 ছেপ্তেম্বৰ : এইবাৰ শিক্ষা বিভাগৰ(Education Department) বিৰুদ্ধে ক্ষোভ উজাৰিছে হাইস্কুল শিক্ষান্ত পৰীক্ষাত(HSLC Exam) অনুত্তীৰ্ণ শিক্ষাৰ্থীসকলে ৷ হোজাইৰ ৰাজপথত মঙলবাৰে মেট্ৰিকত অনুত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

students protest in hojai
মেট্ৰিকত অনুত্তীৰ্ণ শিক্ষাৰ্থীৰ উত্তাল প্ৰতিবাদ

শংকৰদেৱ নগৰৰ 54 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তিনি শতাধিক ছাত্ৰ-ছাত্ৰীয়ে সাব্যস্ত কৰে এই প্ৰতিবাদ । ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ ফলত আৱদ্ধ হৈ পৰে বহু কেইখন সৰু-বৰ গাড়ী । প্ৰায় দুঘণ্টা সময় ধৰি পথ অৱৰোধ কৰে শিক্ষাৰ্থীসকলে ৷

students protest in hojai
মেট্ৰিকত অনুত্তীৰ্ণ শিক্ষাৰ্থীৰ উত্তাল প্ৰতিবাদ

আনকি প্ৰতিবাদস্থলীতে ঢলি পৰে এগৰাকী ছাত্ৰী ৷ চেবা হায় হায়, অসম চৰকাৰ হায় হয়, আমাক উত্তীৰ্ণ কৰাই দিয়ক, আমাৰ দাবী মানিবই লাগিব আদি বিভিন্ন শ্ল’গানেৰে ৰাজপথ উত্তাল কৰি তোলে প্ৰতিবাদী শিক্ষাৰ্থীসকলে । হোজাই, লংকা, লামডিং অঞ্চলৰ কেইবাখনো বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে প্ৰতিবাদত অংশ লৈ চৰকাৰ-প্ৰশাসনৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ৷

students protest in hojai
মেট্ৰিকত অনুত্তীৰ্ণ শিক্ষাৰ্থীৰ উত্তাল প্ৰতিবাদ

চলিত বৰ্ষত মূল্যাংকন পদ্ধতিৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ(HSLC Exam) ফলাফল ঘোষণা কৰাৰ পাচৰ পৰাই ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ মাজত সৃষ্টি হৈছে এক হাহাকাৰ সদৃশ পৰিৱেশৰ ৷ পৰীক্ষাৰ ফলাফল আহিল ঠিকেই, কিন্তু উচ্চ শিক্ষাৰ নামভৰ্তিৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হৈছে শিক্ষাৰ্থীসকলৰ মাজত ৷ ইফালে অনুত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলেও উত্তীৰ্ণ কৰাৰ দাবীৰে চৰকাৰ কিম্বা শিক্ষা বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে ৷

students protest in hojai
মেট্ৰিকত অনুত্তীৰ্ণ শিক্ষাৰ্থীৰ উত্তাল প্ৰতিবাদ

লগতে পঢ়ক: বেংকৰ সেৱা লাভৰ পৰা বঞ্চিত লক্ষাধিক জনতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.