ETV Bharat / state

Assam Lok Sabha MPs in Parliament : কোন কিমান সক্ৰিয়, কোন নিমাতী কইনা ?

author img

By

Published : Nov 25, 2021, 1:03 PM IST

ৰাজধানী দিল্লীত বহা সংসদ(Parliament)ত সপ্তদশ লোকসভালৈ নিৰ্বাচিত হোৱা অসমৰ 14 গৰাকী সাংসদে(MP) যথাযতভাৱে উত্থাপন কৰে নে অসমৰ বিষয় তথা সমস্যাসমূহ ? বিগত আঢ়ৈ বছৰত এতিয়ালৈকে কোনগৰাকী অসমৰ লোকসভা(Assam Lok Sabha MPs)ৰ সাংসদে কিমানবাৰ সংসদত ভাগ লৈছে আৰু কিমানটা প্ৰশ্ন সংসদত উত্থাপন কৰিছে ? জানো আহক তাৰ সংক্ষিপ্তকৰণ...

activity of assam lok sabha mp in parliament
সংসদত অসমৰ লোকসভাৰ সাংসদৰ কাৰ্যকলাপ

গুৱাহাটী, 25 নৱেম্বৰ : সপ্তদশ লোকসভালৈ নিৰ্বাচিত হোৱা অসমৰ 14 গৰাকী সাংসদে(MP) আচলতে দিল্লীত কৰে কি‌ ! সংসদত অসমৰ বিষয়সমূহ অথবা অসমৰ সমস্যাসমূহ যথাযতভাৱে উত্থাপন কৰে নে অসমৰ লোকসভাৰ সাংসদ(Assam Lok Sabha MP)সকলে ? নে নিমাতী কইনাৰ ৰূপত কেৱল সংখ্যা বঢ়োৱাৰ স্বাৰ্থতেই তেওঁলোকে সংসদ(Parliament)ত উপস্থিত থাকে ?

শাসক‌ দলৰেই হওক বা বিৰোধী পক্ষৰে হওক, এই 14 গৰাকী সাংসদে প্ৰকৃততে বিগত আঢ়ৈ বছৰে লোকসভাৰ মজিয়াত কেনে ভূমিকা পালন কৰিছে সেইখিনি মন কৰিলেই এই প্ৰশ্ন সমূহৰ উত্তৰ পোৱা যাব । বিগত আঢ়ৈ বছৰে সংসদত অসমৰ আটাইকেইগৰাকী সাংসদৰ ভিতৰত সবাতোকৈ সক্ৰিয় হিচাপে দেখা পোৱা সাংসদগৰাকী হ’ল বিজেপিৰ দিলীপ শইকীয়া(MP Dilip Saikia) ।

বিগত সময়চোৱাত তেওঁ সংসদত 145 টা প্ৰশ্ন উত্থাপন কৰাৰ উপৰিও ভিন ভিন বিষয়ত 20 টা বিতৰ্কত ভাগ লৈছে । বিগত আঢ়ৈ বছৰত তেওঁ আঠটা দৃষ্টি আকৰ্ষক বিষয়‌ সংসদত উত্থাপন কৰিছে । অৱশ্যে সংসদত তেওঁৰ উপস্থিতিৰ হাৰ আন কেইবাগৰাকীও সাংসদতকৈ কম, মাত্ৰ 69 শতাংশ ।

ইয়াৰ বিপৰীতে কিন্তু বিজেপিৰ আন দুগৰাকী সাংসদ তপন গগৈ(MP Tapan Gogoi) আৰু প্ৰদান বৰুৱা(MP Pradan Baruah)ৰ সংসদত উপস্থিতিৰ হাৰ হৈছে ক্ৰমে 77 শতাংশ আৰু 73 শতাংশ । কিন্ত হ’লে কি হব ! সংসদত এই দুগৰাকী সাংসদৰ ভূমিকা তেনেই পুতৌ লগা আৰু নিস্ক্ৰীয় ।

দ্বিতীয়বাৰৰ বাবে সাংসদ হোৱা প্ৰদান বৰুৱাই যোৱা আঢ়ৈ বছৰে উত্থাপন কৰিছে মাত্ৰ দহটা প্ৰশ্ন । কিন্তু আজিকোপতি মাত এষাৰ সংসদত দি পোৱা নাই লখিমপুৰৰ এইগৰাকী সাংসদে । ঠিক নিমাতী কইনা বুলি ক’লেও ভুল কোৱা নহ’ব । একেদৰে যোৰহাটৰ সাংসদ তপন গগৈয়ে এতিয়ালৈকে উত্থাপন কৰিছে মাত্ৰ চাৰিটা প্ৰশ্নহে ।

মাত্ৰ তিনিটা বিতৰ্কত ভাগ লোৱা তপন গগৈয়ে এই পৰ্যন্ত তিনিটাহে দৃষ্টি আকৰ্ষক বিষয় সংসদত উত্থাপন কৰিবলৈ সক্ষম হৈছে । বিজেপিৰ আন এগৰাকী সাংসদ হৈছে ডিফুৰ হৰেনছিং বে’(MP Horen Sing Bey) । তেওঁ এতিয়ালৈকে সোধা প্ৰশ্নৰ সংখ্যা হ’ল মাত্ৰ 5 টা । বিতৰ্কত ভাগ লৈছে মাত্ৰ এবাৰ । দৃষ্টি আকৰ্ষক বিষয় উত্থাপন কৰিছে মাত্ৰ এটাহে ।

আনহাতে, বৰপেটাৰ কংগ্ৰেছ সাংসদ আব্দুল খালেকে(MP Abdul Khaleque) বিগত আঢ়ৈটা বছৰত সৰ্বমুঠ 138 টা প্ৰশ্ন উত্থাপন কৰাৰ লগতে 31 টা বিতৰ্কত ভাগ লৈছে । সংসদত দৃষ্টি আকৰ্ষক বিষয় উত্থাপন কৰিছে 13 টা । সংসদত খালেকৰ উপস্থিতিৰ হাৰ 87 শতাংশ ।

সেইদৰে নগাৱঁৰ কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈ(MP Pradyut Bordoloi)য়ে বিগত আঢ়ৈ বছৰত সংসদত প্ৰশ্ন উত্থাপন কৰিছে 100 টা । 10 টাকৈ বিতৰ্কত ভাগ লোৱা সাংসদ বৰদলৈয়ে এতিয়ালৈকে তিনিটা দৃষ্টি আকৰ্ষক বিষয় সংসদত তুলিছে । ইফালে বৰ্তমানলৈকে 34 টাকৈ বিতৰ্কত ভাগ লৈছে কলিয়াবৰৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ(MP Gaurav Gogoi)য়ে ।

তেওঁ সংসদত প্ৰশ্ন উত্থাপন কৰিছে 98 টা । 10 টাকৈ দৃষ্টি আকৰ্ষক বিষয়ো গৌৰৱ গগৈয়ে উত্থাপন কৰিছে সংসদত । ধুবুৰীৰ এ আই ইউ ডি এফৰ সাংসদ বদৰুদ্দিন আজমল(MP Badruddin Ajmal)ৰ সংসদত উপস্থিতি তেনেই পুতৌ লগা, মাত্ৰ 39 শতাংশ । আজমলে এতিয়ালৈকে সংসদত উত্থাপন কৰা প্ৰশ্নৰ সংখ্যা 113 টা । 12 টাকৈ বিতৰ্কতো ভাগ লৈছে আজমলে ।

কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়া(MP Naba Kumar Sarania)ই এই পৰ্যন্ত সংসদত 90 টা প্ৰশ্ন উত্থাপন কৰিছে আৰু এটা বিতৰ্কত ভাগ লৈছে । গুৱাহাটীৰ বিজেপি সাংসদ কুইন ওজা(MP Queen Oja)ই বিগত আঢ়ৈ বছৰত সংসদত প্ৰশ্ন তুলিছে 78 টা । তেওঁ ভাগ লৈছে 21 টা বিতৰ্কত ৷

শিলচৰৰ বিজেপি সাংসদ ডাঃ ৰাজদ্বীপ ৰয়ে(MP Rajdeep Roy) সংসদত এতিয়ালৈকে 27 টা প্ৰশ্ন উত্থাপন কৰাৰ লগতে 21 টা বিতৰ্কত ভাগ লৈছে । আন এগৰাকী বিজেপিৰ সাংসদ তেজপুৰৰ পল্লৱ লোচন দাসে(MP Pallab Lochan Das) এই পৰ্যন্ত 31 টা প্ৰশ্ন উত্থাপন কৰিছে সংসদত । তেওঁ বিতৰ্কত ভাগ লোৱা সংখ্যা হ’ল 11 টা । কৰিমগঞ্জৰ সাংসদ কৃপানাথ মাল্লা(MP Kripanath Mallah)ই বিগত আঢ়ৈ বছৰত সংসদত উত্থাপন কৰা প্ৰশ্নৰ সংখ্যা হৈছে 96 টা ৷

লগতে পঢ়ক : Former meghalaya CM mukul sangma joins TMC : 11 গৰাকী বিধায়কৰ সৈতে মুকুল চাংমাৰ TMC ত যোগদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.