ETV Bharat / state

Singapore Fellowship to Assam CM: মুখ্যমন্ত্ৰীক সন্মান দিব নালাগে বুলি ছিংগাপুৰলৈ পত্ৰ ভূপেন বৰাৰ !

author img

By ETV Bharat Assamese Team

Published : Sep 19, 2023, 2:04 PM IST

ভাৰতত থকা ছিংগাপুৰৰ দূতাবাসৰ জৰিয়তে ছিংগাপুৰ চৰকাৰলৈ পত্র প্ৰেৰণ কৰি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মালৈ আগবঢ়োৱা সন্মানীয় লী কুয়ান য়ু এক্সছেঞ্জ ফেল’শ্বিপ প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাব বুলি সদৰী কৰিছিল ভূপেন বৰাই । অৱশেষত মঙলবাৰে তেওঁ সামাজিক মাধ্যমযোগে লী কুয়ান য়ু স্কুল অব পাব্লিক পলিচীলৈ মুকলি পত্র প্ৰেৰণ কৰে ।

Singapore Fellowship to Assam CM
Singapore Fellowship to Assam CM

গুৱাহাটী, ১৯ ছেপ্টেম্বৰ : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ ছিংগাপুৰ চৰকাৰে আগবঢ়োৱা বিশেষ সন্মান প্ৰত্যাহাৰ কৰাৰ বাবে লী কুয়ান য়ু স্কুলৰ ডীনলৈ মুকলি পত্ৰ দিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই । আজি সামাজিক মাধ্যম X (পূৰ্বৰ টুইটাৰ) যোগে পত্ৰখন ৰাজহুৱা কৰিলে ভূপেন বৰাই । উল্লেখ্য যে ৰাজহুৱা সেৱা আৰু উন্নয়নত সমৰ্পিত নেতৃত্ব প্ৰদান কৰাৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ ছিংগাপুৰৰ সন্মানীয় লি কুয়ান য়ু এক্সছেঞ্জ ফেল’শ্বিপ আগবঢ়োৱা হৈছে । এই কথা মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে ১৭ ছেপ্টেম্বৰত বিবৃত্তি যোগে জনাইছিল । ইয়াৰ পাছতেই মুখ্যমন্ত্ৰীলৈ আগবঢ়োৱা এই সন্মানকলৈ অসন্তুষ্টি ব্যক্ত কৰিছিল ভূপেন বৰাই । আনকি তেওঁ এই সন্মান প্ৰত্যাহাৰ কৰাৰ বাবে ছিংগাপুৰ চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰাৰ কথা সদৰী কৰিছিল ।

  • OPEN LETTER TO LEE KUAN YEW SCHOOL OF PUBLIC POLICY

    Dear Dean @DannyQuah

    I am astounded by the Lee Kuan Yew School of Public Policy's decision to award the Lee Kuan Yew Exchange Fellowship to Assam Chief Minister Himanta Biswa Sarma.

    Lee Kuan Yew, the Father of Singapore, was…

    — Bhupen kumar Borah (@BhupenKBorah) September 19, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ভাৰতত থকা ছিংগাপুৰৰ দূতাবাসৰ জৰিয়তে ছিংগাপুৰ চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আগবঢ়োৱা সন্মানীয় লী কুয়ান য়ু এক্সছেঞ্জ ফেল’শ্বিপ প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাব বুলি সদৰি কৰিছিল । অৱশেষত আজি তেওঁ সামাজিক মাধ্যম যোগে লী কুয়ান য়ু স্কুল অব পাব্লিক পলিচীলৈ মুকলি পত্ৰ প্ৰেৰণ কৰে ।

তেওঁ স্কুলখনৰ ডীনক সম্বোধন কৰি পত্ৰখনত কয়, ‘‘অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লী কুয়ান য়ু এক্সচেঞ্জ ফেল'শ্বিপ প্ৰদান কৰাৰ বাবে লী কুয়ান য়ু স্কুল অৱ পাব্লিক পলিচীৰ সিদ্ধান্তত মই আচৰিত হৈছো । ছিংগাপুৰৰ পিতৃ লী কুয়ান য়ু এজন অনুকৰণীয় ৰাজনীতিবিদ আছিল । যিয়ে গোটেই জীৱন সততা, কঠোৰ পৰিশ্ৰম আৰু সভ্যতা প্ৰদৰ্শন কৰিছিল । আনহাতে হিমন্ত বিশ্ব শৰ্মা লী কুয়ান য়ুৰ আদৰ্শৰ সম্পূৰ্ণ বিপৰীত । দৰাচলতে তেওঁ ভাৰতীয় ৰাজনীতিত ভুলৰ বাহিৰে একোৱে নহয় ।’’

বৰাই পত্ৰখনত ইয়াৰ যুক্তি দাঙি ধৰি কয়, ‘‘হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেইবাটাও বিত্তীয় কেলেংকাৰীৰ অভিযোগ আছে । যিবোৰ অভিযোগৰ বাবে কাৰাগাৰলৈ যোৱাৰ ভয়ত তেওঁক বৰ্তমানৰ শাসকীয় দলত যোগদান কৰিবলৈ বাধ্য হৈছিল । আনহাতে হিমন্ত বিশ্ব শৰ্মাই নিয়মীয়াকৈ সংখ্যালঘুসকলৰ বিৰুদ্ধে অত্যন্ত সাম্প্ৰদায়িক মন্তব্য কৰি আহিছে । তেওঁৰ ৰাজনৈতিক মন্তব্যবোৰো চৰম পৰ্যায়ত অশ্লীল, যাৰ বাবে স্থানীয় আদালতে তেওঁক মাতি পঠিয়াইছে ।’’

তেওঁ লগতে কয়, ‘‘তেওঁৰ চৰকাৰে এটাৰ পিছত এটা ৰাজহুৱা প্ৰদৰ্শনৰ আয়োজন কৰাৰ সময়ত নাগৰিকসকলক মৌলিক সেৱা প্ৰদান কৰাত ব্যৰ্থ হৈছে । সকলো সময়তে ৰাজ্যখন ঋণগ্ৰস্ততাৰ গভীৰতালৈ আৰু অধিক লৈ গৈছে ।’’ পত্ৰ যোগে এইসমূহ ব্যাখ্যা আগবঢ়াই লী কুয়ান য়ু স্কুল অব পাব্লিক পলিচীৰ ডীনক ভূপেন বৰাই কয়, ‘‘সেয়েহে মই অনুৰোধ জনাইছো যে এই দুৰ্নীতিগ্ৰস্ত ৰাজনীতিকজনলৈ আগবঢ়োৱা সন্মানীয় ফেল'শ্বিপ তৎক্ষণাৎ ভাৱে প্ৰত্যাহাৰ কৰক ।’’

উল্লেখ্য যে, ১৭ ছেপ্টেম্বৰৰ দিনৰ ভাগত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে বিবৃত্তি যোগে জনাই যে ৰাজহুৱা সেৱা আৰু উন্নয়নত সমৰ্পিত নেতৃত্ব প্ৰদান কৰাৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ ছিংগাপুৰৰ সন্মানীয় লি কুয়ান য়ু এক্সছেঞ্জ ফেল’শ্বিপ আগবঢ়োৱা হৈছে । লি কুয়ান য়ু ফেল'শ্বিপৰ অংশ হিচাপে মুখ্যমন্ত্ৰীক ছিংগাপুৰ ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে । দেশৰ বিকাশ আৰু ছিংগাপুৰৰ সৈতে দ্বিপাক্ষিক সম্পর্ক আগুৱাই নিয়াৰ দিশত আগবঢ়োৱা অৱদানৰ সন্মান স্বৰূপে এই ফেল'শ্বিপ বিশিষ্ট ব্যক্তিসকলক প্ৰদান কৰি অহা হৈছে ।

ছিংগাপুৰৰ প্ৰতিষ্ঠাপক প্ৰধানমন্ত্ৰী লি কুয়ান য়ু-এ ৰাষ্ট্ৰৰ প্ৰতি আগবঢ়োৱা অনৱদ্য অৱদানৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপনাৰ্থে লি কুয়ান য়ু এক্সছেঞ্জ ফেল’শ্বিপ প্ৰদান কৰি অহা হৈছে । এই ফেল'শ্বিপৰ পৃষ্ঠপোষক হৈছে ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী । উন্নয়ন আৰু আন্তঃৰাষ্ট্ৰীয় সম্প্ৰীতিৰ দিশত আগবঢ়োৱা অপৰিসীম ভূমিকাৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক এই ফেল’শ্বিপৰ বাবে বাচনি কৰা হৈছে । এই বাতৰি প্ৰকাশৰ পাছতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল আৰু আজি মুকলি পত্ৰ সামাজিক মাধ্যম যোগে ৰাজহুৱা কৰে । অৱশ্যে ভূপেন বৰাৰ পত্ৰৰ পাছত ফেল'শ্বিপ প্ৰদান কৰা উদ্যোক্তাসকলে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া সময়েহে ক'ব ।

লগতে পঢ়ক :Assam CM wife Subsidy Controversy : মুখ্যমন্ত্ৰীৰ পত্নীৰ ৰাজসাহাৰ্যক লৈ সত্য নিৰূপণৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেললৈ গৌৰৱ গগৈৰ পত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.