ETV Bharat / state

শংকৰাচাৰ্যক লৈ পুনৰ বিতৰ্কত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰা

author img

By ETV Bharat Assamese Team

Published : Nov 27, 2023, 6:02 PM IST

উৰিষ্যাৰ পুৰীৰ গোৱৰ্ধন পীঠৰ শংকৰাচাৰ্যক লৈ পুনৰ এক বিতৰ্কৰ সূচনা কৰিছে সত্যৰঞ্জন বৰাই ৷ ছ’চিয়েল মিডিয়াৰ জৰিয়তে তেওঁ অধোক্ষজানন্দ দেৱতীৰ্থক উৰিষ্যাৰ পুৰীৰ গোৱৰ্ধন পীঠৰ শংকৰাচাৰ্য নহয় বুলি দাবী কৰি পুনৰ এক বিতৰ্কৰ সূত্ৰপাত কৰিছে ৷

Hindutva Leader Satya Ranjan Borah
শংকৰাচাৰ্যকলৈ বিতৰ্কৰ সূচনা সত্যৰঞ্জনৰ

গুৱাহাটী, 27 নৱেম্বৰ : প্ৰায়ে বিতৰ্কত থকা হিন্দুত্ববাদী নেতা বুলি জনাজাত সত্যৰঞ্জন বৰাই শেহতীয়াকৈ উৰিষ্যাৰ পুৰীৰ গোৱৰ্ধন পীঠৰ শংকৰাচাৰ্যক লৈ পুনৰ এক বিতৰ্কৰ সূচনা কৰিছে ৷ কিছুদিন পূৰ্বে গুৱাহাটীত অসমীয়া প্ৰতিদিনৰ স্বতাধিকাৰী জয়ন্ত‌ বৰুৱাৰ বাসগৃহত আতিথ্য গ্ৰহণ কৰা আৰু নলবাৰীৰ ৰাসত অতিথি হিচাপে আমন্ত্ৰিত হোৱা অধোক্ষজানন্দ দেৱতীৰ্থক লৈ সত্যৰঞ্জন বৰা মুখৰ হৈ পৰা দেখা গৈছে ৷ ছ’চিয়েল মিডিয়াৰ জৰিয়তে তেওঁ অধোক্ষজানন্দ দেৱতীৰ্থক উৰিষ্যাৰ পুৰীৰ গোৱৰ্ধন পীঠৰ শংকৰাচাৰ্য নহয় বুলি দাবী কৰি পুনৰ এক বিতৰ্কৰ সূত্ৰপাত কৰিছে ৷ ইয়াকে লৈ মন্ত্ৰী তথা নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই উভতি ধৰিছে বৰাক ৷

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে নলবাৰীৰ ৰাসত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অধোক্ষজানন্দ দেৱতীৰ্থক শংকৰাচাৰ্য হিচাপে আমন্ত্ৰণ কৰিছিল ৷ ইয়াকে লৈ সত্যৰঞ্জন বৰাই ফেচবুকত লিখিছে "শংকৰাচাৰ্য সনাতন হিন্দু ধৰ্ম আৰু দৰ্শনৰ চূড়ান্ত মানবীয় পদ ৷ সেই পদ লৈ বহুৱালী নকৰিব জয়ন্ত মল্ল বৰুৱা ৷ ব্যক্তিগত লালসাত ইমান তললৈ যাব নাপায় ৷ জনৈক দেৱতীৰ্থ মহাৰাজ শংকৰাচাৰ্য নহয় ৷ সমূহ নলবাৰী আৰু অসমবাসী ৰাইজে কথাবোৰ জানক ৷ ধৰ্মৰ নামত কিমান ব্যাভিচাৰ সহ্য কৰি থাকিব ? নলবাৰীৰ ৰাসৰ দৰে এক অতি মহিমামণ্ডিত উৎসৱ কিয় তেনেবোৰ মানুহৰ দ্বাৰা মলিয়ন কৰে ? সেইজন শংকৰাচাৰ্য হয় বুলি প্ৰমাণ কৰিবলৈ কলিজা আছে যদি জয়ন্ত মল্ল বৰুৱাই আমাৰ লগত তৰ্ক কৰক ৷ অন্যথা তেওঁক শংকৰাচাৰ্য বুলি চিনাকি কৰাবলৈ বন্ধ কৰক ৷ প্ৰকৃতিৰ প্ৰাকৃতিক সিদ্ধান্তৰ লগত বেপাৰ নকৰে জয়ন্ত মল্ল বৰুৱা !"

তাৰ পিছত আকৌ কিছুদিন পূৰ্বে গুৱাহাটীত অসমীয়া প্ৰতিদিনৰ স্বতাধিকাৰী জয়ন্ত‌ বৰুৱাৰ বাসগৃহত অধোক্ষজানন্দ দেৱতীৰ্থক শংকৰাচাৰ্য হিচাপে আতিথ্য গ্ৰহণ কৰা সম্পৰ্কত সত্যৰঞ্জন বৰাই ফেচবুকত লিখিছে- "অসমৰ বিশিষ্ট বুলি ভবা লোক সকলৰ হৈছে কি আচলতে ? গোৱৰ্ধন পীঠৰ শংকৰাচাৰ্য পৰম পূজনীয় শ্ৰীশ্ৰীনিচলানন্দ সৰস্বতী; অধোক্ষজানন্দ দেৱতীৰ্থ "শংকৰাচাৰ্য" নহয় ৷ কিছুদিন আগতে দেখোন শংকৰাচাৰ্য নিচলানন্দ সৰস্বতী দেৱ গুৱাহাটীলৈ আহি একেজন জয়ন্ত বৰুৱাৰ আতিথ্য গ্ৰহণ কৰিছিল ! লগত অসমৰ মুখ্যমন্ত্ৰী গৰাকীও উপস্থিত আছিল | আজি আকৌ সেই একেখন পীঠৰ শংকৰাচাৰ্য বুলি অধোক্ষজানন্দ দেৱতীৰ্থক জয়ন্ত বৰুৱাই কিহৰ ভিত্তিত আদৰণি জনালে ? সকলো জানে, সকলো বুজে; তাৰ পিছতো মানুহবোৰে আচলতে কি কৰিব খুজিছে বাৰু? বেজৰ নাকতেই খৰ হ'লে সুস্থ কোনে কৰাব !"

  • " class="align-text-top noRightClick twitterSection" data="">

এই সন্দৰ্ভত ইটিভি ভাৰতৰ তৰফৰ পৰা সত্যৰঞ্জন বৰাক প্ৰশ্ন কৰাত তেওঁ কয়, একেখনখন পীঠৰ দুজনকৈ শংকৰাচাৰ্য কেনেকৈ হ'ব পাৰে ৷ কাৰণ উৰিষ্যাৰ পুৰীৰ গোৱৰ্ধন পীঠৰ প্ৰকৃত শংকৰাচাৰ্য নিচলানন্দ সৰস্বতী ৷ অধোক্ষজানন্দ দেৱতীৰ্থ শংকৰাচাৰ্য্য নহয় ৷ তেওঁক পুৰীৰ পৰা ৰাইজে খেদিছে ৷ এটা কথা ঠিক যে অধোক্ষজানন্দ দেৱতীৰ্থই আদালতত শংকৰাচাৰ্যৰ স্বীকৃতি সন্দৰ্ভত গোচৰ দি থৈছে ৷ এই গোচৰটো এতিয়াও আদালতত বিচৰাধীন হৈ আছে ৷ গতিকে জয়ন্ত বৰুৱা আৰু জয়ন্ত মল্ল বৰুৱাই অধোক্ষজানন্দ দেৱতীৰ্থক কেনেকৈ কিহৰ ভিত্তিত শংকৰাচাৰ্য বুলি স্বীকৃতি দিব পাৰে ৷

তেওঁ কয় যে, শংকৰাচাৰ্যক লৈ ল'ৰা ধেমালি কৰিব নাপায় ৷ ইফালে সোমবাৰে নলবাৰীত সাংবাদিকৰ আগত জয়ন্ত মল্ল বৰুৱাই সত্যৰঞ্জন বৰাক ধৰ্মৰ দালাল বুলি আখ্যা দিয়া সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সত্যৰঞ্জন বৰাই কয় - "মই সঁচা কথা কৈছো ৷ সঁচা কথা কোৱাৰ বাবে তেওঁলোকৰ গাত লাগিছে ৷ আচলতে ধৰ্মৰ নামত দালালি, মাটিৰ নামত দালালি, চাকৰি দিয়াৰ দালালি নামত দালালি কোনে কৰিছে সেয়া সকলোৱে জানে ৷"

লগতে পঢ়ক : সত্যৰঞ্জন বৰাক ধৰ্মীয় দালাল আখ্যা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.