ETV Bharat / state

Assam Boarder Dispute: নাগালেণ্ডৰ সৈতে থকা অসমৰ সীমা সমস্যা জটিল: মুখ্যমন্ত্ৰী

author img

By

Published : Jul 16, 2022, 8:07 PM IST

মন্ত্ৰী অতুল বৰাই অসম চৰকাৰক প্ৰতিনিধিত্ব কৰি মিজোৰামৰ লগত থকা অসমৰ সীমা বিবাদ নিষ্পত্তি কৰাৰ বাবে মিজোৰাম চৰকাৰৰ লগত আলোচনাত মিলিত হ'ব । মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমৰ চাৰিওখন চুবুৰীয়া ৰাজ্য মেঘালয়, অৰুণাচল প্ৰদেশ, মিজোৰাম আৰু নাগালেণ্ডৰ লগত সীমা বিবাদ আছে ।

ো

গুৱাহাটী, ১৬ জুলাই : অসম চৰকাৰে মিজোৰামৰ লগত থকা অসমৰ সীমা বিবাদ নিষ্পত্তি কৰাৰ বাবে মিজোৰাম চৰকাৰৰ লগত শীঘ্ৰে আলোচনাত মিলিত হ'ব । শনিবাৰে জনতা ভৱনত অনুষ্ঠিত এখন সংবাদমেলত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰী কৰে (Himanta Biswa Sarma press meet on Assam-Mizoram boarder dispute) ।

তেওঁ কয় যে অহা মাহত মন্ত্ৰী অতুল বৰাই অসম চৰকাৰক প্ৰতিনিধিত্ব কৰি মিজোৰামৰ লগত থকা অসমৰ সীমা বিবাদ নিষ্পত্তি কৰাৰ বাবে মিজোৰাম চৰকাৰৰ লগত আলোচনাত মিলিত হ'ব । মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমৰ চাৰিওখন চুবুৰীয়া ৰাজ্য মেঘালয়, অৰুণাচল প্ৰদেশ, মিজোৰাম আৰু নাগালেণ্ডৰ লগত সীমা বিবাদ আছে । ইয়াৰে ইতিমধ্যে মেঘালয়ৰ লগত থকা অসমৰ বহুখিনি সীমা বিবাদ দুয়োখন ৰাজ্যৰ আলোচনাৰ মাজেৰে নিষ্পত্তি কৰা হৈছে ।

তেওঁ কয়, "ইতিমধ্যে সাত দশক পুৰণি অসম-অৰুণাচলৰ সীমা বিবাদ নিষ্পত্তিৰ উদ্দেশ্যে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰে নামচাইত শুকুৰবাৰে তৃতীয়খন বৈঠকত মিলিত হৈছিলোঁ । বৈঠকত নামচাই ঘোষণা-পত্ৰৰ মাধ্যমত ৩৭খন গাঁৱৰ সীমা বিবাদ নিষ্পত্তি কৰা হৈছে (Assam-Arunachal Boarder dispute solution) ।" ড° শৰ্মাই ৰাজ্য দুখনৰ সীমা বিবাদৰ বহুখিনি কাম সমাধান হোৱা বুলি উল্লেখ কৰি কয়, "এতিয়া মাথোঁ ৮৬খন গাঁৱক লৈহে বিবাদ আছে, ১২৩খন গাঁৱক লৈ নহয় । ইয়াৰে ২৮খন জিলা অসমৰ ভৌগোলিক এলেকাত নাই । ছয়খন গাঁও চিনাক্ত কৰিব পৰা নগ'ল ।"

তেওঁ কয় যে নাগালেণ্ডৰ লগত থকা অসমৰ সীমা বিবাদৰ সমস্যা বৰ্তমান উচ্চতম ন্যায়ালয়ত বিচৰাধীন হৈ আছে । নাগালেণ্ডৰ লগত থকা অসমৰ সীমা বিবাদৰ সমস্যা জটিল । সেয়েহে অসম চৰকাৰে নাগালেণ্ডৰ লগত থকা অসমৰ সীমা বিবাদৰ সমস্যা উচ্চতম ন্যায়ালয়ৰ জৰিয়তে সমাধান হোৱাটো বিচাৰিছে ।

লগতে পঢ়ক :Assam tea industry in crisis: ডিপ্লিং চাহ বাগিচা লীজত দিব বিচৰা কাৰ্যৰ তীব্ৰ বিৰোধীতা শ্ৰমিকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.