ETV Bharat / state

Mukroh Firing : মেঘালয় সীমান্তত আৰক্ষীৰ গুলীচালনা আছিল আত্মৰক্ষাৰ স্বাৰ্থত: হিমন্ত বিশ্ব শৰ্মা

author img

By

Published : Dec 26, 2022, 8:44 PM IST

HBS
HBS

যোৱা ২২ নৱেম্বৰত সংঘটিত হোৱা এই ঘটনাত ৫ মেঘালয়বাসী আৰু অসমৰ এজন বনৰক্ষীকে ধৰি ৬ জন লোকৰ মৃত্যু হৈছিল (Meghalaya Mukroh incident) ৷

গুৱাহাটী, ২৬ ডিচেম্বৰ : নৱেম্বৰ মাহত অসম-মেঘালয় সীমান্তৰ মুক্ৰ’ত আৰক্ষীয়ে গুলীচালনা কৰা ঘটনাটো আত্মৰক্ষা আৰু চৰকাৰী সম্পত্তিৰ সুৰক্ষাৰ বাবে কৰা ঘটনা আছিল ৷ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আত্মপক্ষ সমৰ্থন কৰি কৰা শেহতীয়া মন্তব্য এয়া (CM Himanta Biswa comments on Mukroh incident) ৷

উল্লেখ্য, বিগত ২২ নৱেম্বৰত সংঘটিত উক্ত ঘটনাটোত ৫ গৰাকী মেঘালয়ৰ বাসিন্দা আৰু অসমৰ এগৰাকী বনৰক্ষীকে ধৰি ৬ গৰাকী লোক নিহত হৈছিল (Assam Meghalaya border conflict) । উক্ত প্ৰসংগতে এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ ৷ সদ্যসমাপ্ত বিধানসভা অধিবেশনৰ (Assam Assembly Winter Session 2022) তাৰকাযুক্ত প্ৰশ্নৰ উত্তৰত গৃহ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰী শৰ্মাই কয়— "অসমৰ বন বিষয়াগৰাকীক 'মেঘালয়ৰ পৰা অহা দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰি হত্যা কৰিছিল' (home minister Himanta Biswa Sarma) । তাৰ পিছত আত্মৰক্ষাৰ বাবে আৰু চৰকাৰী সম্পত্তিৰ সুৰক্ষাৰ বাবে কৰা আৰক্ষীৰ গুলীচালনাৰ ফলত পাঁচজন লোকৰ মৃত্যু হয় ।"

মুক্ৰ'ৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
মুক্ৰ'ৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

পশ্চিম কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষকৰ এক প্ৰতিবেদনৰ উদ্ধৃতি দি মুখ্যমন্ত্ৰীয়ে কয়— চুবুৰীয়া ৰাজ্যখনৰ লোকে অসমৰ জোৱানসকলক ঘেৰি ধৰি আক্ৰমণ কৰি আটক কৰা তিনিটা অবৈধ কাঠ সৰবৰাহকাৰীক মুকলি কৰি দিয়াৰ দাবী জনাইছিল, যাৰ ফলত তেওঁলোকে আত্মৰক্ষাৰ বাবে গুলীচালনা কৰিবলগীয়া হয় (Meghalaya Mukroh incident) ।

দুষ্কৃতিকাৰীয়ে অসমৰ আৰক্ষী আৰু বনকৰ্মীক চৰকাৰী কৰ্তব্য পালন কৰাত বাধা দিয়াৰ উপৰি তেওঁলোকক আক্ৰমণ কৰি তেওঁলোকৰ অস্ত্ৰ-শস্ত্ৰ, গোলা-বাৰুদ কাঢ়ি নিয়াৰ চেষ্টা চলাইছিল বুলিও তেওঁ লগতে কয় । মুখ্যমন্ত্ৰীৰ লগতে ঘোষণা- এই বিষয়ত ইতিমধ্যে ন্যায়িক তদন্তৰো নিৰ্দেশ দিয়া হৈছে । 'মেঘালয়ৰ পৰা অহা দুৰ্বৃত্তই' আন্তঃৰাজ্যিক সীমান্তত সঘনাই আইন-শৃংখলাৰ পৰিস্থিতিৰ সৃষ্টি কৰি নিৰীহ লোকৰ জীৱন আৰু সম্পত্তিৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে নেকি বুলি সোধা প্ৰশ্নত শৰ্মাই হয়ভৰ দি উত্তৰ দিয়ে যদিও অসম আৰক্ষীয়ে কঠোৰ সতৰ্কতাৰে মেঘালয় কৰ্তৃপক্ষৰ সৈতে অঞ্চলটোৰ সমন্বয় বজাই ৰাখিছে বুলি মন্তব্য কৰে (Himanta Biswa Sarma on police firing in Mukroh) ।

মেঘালয়ৰ সীমান্তত অসমৰ ১০টা সীমান্ত আউটপোষ্ট আছে আৰু ইয়াত বি এছ এফৰ চাৰিটা কোম্পানী গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰদান কৰিছে, ক্ৰমে অসম আৰু মেঘালয়ৰ দুটাকৈ কোম্পানী আছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে তথ্য আগবঢ়ায় । অসম চৰকাৰে অঞ্চলটোত স্থিতাৱস্থা আৰু শান্তি বজাই ৰখাৰ বাবে গৃহ মন্ত্ৰালয় আৰু মেঘালয় চৰকাৰৰ সৈতে যোগাযোগত আছে বুলিও মুখ্যমন্ত্রীয়ে সদনত শনিবাৰে জনায় ৷

লগতে পঢ়ক :Controversy on Bagh Hazarika: বাঘ হাজৰিকা ঐতিহাসিক চৰিত্ৰ নহয়, ড৹ মাধুৰ্যমণ্ডিত বৰুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.