ETV Bharat / state

২৩ হাজাৰ নিযুক্তিৰ বাবে সাজু হিমন্ত বিশ্ব শৰ্মা চৰকাৰ

author img

By

Published : May 12, 2022, 5:08 PM IST

১৪ মে’ত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত মেগা নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠান (Mega Appointment Letter Delivery Programme) । ইতিমধ্যে ঘোষণা কৰা হৈছে ৰাজ্যৰ শিক্ষা, স্বাস্থ্য আৰু গৃহবিভাগৰ বিভিন্ন পদৰ বাবে হোৱা পৰীক্ষাৰ ফলাফল। আজি ঘোষণা কৰা হয় অসম আৰক্ষীৰ বৃহৎ সংখ্যক কনিষ্টবল পদৰ পৰীক্ষাৰ ফলাফল ।

himanta-biswa-government-being-ready-to-give-employment-to-twenty-three-thousand-youth
২৩ হাজাৰ নিযুক্তিৰ বাবে সাজু হিমন্ত বিশ্ব শৰ্মা চৰকাৰ

গুৱাহাটী, ১২ মে' : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে প্ৰতিশ্ৰুতি অনুসৰি এবছৰত এক লাখ নিযুক্তি দিয়াত ব্যৰ্থ হ'ল যদিও ১৪ মে'ত নিযুক্তি পত্ৰ প্ৰদানৰ এক বিশাল অনুষ্ঠানৰ আয়োজন কৰিছে । সিদিনা ২৩ হাজাৰ যুৱক-যুৱতীৰ হাতত মুখ্যমন্ত্ৰীয়ে তুলি দিব চৰকাৰী নিযুক্তি পত্ৰ । মেগা নিযুক্তিৰ বাবে সাজু হৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ । ইতিমধ্যে ৰাজ্যৰ শিক্ষা, স্বাস্থ্য আৰু গৃহবিভাগৰ বিভিন্ন পদৰ বাবে হোৱা পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে (Assam government job result) ।

একেদৰে টেট উত্তীৰ্ণৰো চূড়ান্ত তালিকা প্ৰকাশ কৰা হৈছে । উল্লেখ্য যে, আজি অসম আৰক্ষীৰ কনিষ্টবল পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে । মুঠ ৬,৬৬২টা কনিষ্টবল পদৰ ফলাফল ঘোষণা কৰা হৈছে । ইয়াৰে ২৩৯১টা পদ ইউ বি কনিষ্টবলৰ আৰু ৪২৭১টা পদ এ বি কনিষ্টবলৰ। আনহাতে, এ পি আৰ অ'ৰ ৮১৩টা কনিষ্টবলৰ পদৰ ফলাফলো ঘোষণা কৰা হৈছে। সেইদৰে এফ এণ্ড ই এছৰ ৭৮৮ টা কনিষ্টবলৰ পদ আৰু ডি জি চি ডিৰ ৭৫৪ টা কনিষ্টবলৰ পদৰ ফলাফল ঘোষণা হৈছে ।

himanta-biswa-government-being-ready-to-give-employment-to-twenty-three-thousand-youth
২৩ হাজাৰ নিযুক্তিৰ বাবে সাজু হিমন্ত বিশ্ব শৰ্মা চৰকাৰ

আনহাতে, এ আই এছ এফ বেটেলিয়ানৰ ১৫৪ টা কনিষ্টবল পদৰ ফলাফল ঘোষণা কৰিছে। এই সকলো বাছনিভুক্তকে ৰাজ্য চৰকাৰে ১৪ মে’ত নিযুক্তি পত্ৰ প্ৰদান কৰিব । উল্লেখ্য যে এদিনতে ২৩ হাজাৰক নিযুক্তি পত্ৰ বিতৰণ কৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছিল । ৰাজ্যৰ শিক্ষা, স্বাস্থ্য আৰু গৃহবিভাগৰ বিভিন্ন পদৰ বাবে হোৱা পৰীক্ষাৰ ফলাফল ঘোষণা কৰি পূৰ্বে ঘোষণা কৰাৰ দৰেই ১৪ মে’ত সকলোকে নিযুক্তি পত্ৰ বিতৰণ কৰিব ।

ইয়াৰ বাবে বুধবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক পৰ্যালোচনা বৈঠকতো অংশগ্ৰহণ কৰে । ১৪ মে’ত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত হ’বলগীয়া মেগা নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানৰ প্ৰস্তুতি সন্দৰ্ভত জনতা ভৱনত বুধবাৰে অনুষ্ঠিত হয় এই পৰ্যালোচনা সভা । সভাতে মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট বিষয়াসকলক বৃহৎ অনুষ্ঠানটো সুচাৰুৰূপে পৰিচালনাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা ল’বলৈ নিৰ্দেশনা প্ৰদান কৰিছে ।

লগতে পঢ়ক : মাউণ্ট এভাৰেষ্ট আৰোহণ অসম সন্তান হেদায়েত আলীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.