ETV Bharat / state

Xubidhabadi song out: সুবিধাবাদী গীতটি মুক্তিৰ পিচত শীঘ্ৰেই আহি আছে হিমাংশু প্ৰসাদ দাসৰ নতুন ছবি

author img

By

Published : Aug 17, 2023, 6:06 PM IST

Updated : Aug 17, 2023, 6:30 PM IST

ছেপ্টেম্বৰ মাহৰ পৰা আৰম্ভ হ’ব নাট্যকাৰ, পৰিচালক হিমাংশু প্ৰসাদ দাসৰ নতুন চিনেমা । প্ৰতিজন লোকেই বৰ্তমান সময়ত সুবিধাবাদী হয়, কিন্তু সুবিধা বিচৰাৰ ক্ষেত্ৰত যদি বেলেগৰ ক্ষতি হয় তেন্তে সেই সুবিধা ক্ষতিকাৰক"-হিমাংশু প্ৰসাদ দাস।

Himanshu Prasad Das's theatrical song Xubidhabadi released on August 14
ইটিভি ভাৰতৰ স’তে হিমাংশু প্ৰসাদ দাসৰ সাক্ষাৎকাৰ

ইটিভি ভাৰতৰ স’তে হিমাংশু প্ৰসাদ দাসৰ সাক্ষাৎকাৰ

গুৱাহাটী, 17 আগষ্ট: যোৱা 14 আগষ্টত মুক্তি পালে নাট্যকাৰ, পৰিচালক হিমাংশু প্ৰসাদ দাসৰ থিয়েটাৰী গীত ‘সুবিধাবাদী’। গীতটি মুক্তিৰ পাছতেই ৰাইজৰ মাজত যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ ইটিভি ভাৰতৰ স’তে হোৱা এটা সাক্ষাৎকাৰত গীতটিৰ সন্দৰ্ভত হিমাংশু প্ৰসাদ দাসে কয়- সুবিধাবাদী গানটো লিখাৰ প্ৰায় এবছৰেই হ’ল। কিন্তু কিছু অসুবিধাৰ বাবে গীতটি মুক্তি দিব পৰা হোৱা নাছিল । আচলতে প্ৰতিজন লোকেই বৰ্তমান সময়ত সুবিধাবাদী হয়, কিন্তু সুবিধা বিচৰাৰ ক্ষেত্ৰত যদি বেলেগৰ ক্ষতি হয় তেন্তে সেই সুবিধা ক্ষতিকাৰক । কিছুমান সুবিধাই সমাজৰ ক্ষতি কৰে তাৰ বিৰুদ্ধে আমাৰ এই গান সুবিধাবাদী ।

হিমাংশু প্ৰসাদ দাসৰ ছবি, নাটক, গীত প্ৰায় ভাগেই চৰকাৰ বিৰোধী হোৱা দেখা যায়। চৰকাৰ প্ৰতি ক্ষোভ আছে নেকি বুলি হিমাংশু প্ৰসাদ দাসক সোধাত, এই সন্দৰ্ভত তেওঁ মন্তব্য কৰি কয়- চৰকাৰৰ প্ৰতি ক্ষোভ হিচাপে নহয় । দেশৰ নাগৰিক হিচাপে চৰকাৰৰ ভাল কামক সমৰ্থন কৰিব লাগে আৰু ভুল কৰিলে তাৰ বিৰুদ্ধে আমি মাত মাতিব লাগে । ইয়াত ক্ষোভ বা বিৰোধী বুলি ক’বলৈ মই নিবিচাৰো । আজি মোৰ কাম ভাল পোৱা লোকে কাইলৈ ভাল নাপাবও পাৰে । যদিহে তেওঁলোক ক্ষমতাত আহে । তেওঁলোক ক্ষমতাত আহিলেও তেওঁলোকক প্ৰশ্ন কৰিম তেওঁলোক কিছু কামবোৰক লৈ । গান, নাটক, শিল্প সাহিত্য কৰা মানুহ আমি । তাৰ লগতেই আমি এখন দেশৰ নাগৰিকো । যিবোৰ কথাত প্ৰশ্ন কৰাটো উচিত বুলি ভাবোঁ তাক আমি প্রশ্ন কৰিব লাগে । মনে মনে থাকিব নালাগে আৰু সেইটো দায়িত্ব পালন কৰিছো বুলি আমি ভাৱো ।’

ইয়াৰোপৰি অতি শীঘ্ৰেই আহি আছে হিমাংশু প্ৰসাদ দাসৰ নতুন চিনেমা । ছেপ্টেম্বৰ মাহত চিনেমাৰ কাম আৰম্ভ কৰা হ’ব । হিমাংশু প্ৰসাদ দাসৰ পৰিচালিত পূৰ্বৰ চিনেমা সমূহতকৈ এইখন চিনেমা পৃথক হ’ব । আনহাতে অসমীয়া চুটি গল্পৰ সমূহৰ পৰা চুটি ছবি নিৰ্মাণ কৰাৰ কাম চলি আছে । এই কথা জনালে হিমাংশু প্ৰসাদ দাসে ৷ ইতিমধ্যে দুটা গল্প "খোজৰ শব্দ" আৰু "প্ৰাপ্তি" চুটিছবি ৰূপে মুক্তি লাভ কৰিছে।

লগতে পঢ়ক: Himanshu Prasad Das new song: কিয় খং উঠিছে নাট্যকাৰ হিমাংশু প্ৰসাদ দাসৰ ?

Last Updated : Aug 17, 2023, 6:30 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.