ETV Bharat / state

ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত অতিৰিক্ত কৰ আৰোপ কৰাৰ আহ্বান

author img

By

Published : May 26, 2021, 9:11 PM IST

ক'ভিডৰ তৃতীয় ঢৌৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে অধিক ৰাজহ অৰ্জনৰ বাবে ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত অতিৰিক্ত কৰ আৰোপ কৰাৰ আহ্বান ৷ কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰাম, অসমে জি.এছ.টি. কাউন্সিলক জনাইছে এই আহ্বান ৷

higher taxes on tobacco products
ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত অতিৰিক্ত কৰ আৰোপ কৰাৰ আহ্বান

গুৱাহাটী, 26 মে': অধিক ৰাজহ অৰ্জনৰ বাবে সকলো ধৰণৰ ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত অতিৰিক্ত কৰ আৰোপ কৰিবলৈ জি.এছ.টি. কাউন্সিলক আহ্বান জনাইছে কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰাম, অসমে ৷ ফ'ৰামৰ মতে, ক'ভিডৰ তৃতীয় ঢৌৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে স্বাস্থ্যখণ্ডৰ আন্তঃগাঁথনি উন্নয়ন আৰু ভেকচিন ক্ৰয়ৰ দৰে কাৰ্যৰ বাবে চৰকাৰক প্ৰয়োজন হোৱা পুঁজি ধঁপাতৰ ওপৰত অতিৰিক্ত কৰ আৰোপৰ জৰিয়তে সংগ্ৰহ কৰিব পৰা যায় ৷ ফ'ৰামে কয় যে, ধঁপাতৰ ওপৰত অধিক কৰ আৰোপৰ দ্বাৰা চৰকাৰে ক'ভিড মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত এফালে অতিৰিক্ত পুঁজি লাভ কৰিব আৰু আনফালে মূল্যবৃদ্ধিৰ দ্বাৰা ধঁপাত সেৱনৰ ফলত হোৱা ক'ভিড সংক্ৰমণৰ মাত্ৰা হ্ৰাস কৰিব পাৰিব ৷ উল্লেখ্য যে, কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামে বুধবাৰে ৰাজ্যৰ বিত্ত মন্ত্ৰী অজন্তা নেওগক এই সন্দৰ্ভত এখন পত্ৰ প্ৰেৰণ কৰি অহা 28 মে' ত অনুষ্ঠিত হ'বলগীয়া জি.এছ.টি. কাউন্সিলৰ বৈঠকত ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত অধিক কৰ আৰোপ কৰি অতিৰিক্ত ৰাজহ সংগ্ৰহৰ বিষয়টো গুৰুত্ব সহকাৰে উত্থাপন কৰিবলৈ আহ্বান জনায়।

কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামৰ সচিব অধিবক্তা অজয় হাজৰিকাই বিত্ত মন্ত্ৰী অজন্তা নেওগৰ লগতে বিত্ত বিভাগৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা আৰু কৰ আয়ুক্ত ৰাকেশ আগৰৱালালৈ প্ৰেৰণ কৰা পত্ৰখনত কয় যে, ক'ভিড মহামাৰীৰ ফলত ৰাজ্যসমূহে সন্মুখীন হোৱা জি.এছ.টি. ৰাজহৰ ঘাটি কেন্দ্ৰীয় চৰকাৰে ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত অধিক কৰ আৰোপ কৰি পূৰণ কৰিব পাৰে। এইটো ইতিমধ্যে স্পষ্ট হৈ পৰিছে যে, ধোঁৱাযুক্ত আৰু ধোঁৱাবিহীন ধঁপাতে ক'ভিডৰ ভয়াৱহতা অধিক বৃদ্ধি কৰে ৷ ধঁপাত সেৱনৰ ফলত হাওফাঁওৰ বিস্তৰ ক্ষতিসাধন হয় আৰু শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পায় ৷ সেয়ে চৰকাৰে ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত অধিক কৰ আৰোপ কৰি ইয়াৰ মূল্যবৃদ্ধি কৰিব লাগে যাতে সৰ্বসাধাৰণ ৰাইজৰ বাবে ইয়াক সহজে ক্ৰয় কৰাত অসুবিধা হয় ৷ ২০১৭ চনত জি.এছ.টি. ব্যৱস্থা আৰম্ভ হোৱাৰ পাচৰে পৰা ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত বিশেষ কৰ আৰোপ কৰা হোৱা নাই ৷ যাৰ ফলত বৰ্তমানো ই সকলোৰে কাৰণে সহজলভ্য হৈ আছে ৷ বিশ্ব স্বাস্থ্য সংস্থাই ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত বৰ্তমানৰ তুলনাত 75% অধিক কৰ আৰোপ কৰিবলৈ ভাৰত চৰকাৰক পৰামৰ্শ দিছে ৷ সমগ্ৰ বিশ্বৰ ভিতৰতে ভাৰত হ'ল দ্বিতীয় সৰ্বাধিক ধঁপাতজাতীয় সামগ্ৰী ব্যৱহাৰ কৰা দেশ ৷ প্ৰতি বছৰে ধঁপাতজাতীয় সামগ্ৰী ব্যৱহাৰৰ ফলত হোৱা ৰোগৰপৰা ভাৰতত ১৩ লাখ লোকৰ মৃত্যু হয় ৷

লগতে পঢ়ক: বিষয় মিঠাতেল: যোগান মন্ত্ৰী ৰঞ্জিৎ দাসক এজাউৰি বিৰোধী দলপতিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.