Health department news: GMCH ত হাই ফিডেলিটী ছিমুলেচন স্কিল লেব মুকলি

author img

By

Published : May 25, 2023, 3:56 PM IST

Health department news

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অত্যাধুনিক 'হাই ফিডেলিটী ছিমুলেচন স্কিল লেব' মুকলি কৰিলে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই । চৰকাৰী চিকিৎসা শিক্ষা খণ্ডত সংযোগ হোৱা দেশৰ ভিতৰতে এইটো প্ৰথমটো এনেধৰণৰ পৰীক্ষাগাৰ। বিজ্ঞানৰ শিক্ষাৰ্থী, অধ্যাপক চিকিৎসক, নাৰ্ছ আৰু অন্যান্য সেৱাত কৰ্মৰত স্বাস্থ্যকৰ্মী সকলে শিক্ষণ আৰু প্ৰশিক্ষণেৰে আহৰণ কৰিব পাৰিব অভিজ্ঞতা (High Fidelity Simulation Skill Lab) ।

গুৱাহাটী, ২৫ মে': অসমৰ স্বাস্থ্যখণ্ডৰ বাবে ভাল খবৰ । গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ জৰুৰীকালীন চিকিৎসা সেৱা ভৱনত নতুনকৈ সংলগ্ন হ'ল 'হাই ফিডেলিটী ছিমুলেচন স্কিল লেব'। বৃহস্পতিবাৰে এই লেবটো আনুষ্ঠানিকভাৱে মুকলি কৰে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই । উল্লেখ্য যে, চৰকাৰী চিকিৎসা শিক্ষা খণ্ডত সংযোগ হোৱা দেশৰ ভিতৰতে এইটো প্ৰথমটো এনেধৰণৰ পৰীক্ষাগাৰ (High Fidelity Simulation Skill Lab) ।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক সাহায্য প্ৰদানকাৰী সংস্থা USAID RISE প্ৰকল্পৰ আৰ্থিক সহযোগিতাৰে নিৰ্মাণ কৰা হৈছে এই 'হাই ফিডেলিটী ছিমুলেচন স্কিল লেব'টো ৷ ইয়াত চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থী, অধ্যাপক চিকিৎসক, নাৰ্ছ আৰু অন্যান্য সেৱাত কৰ্মৰত স্বাস্থ্যকৰ্মীসকলে শিক্ষণ আৰু প্ৰশিক্ষণ গ্ৰহণেৰে অভিজ্ঞতা আহৰণ কৰিব পাৰিব (Assam health department news) ।

এই অত্যাধুনিক স্কিল লেবটো ৰোগীৰ পৰিচৰ্যা, চিকিৎসা আৰু ব্যৱস্থাপনাৰ প্ৰায়োগিক ক্ষেত্ৰত অধ্যয়ন কৰিব পাৰিব । গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ অচ্যুৎ চন্দ্ৰ বৈশ্যৰ পৌৰহিত্যত জি এম চি এইচ প্ৰেক্ষাগৃহত আয়োজন কৰা উদ্বোধনী অনুষ্ঠানত ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে (High Fidelity Simulation Skill Lab at GMCH)।

উদ্বোধনী ভাষণত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কয় যে, মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে অনাগত দিনত আৰু গঠনমূলক কাম-কাজ কৰি যাব । ইয়াৰ সমান্তৰালকৈ ৰাজ্যৰ স্বাস্থ্যখণ্ডতো বিভিন্ন কাম-কাজ কৰি যাব । তাৰ বাবে লাগিব চিকিৎসক তথা স্বাস্থ্যকৰ্মীৰ সহযোগিতা । মন্ত্ৰীগৰাকীয়ে অনুষ্ঠানত উপস্থিত থকা অধ্যাপক আৰু চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি কয় যে, ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে বিশেষভাৱে চিকিৎসা শাস্ত্ৰৰ শৈক্ষিক দিশত অতি গুৰুত্ব দিছে (Assam health sector developments) ।

অধীক্ষক ডাঃ অচ্যুৎ চন্দ্ৰ বৈশ্যই ক'ভিড মহামাৰীৰ সময়ছোৱাত গডৰেজ কোম্পানীয়ে চেনিটাইজাৰ উৎপাদন কৰি সকলো শ্ৰেণীৰ ৰাইজক বিশেষভাৱে সহায় কৰাৰ কথা উল্লেখ কৰি সংস্থাটিক কৃতজ্ঞতা জ্ঞাপন কৰে । লগতে নুমলীগড় শোধানাগাৰৰ পৃষ্ঠপোষকতাত লাভ কৰা কেতবোৰ সহায়ৰ বাবেও অনুষ্ঠানত শলাগ লয় ।

লগতে পঢ়ক: Miscreants Open Fire on Businessman: বিলাসীপাৰাত ভাড়াঘৰৰ ভিতৰত ব্যৱসায়ীক গুলীয়াই হত্যা

ইফালে মন্ত্রী কেশৱ মহন্তই ৰাজ্যৰ স্বাস্থ্যখণ্ডলৈ দহটা এনাস্থেচিয়া ৱৰ্ক ষ্টেছন আগবঢ়োৱাৰ বাবে গডৰেজ আৰু নুমলীগড় শোধনাগাৰ লিমিটেডক ধন্যবাদ জ্ঞাপন কৰে । অনুষ্ঠানত USAID India ৰ (স্বাস্থ্য) উপ সঞ্চালক ডাঃ ৰুবেন স্বামীক্কান, Jhpeigoৰ দেশীয় সঞ্চালক ডঃ সৌমেশ কুমাৰ, গডৰেজৰ প্ৰৱন্ধক সন্দেশ বাড়োৱাংকৰ, নুমলীগড় শোধনাগাৰ লিমিটেডৰ জ্যেষ্ঠ মুখ্য মহাপ্ৰবন্ধক নিকুঞ্জ বৰঠাকুৰৰ লগতে জি এম চি এইচৰ অধ্যাপক চিকিৎসক আৰু শিক্ষাৰ্থী সকল উপস্থিত আছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.