Miscreants Open Fire on Businessman: বিলাসীপাৰাত ভাড়াঘৰৰ ভিতৰত ব্যৱসায়ীক গুলীয়াই হত্যা

author img

By

Published : May 25, 2023, 2:35 PM IST

Updated : May 28, 2023, 11:13 AM IST

Miscreants Open Fire on Businessman

বিলাসীপাৰা চহৰত চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা (Miscreants Open Fire on Businessman) । ঘৰৰ ভিতৰত প্ৰৱেশ কৰি শূন্য দূৰত্বৰ পৰা ব্যৱসায়ীক গুলীয়াই হত্যা । ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত বিলাসীপাৰা ৷ বিলাসীপাৰা আৰক্ষী থানা ঘেৰাও ক্ষুদ্ধ জনতাৰ ৷

ভাড়াঘৰৰ ভিতৰত ব্যৱসায়ীক গুলীয়াই হত্যা

বিলাসীপাৰা, ২৫ মে': বিলাসীপাৰা চহৰত বুধবাৰে মাজনিশা সংঘটিত হয় দুৰ্বৃত্তৰ চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা । চহৰখনৰ ৮ নং ৱাৰ্ডস্থিত ভৈৰৱগঞ্জৰ এজন প্ৰতিষ্ঠিত ব্যৱসায়ীক ভাড়াঘৰৰ ভিতৰত গুলীয়াই হত্যা কৰে দুৰ্বৃত্তই ৷ নিহত ব্যৱসায়ীজন বাছেৰ আলী বুলি জানিব পৰা হৈছে (Miscreants Open Fire on Businessman in Assam) ৷ ব্যৱসায়ীজনৰ ভাড়াঘৰৰ খিৰিকী ভাঙি ভিতৰত প্ৰবেশ কৰি দুৰ্বৃত্তই শূন্য দূৰত্বৰ পৰা গুলিয়াই হত্যা কৰে(Firing incident in Goalpara) ৷

বাছেৰ আলীৰ ঘৰ ছুৱাপাতা প্ৰথম খণ্ড গাঁৱত বুলি জানিব পৰা গৈছে । মাজনিশা সংঘটিত হোৱা এই চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনাকলৈ বিলাসীপাৰাত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া । প্ৰতিষ্ঠিত ব্যৱসায়ীকজনক আচলতে কি কাৰণত গুলীয়াই হত্যা কৰা হ’ল সেয়া বৰ্তমান ৰহস্যৰ আৱৰ্তত (Businessman shot at by unidentified miscreants) । আনহাতে নিশা এই ঘটনাৰ সম্ভেদ লাভ কৰাৰ পাচতেই ঘটনাস্থলীত বিলাসীপাৰা মহকুমা আৰক্ষীৰ লগতে ধুবুৰী জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ দল উপস্থিত হৈ অব্যাহত ৰাখে ঘটনাৰ তদন্ত ৷

লগতে পঢ়ক : Hizbul Operative Imprisonment : হিজবুল সদস্যক ৫ বছৰৰ কাৰাদণ্ড অসমৰ NIA আদালতৰ

ইফালে প্ৰতিষ্ঠিত ব্যৱসায়ী বাছেৰ আলী হত্যাকাণ্ডক লৈ বৃহস্পতিবাৰে পুৱাৰে পৰা উত্তপ্ত হৈ পৰে বিলাসীপাৰা । দুৰ্বৃত্তক গ্ৰেপ্তাৰৰ দাবীত প্ৰায় শতাধিক পুৰুষ-মহিলাৰ লগতে বিভিন্ন দল সংগঠনে বিলাসীপাৰা থানা ঘেৰাও কৰে (Protest in Goalpara)। মাজনিশাই চহৰখনৰ এজন ব্যৱসায়ীক দুৰ্বৃত্তই শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰাৰ পাচতো আৰক্ষীয়ে আততায়ীক গ্ৰেপ্তাৰ কৰিব নোৱাৰাত সোচ্চাৰ হৈ পৰে জনতা ৷ ক্ষুদ্ধ ৰাইজে তদন্তৰ গতি লেহেমীয়া হোৱাৰ অভিযোগ কৰি বিলাসীপাৰাৰ ৰাজপথ অবৰোধ কৰে(Goalpara Fire Incident) ।

পাচত বিলাসীপাৰা আৰক্ষী থানাত (Bilasipara Police Station) বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়া উপস্থিত হৈ ২৪ ঘন্টাৰ ভিতৰত দুৰ্বৃত্তক কৰায়ত্ত কৰাৰ আশ্বাস দিয়াত ৰাইজ শান্ত হয় ।

লগতে পঢ়ক : SI Junmoni Rabha Death: নিলম্বিত হ'ল বিতৰ্কিত আৰক্ষী বিষয়া মনোজ ৰাজবংশী

Last Updated :May 28, 2023, 11:13 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.