ETV Bharat / state

RTE Act : ব্যক্তিগত শিক্ষানুষ্ঠানত দৰিদ্ৰ শীক্ষাৰ্থীৰ বাবে ২৫ শতাংশ আসন সংৰক্ষণৰ নিৰ্দেশ ন্যায়ালয়ৰ

author img

By

Published : Mar 11, 2023, 2:12 PM IST

reservation of seats for poor students
দুখীয়া ছাত্ৰৰ বাবে ২৫ শতাংশ আসন সংৰক্ষণৰ নিৰ্দেশ ন্যায়ালয়ৰ

ব্যক্তিগত শিক্ষানুষ্ঠানত দুখীয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ২৫ শতাংশ আসন সংৰক্ষণৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ(Gauhati High Court order) ৷ দুখীয়া আৰু পিছপৰা শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে ২৫ শতাংশ আসন সংৰক্ষণ ব্যৱস্থাৰ সন্দৰ্ভত ৰাজহুৱা ঘোষণা দিয়াৰ লগতে আবেদন প্ৰ-পত্ৰ বিতৰণ কৰাৰ বিষয়ে ১৪ মার্চ বা তাৰ পূৰ্বে ৱেবছাইট, স্থানীয় সংবাদপত্ৰ আৰু বিশ্বাসযোগ্য মাধ্যমত আনুষ্ঠানিক ঘোষণা কৰিবলৈ উচ্চ ন্যায়ালয়ে শিক্ষা বিভাগক নির্দেশ দিছে ।

গুৱাহাটী, 11 মাৰ্চ : গুৱাহাটী উচ্চ ন্যায়ালয়ে ব্যক্তিগত শিক্ষানুষ্ঠানত দুখীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে আসন সংৰক্ষণ নিশ্চিত কৰাৰ সন্দৰ্ভত শুক্ৰবাৰে এক গুৰুত্বপূৰ্ণ ৰায়দান কৰে। ২০০৯ চনৰ শিক্ষাৰ অধিকাৰ আইনৰ(Right of Children To Free and Compulsory Education Act 2009) উলংঘনৰ বিষয়টোক লৈ দেৱাৰ্ঘ ৰয় নামৰ এজন ব্যক্তিয়ে দাখিল কৰা এখন স্বার্থজড়িত আবেদনৰ (২৪ / ২০২৩) ৰায়দান কৰি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অচিন্ত্যমল্ল বুজৰবৰুৱা আৰু ন্যায়াধীশ ৰবীন ফুকনৰ বিচাৰপীঠে আজি এই নির্দেশ দিয়ে।

উল্লেযোখ্য যে, ২০০৯-ৰ শিক্ষাৰ অধিকাৰ আইনৰ(RTE act 2009) অধীনত বেচৰকাৰী খণ্ডৰ সকলো শিক্ষানুষ্ঠানে নিকটৱৰ্তী অঞ্চলৰ দুখীয়া আৰু পিছপৰা শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে প্রাথমিক পর্যায়ত ২৫ শতাংশ আসন সংৰক্ষণ কৰিব লাগে আৰু তেনে শিক্ষার্থীক শিক্ষা সমাপ্ত নোহোৱা পর্যন্ত বিনামূলীয়া শিক্ষাদান কৰিব লাগে। এই সন্দৰ্ভত আদালতৰ হস্তক্ষেপৰ পাছত ৰাজ্য চৰকাৰে ২০২১ চনৰ ২ ছেপ্টেম্বৰত চৰকাৰী অধিসূচনাৰ জৰিয়তে যাবতীয় নীতি-নির্দেশনাও জাৰি কৰিছিল।

তথাপি শিক্ষাৰ অধিকাৰ আইনৰ ব্যৱস্থা মতে ২৫ শতাংশ আসন সংৰক্ষণৰ নিৰ্দেশনা ৰাজ্যৰ বেচৰকাৰী খণ্ডৰ বহু শিক্ষানুষ্ঠানে কার্যকৰী নকৰা বিষয়টো আবেদনকাৰীয়ে আদালতত তথ্য-প্রমাণসহ উত্থাপন কৰে। লগতে শিক্ষা বিভাগেও এই নির্দেশনা কার্যকৰী কৰিবলৈ শিক্ষানুষ্ঠানবোৰক বাধ্য কৰোৱা নাই বুলিও আদালতক জনোৱা হৈছিল। আবেদনকাৰীৰ হৈ অধিবক্তা অৰ্চনা বাৰ্মা আৰু দেৱস্মিতা ঘোষে যুক্তি দৰ্শাইছিল। যাৰ বাবে দেৱাৰ্ঘ ৰয়ে দাখিল কৰা স্বার্থজড়িত আবেদনখনৰ ভিত্তিত শিক্ষাৰ অধিকাৰ আইনৰ আধাৰত ৰাজ্যৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত আর্থিকভাৱে দুৰ্বল আৰু পিছপৰা শ্ৰেণীৰ পৰিয়ালৰ শিক্ষাৰ্থীৰ বাবে ২৫ শতাংশ আসন সংৰক্ষণ আৰু বিনামূলীয়া শিক্ষাদানৰ ব্যৱস্থা চলিত শিক্ষাবর্ষৰপৰাই কার্যকৰী কৰাটো নিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰক গুৱাহাটী উচ্চ ন্যায়ালয়ে নির্দেশ দিছে(reservation of seats for poor students in Assam)।

দুখীয়া আৰু পিছপৰা শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে ২৫ শতাংশ আসন সংৰক্ষণ ব্যৱস্থাৰ সন্দৰ্ভত ৰাজহুৱা ঘোষণা দিয়াৰ লগতে আবেদন প্ৰ-পত্ৰ বিতৰণ কৰাৰ বিষয়ে ১৪ মার্চ বা তাৰ পূৰ্বে ৱেবছাইট, আঞ্চলিক সংবাদপত্ৰ আৰু বিশ্বাসযোগ্য মাধ্যমত আনুষ্ঠানিক ঘোষণা কৰিবলৈ উচ্চ ন্যায়ালয়ে শিক্ষা বিভাগক নির্দেশ দিছে। লগতে সংশ্লিষ্ট শিক্ষানুষ্ঠানবোৰকো এই নামভর্তি সন্দৰ্ভত ১৫ মাৰ্চৰ ভিতৰত জাননী জাৰি কৰাৰ বাবে বাধ্য কৰাবলৈ প্ৰাথমিক শিক্ষা বিভাগক আদালতে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে।

চলিত ২০২৩-২৪ শিক্ষাবর্ষৰপৰাই কার্যকৰী কৰিব লগা এই ব্যৱস্থা পৰৱৰ্তী শিক্ষাবর্ষসমূহতো কার্যকৰী হোৱাটো নিশ্চিত কৰিবলৈ শিক্ষা বিভাগক নির্দেশ দিয়া হৈছে। মন কৰিবলগীয়া যে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অচিন্ত্যমল্ল বুজৰবৰুৱা আৰু ন্যায়াধীশ ৰবীন ফুকনৰ বিচাৰপীঠে আইন উলংঘা কৰা শিক্ষানুষ্ঠানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈও আদালতে শিক্ষা বিভাগক নির্দেশ দিছে।

লগতে পঢ়ক : Four laning works of NH 37: নিৰ্মাণৰ পিছতেই শিৱসাগৰত ভাঙিছে চাৰিলেনযুক্ত পথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.