ETV Bharat / state

জু ৰোডৰ চঞ্চল্যকৰ ডকাইতি কাণ্ড: ১২ ঘন্টা নৌহওঁতেই আৰক্ষীৰ জালত তিনি অভিযুক্ত

author img

By

Published : Oct 9, 2022, 10:38 PM IST

Robbery took place in Guwahati
১২ ঘন্টা নৌহওঁতেই আৰক্ষীৰ জালত তিনি অভিযুক্ত

১২ ঘন্টা নৌহওঁতেই গীতানগৰ আৰক্ষীয়ে কৰায়ত্ত কৰে দেওবাৰে দিন দুপৰতে জু ৰোডত সংঘটিত হোৱা চঞ্চল্যকৰ ডকাইতিকাণ্ডৰ তিনি অভিযুক্তক (Sensational robbery at Zoo road) ৷ অভিযুক্তকেইটা ক্ৰমে ধ্ৰুৱজ্যোতি শৰ্মা, ৰুবুল আলী আৰু ছালাউদ্দীন বুলি জানিব পৰা গৈছে (Guwahati Police arrested three accused at Zoo Road robbery case) ৷

গুৱাহাটী, ৯ অক্টোবৰ : ১২ ঘন্টা নৌহওঁতেই গীতানগৰ আৰক্ষীৰ সফলতা ৷ বৰ্তমান আৰক্ষীৰ জালত পৰিছে মহানগৰীৰ জু ৰোডত সংঘটিত হোৱা চঞ্চল্যকৰ ডকাইতি কাণ্ডৰ তিনি অভিযুক্তক (Guwahati Police arrested three accused at Zoo Road robbery case) ৷ বৰ্তমান মহানগৰ আৰক্ষীয়ে ভাস্কৰ নগৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে তিনি ডকাইত ক্ৰমে ধ্ৰুৱজ্যোতি শৰ্মা, ৰুবুল আলী আৰু ছালা উদ্দীন ।

ঘটনাৰ বিৱৰণি অনুসৰি, দেওবাৰে দেওবাৰে দিন দুপৰতে সংঘটিত হয় এক ডকাইতি কাণ্ড (Robbery took place in Guwahati) ৷ মহানগৰীৰ জু-ৰোডস্থিত এখন দোকানত সংঘটিত হয় এই ডকাইতিৰ ঘটনা (Zoo Road robbery case) ৷ প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, ৪-৫ জনীয়া দুৰ্বৃত্তৰ দলে ইনতাজ পাণ চপৰ পৰা লুটি লৈ যায় প্ৰায় ৬০-৭০ হাজাৰ টকা (Miscreant looted about 60-70 thousands) ৷

অভিযোগ অনুসৰি, দুৰ্বৃত্তৰ দলটো চিগাৰেট খোৱাৰ চলেৰে দোকানত সোমাইছিল ৷

তাৰ পাচতেই চিগাৰেটৰ পেকেটত ড্ৰাগছ ভৰাই দিয়া বুলি দুৰ্বৃত্তৰ দলটোৱে ব্যৱসায়ীজনক ভাবুকি দিছিল ৷ আনকি উক্ত দোকানখনত ড্ৰাগছৰ কন্টেইনাৰ পোৱা বুলি ধমকি দিছিল ব্যৱসায়ীগৰাকীক ৷ তাৰ পাচতে ব্যৱসায়ীগৰাকীৰ পৰা লুটি নিছিল কেবাহাজাৰ টকা ৷

প্ৰত্যক্ষদৰ্শীয়ে উল্লেখ কৰা অনুসৰি, দুৰ্বৃত্তৰ দলটোৱে নিজকে ক্ৰাইম ব্ৰাঞ্চৰ বিষয়া বুলি পৰিচয় দিছিল ৷ ইফালে সমগ্ৰ ঘটনাৰ দৃশ্যাংশ বন্দী হৈছে ম’বাইল ফোনৰ কেমেৰাত ৷ এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷

কিন্তু সুযোগ বুজি উক্ত স্থানৰ পৰা পলায়ন কৰে দুৰ্বৃত্ত কেইটাই ৷ তাৰ পাচতে ঘটনা সন্দৰ্ভত খবৰ দিয়া হয় গীতানগৰ আৰক্ষীক ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত আৰম্ভ কৰে তদন্ত । গীতানগৰ আৰক্ষীৰ তৎপৰতাত বৰ্তমান ৰঙা ঘৰৰ আলহী হ’ল নিজকে ক্ৰাইম ব্ৰাঞ্চৰ বিষয়া বুলি পৰিচয় দিয়া ধ্ৰুৱজ্যোতি শৰ্মা, ৰুবুল আলী আৰু ছালা উদ্দীন নামৰ ডকাইত কেইটা ৷

উল্লেখ্য যে, জু ৰোডত সংঘটিত হোৱা চঞ্চল্যকৰ ডকাইতি কাণ্ডৰ মূল তিনি অভিযুক্ত কাৰায়ত্ত কৰিছে যদিও উক্ত ঘটনাৰ সন্দৰ্ভত বৰ্তমানো আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : ক্ৰাইম ব্ৰাঞ্চৰ বিষয়া বুলি পৰিচয় দি দুৰ্বৃত্তই লুটিলে প্ৰায় ৬০-৭০ হাজাৰ টকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.