মাচুল নিদিলেও পাঠ গ্ৰহণৰ পৰা বঞ্চিত কৰিব নোৱাৰিব শিক্ষাৰ্থীক

author img

By

Published : Sep 11, 2021, 5:12 PM IST

High Court Order On School Fee

মাচুল পৰিশোধ কৰাতকৈ পাঠ গ্ৰহণৰ প্ৰয়োজনীয়তা অধিক । বিদ্যালয়ৰ মাচুল পৰিশোধ সন্দৰ্ভত গুৰুত্বপূৰ্ণ ৰায়দান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ । আদালতে ৰায় দিছে যে, নিয়মীয়াকৈ মাচুল আদায় নিদিলেও শিক্ষা গ্ৰহণ কৰাৰ পৰা কোনো শিক্ষাৰ্থীক বঞ্চিত কৰিব নোৱাৰিব কোনো বিদ্যালয়ে ।

গুৱাহাটী , ১১ ছেপ্টেম্বৰ: এতিয়াৰে পৰা নিয়মীয়াকৈ মাচুল আদায় নিদিলেও অনলাইন শিক্ষা গ্ৰহণ কৰাৰ পৰা কোনো শিক্ষাৰ্থীক বঞ্চিত কৰিব নোৱাৰিব কোনো বিদ্যালয়ে । গুৱাহাটী উচ্চ ন্যায়ালয়ে এই গুৰুত্বপূৰ্ণ ৰায়দান কৰিছে । মন কৰিবলগীয়া যে, বিগত প্ৰায় দুবছৰ ধৰি ক'ভিড-১৯ৰ সংক্ৰমণ অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত বিদ্যালয়সমূহে অনলাইন পাঠদান চলাই আহিছে । কিন্তু আৰ্থিকভাৱে দুৰ্বল বহু ছাত্র-ছাত্রীৰ অভিভাৱকে সময়মতে মাচুল আদাই দিব নোৱাৰিলে তেনে শিক্ষাৰ্থীক বহু বিদ্যালয়ে পাঠ গ্ৰহণৰ পৰা বঞ্চিত কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে । এই সন্দৰ্ভত অধিবক্তা বিকাশ শৰ্মাই গুৱাহাটী উচ্চ ন্যায়ালয়ত এক ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰিছিল ।

সেই আবেদনৰ শুনানি গ্ৰহণৰ অন্তত ন্যায়াধীশ কটেশ্বৰ সিং আৰু মনীষ চৌধুৰীৰ খণ্ড বিচাৰপীঠে এই ৰায় দান কৰে । ৰায়টোত এই বুলিও কোৱা হয় যে, মাচুল বৃদ্ধি কৰা বা নকৰা সন্দৰ্ভত সকলো সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব ফিজ ৰেগুলেটৰি কমিটীয়ে । বিদ্যালয়সমূহে আয় আৰু ব্যয়ৰ বিতং তথ্যও এই কমিটীক জমা দিব লাগিব । ৰায়টোত লগতে কোৱা হয় যে, প্ৰতিখন বিদ্যালয়ে আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্রীৰ তালিকাও উক্ত কমিটীক দাখিল কৰিব লাগিব ।

স্বাভাৱিকতে উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশে অভিভাৱকসকলক আশ্বস্ত কৰিছে । মাচুল পৰিশোধ কৰিব নোৱাৰাৰ বাবে বহু শিক্ষাৰ্থীয়ে শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত বাধাৰ সন্মুখীন হৈছিল ।

উল্লেখ্য যে, ক'ভিডসৃষ্ট পৰিস্থিতি তথা লকডাউনে বহু লোকৰে উপাৰ্জনৰ পথ এক প্ৰকাৰৰ বন্ধ কৰি পেলাইছে । এনে পৰিস্থিতিত সন্তানৰ বিদ্যালয়ৰ মাচুল সময়মতে পৰিশোধ কৰিব পৰা নাই বহু অভিভাৱকে । এতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই ৰায়ে সকাহ দিছে এইসকল অভিভাৱকক ।

লগতে পঢ়ক:নেমু উৎপাদনকাৰী আদৰ্শ গাঁও হিচাপে পৰিগণিত হ'ল নাহৰকটীয়াৰ চেলেংচুক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.