ETV Bharat / state

শ্লীলতা হানিৰ চেষ্টা: মহানগৰীৰত যুৱকৰ বিৰুদ্ধে যুৱতীৰ ৰুদ্ৰৰূপ

author img

By

Published : Jul 31, 2021, 10:39 PM IST

ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত দিন দুপৰতে এগৰাকী যুৱতীক এজন যুৱকে অশালীন ব্যৱহাৰ কৰাৰ ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ছ’চিয়েল মিডিয়া (Social Media)ত এই ঘটনাৰ ভিডিঅ' বিশেষভাৱে ভাইৰেল হৈছে আৰু যিটো ভিডিঅ'ই এতিয়া সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ ।

guwahati-sexual-harassment-story
ৰাজপথত শ্লীলতা হানিৰ চেষ্টা কৰা যুৱকৰ বিৰুদ্ধে ৰুদ্ৰৰূপ ধাৰণ যুৱতীৰ

গুৱাহাটী, ৩১ জুলাই : গুৱাহাটীৰ ৰাজপথত যুৱতীৰ শ্লীলতা হানি কৰিবলৈ গৈ বিপদত পৰিল এজন যুৱক । গুৱাহাটীৰ মাজমজিয়াৰ ডাউন টাউন(Down town)ৰ ৰুক্মিনীনগৰত সংঘটিত হৈছে এই ঘটনা । 'চিনাকী পথ’ কোনটো বুলি চিনাকী হোৱাৰ চলেৰে পাঞ্জাবাৰীৰ মধুচানা ৰাজকুমাৰ নামৰ যুৱকজনে এগৰাকী যুৱতীৰ দেহত স্পৰ্শ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । সমগ্ৰ ঘটনা বিৱৰি ভুক্তভোগী যুৱতীগৰাকীয়ে ফেচবুক (Facebook)ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে দিছপুৰ থানা (Dispur Police Station)ত এজাহাৰো দাখিল কৰিছে । যুৱতীগৰাকীয়ে এজাহাৰত উল্লেখ কৰা অনুসৰি ঘটনাটো শুকুৰবাৰৰ বিয়লি ৪.৩০ বজাত সংঘটিত হয় ।

guwahati-sexual-harassment-story
ৰাজপথত শ্লীলতা হানিৰ চেষ্টা কৰা যুৱকৰ বিৰুদ্ধে ৰুদ্ৰৰূপ ধাৰণ যুৱতীৰ

অভিযুক্ত যুৱকজন পাঞ্জাবাৰীৰ মধুসনা ৰাজকুমাৰ । যুৱতী গৰাকীয়ে এজাহাৰত উল্লেখ কৰা অনুসৰি- তেওঁ বিপৰীত ফালৰ পৰা খোজকাঢ়ি আহি থাকোতে যুৱকজনে তেওঁৰ স্কুটি লৈ যুৱতীগৰাকীৰ কাষলৈ আহে আৰু ঠিকনা এটা সোধে । যুৱতীগৰাকীয়ে তেওঁক শুনি নোপোৱা বুলি কোৱাত তেওঁ যুৱতীগৰাকীৰ ওচৰলৈ আহি সোধে “চিনাকী পথ" ক’ত আছে ?

যুৱতীগৰাকীয়ে উল্লেখ কৰা অনুসৰি, তেওঁ অতি নম্ৰতাৰে নাজানো বুলি কৈছিল আৰু আন কাৰোবাক সুধিবলৈ কয় । যুৱতীগৰাকীয়ে অভিযোগ কৰা অনুসৰি- ‘যুৱকজনে তেওঁৰ ব্যক্তিগত অংশত হাত দি তেওঁৰ শৰীৰত হঠাতে জঁপিয়াই পৰিছিল । এক ছেকেণ্ডৰ বাবে যুৱতীগৰাকীয়ে তেওঁৰ লগত কি ঘটিছিল তাকে ভাবি হিতাহিত জ্ঞান হেৰুৱাই পেলাইছিল ।

পিছ মুহূৰ্ততে যুৱতীগৰাকীয়ে যুৱকজনক কৰায়ত্ত কৰাৰ চেষ্টা কৰে আৰু তেওঁৰ স্কুটাৰখন নলাত পেলাই দিয়ে । পাচত ৰাইজৰ সহযোগত যুৱকজনক আটক কৰি আৰক্ষীক গটাই দিয়ে । ঘটনা সন্দৰ্ভত যুৱতীগৰাকীয়ে দিছপুৰ থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত সম্প্ৰতি আৰক্ষীয়ে যুৱকজনক গ্ৰেপ্তাৰ কৰিছে ।

লগতে পঢ়ক : প্ৰশান্ত কিশোৰে কি পৰামৰ্শ দিছে কংগ্ৰেছ দলক ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.