ETV Bharat / state

Guwahati Double Murder: পুনৰ ছদিনৰ আৰক্ষীৰ জিম্মালৈ বন্দনা কলিতা

author img

By

Published : Feb 22, 2023, 10:38 PM IST

Updated : Feb 22, 2023, 10:57 PM IST

Guwahati Double Murder
পুনৰ ছদিনৰ আৰক্ষীৰ জিন্মালৈ বন্দনা কলিতা

পুনৰ ছদিনৰ আৰক্ষীৰ জিম্মালৈ বন্দনা কলিতা (Horrific Double Murder In Guwahati) ৷ পানবজাৰ মহিলা আৰক্ষীয়ে জিম্মাত ল’লে বন্দনাক ৷ নুনমাটি আৰক্ষীয়ে ৪ দিনৰ জিম্মাত ৰখাৰ পাচত বুধবাৰে বন্দনাক হাজিৰ কৰাইছিল আদালতত ৷

পুনৰ ছদিনৰ আৰক্ষীৰ জিম্মালৈ বন্দনা কলিতা

গুৱাহাটী, ২২ ফেব্ৰুৱাৰী: স্বামী আৰু শাহুৱেকক অতি নৃশংসভাৱে হত্যা কৰি ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা গুৱাহাটীৰ বন্দনা কলিতাক পুনৰ ছদিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে (Bandana Kalita sent to six days police custody) । নুনমাটি আৰক্ষীয়ে ৪ দিনৰ জিন্মাত লোৱাৰ অন্তত বুধবাৰে আদালতত হাজিৰ কৰোৱা হৈছিল বন্দনাক ৷ ইয়াৰ পাচত আদালতে পুনৰ ছদিনৰ বাবে আৰক্ষীৰ জিন্মালৈ প্ৰেৰণ কৰে বন্দনাক ৷ আদালতৰ পৰা পোনে পোনে পাণবজাৰ মহিলা থানালৈ লৈ যোৱা হয় বন্দনা কলিতাক (Bandana Kalita involved in double murder) ।

প্ৰায় ৭ মাহ পূৰ্বে বন্দনা কলিতাই আন দুই সহযোগীৰ সৈতে লগ লাগি নিজৰ স্বামী আৰু শাহুৱেকক অতি নৃশংসভাৱে হত্যা কৰি টুকুৰা-টুকুৰকৈ কাটি পেলাই দিছিল মেঘালয়ৰ ডাউকীত (Woman killed husband and mother in law) ৷ ইয়াৰ পাচত আৰক্ষীয়ে অভিযান চলাই দেওবাৰে বন্দনা কলিতাক আৰু তাৰ পাচত তেওঁৰ দুই সহযোগী ধনটি ডেকা আৰু অৰূপ ডেকাক গ্ৰেপ্তাৰ কৰে ৷ মহানগৰ আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰখাৰ লগতে মঙলবাৰে তিনি অভিযুক্তক লগত লৈ মেঘালয়ত অভিযান চলাইছিল ।

ডাউকী পথৰ দাঁতিত মহানগৰ আৰক্ষীয়ে অমৰজ্যোতি দে’ৰ মৃতদেহৰ সন্ধানত অভিযান চলায় । তিনি অভিযুক্তই দেখুৱাই দিয়া স্থানসমূহত মৃতদেহৰ অংশ বিচাৰি অভিযান চলায় মহানগৰ আৰক্ষীয়ে । অমৰজ্যোতি দে’ৰ মূৰ, হাত, ভৰিৰ অৱশিষ্ট উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল মহানগৰ আৰক্ষী (Brutal murder in Guwahati)। ৰাজ্য জোঁকাৰি যোৱা মাতৃ-পুত্ৰ শংকৰী দে’ আৰু অমৰজ্যোতি দে’ৰ অৱশিষ্ট উদ্ধাৰ কৰাটো আৰক্ষীৰ বাবে প্ৰত্যাহ্বান আছিল, কিয়নো আগষ্ট মাহতে তেওঁলোকক হত্যা কৰি পেলায় দিয়া হৈছিল ডাউকীত ।

আৰক্ষী সূত্ৰে জানিব পৰা মতে, ২৬ জুলাইত শহুৱেক শংকৰী দে’ আৰু ১৭ আগষ্টত স্বামী অমৰজ্যোতি দে’ক নৃশংসভাৱে হত্যা কৰিছিল বন্দনা আৰু দুই সহযোগীয়ে । ইয়াৰ পাচত ২৯ আগষ্টত বন্দনা কলিতাই তেওঁৰ স্বামী অমৰজ্যোতি দে’ আৰু শাহুৱেক শংকৰী দে’ নিৰুদ্দেশ হোৱা বুলি নুনমাটি থানাত এজাহাৰ দাখিল কৰিছিল । এজাহাৰৰ পাচতেই নুনমাটি থানাই অনুসন্ধান আৰম্ভ কৰিছিল যদিও কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাছিল৷

ইফালে ২১ নৱেম্বৰত শংকৰী দে’ৰ ভতিজাক নিৰ্মাল্য দে’য়ে নুনমাটি থানাত আন এখন এজাহাৰ দাখিল কৰি শংকৰী দে’ৰ একাউন্টৰ পৰা কোনো লোকে ধন উলিয়াই নিয়া কথা উল্লেখ কৰিছিল । তেওঁ লগতে CIDৰ কাৰ্যালয়লৈ গৈ ঘটনাৰ পুনৰীক্ষণৰ বাবে আবেদন জনায় ৷ ইপিনে ১৪ ফেব্ৰুৱাৰীত বন্দনা কলিতাই মহানগৰ আৰক্ষী আয়ুক্তক সাক্ষাৎ কৰি স্বামী আৰু শাহুৱেকৰ নিৰুদ্দেশৰ ঘটনা সন্দৰ্ভত নুনমাটি থানাই ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰে ।

ইয়াৰ পাচতেই CID য়ে সমগ্ৰ ঘটনা সন্দৰ্ভত SIT গঠন কৰি পুনৰ তদন্ত আৰম্ভ কৰে৷ তদন্তকাৰী বিষয়াই বন্দনা কলিতা আৰু নিৰ্মাল্য দে‘ক মাতি আনি সোধপোচ আৰম্ভ কৰে (Horrific Double Murder In Guwahati) ৷ আৰক্ষীৰ জেৰাত বন্দনা কলিতাই নিজ মুখেৰে দুয়োটা হত্যাকাণ্ড সংঘটিত কৰা বুলি স্বীকাৰ কৰে ৷ বন্দনাৰ স্বীকাৰোক্তিৰ পাচতেই হত্যাকাণ্ডত সহযোগ কৰা ধনটি ডেকা আৰু অৰূপ ডেকাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ লগতে আৰক্ষীয়ে উদ্ধাৰ কৰে হত্যাকাণ্ডত ব্যৱহাৰ কৰা সামগ্ৰী আৰু মৃতদেহ পেলাবলৈ ব্যৱহাৰ কৰা বাহনখন (Sensational murder in Guwahati) ৷

লগতে পঢ়ক : Guwahati Double Murder: বন্দনাৰ বৰ্বৰতা; কি কয় মনোৰোগ বিশেষজ্ঞই !

Last Updated :Feb 22, 2023, 10:57 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.