ETV Bharat / state

Guwahati Double Murder: পুনৰ ৪ দিনৰ আৰক্ষীৰ জিম্মাত বন্দনা কলিতাসহ তিনি অভিযুক্ত

author img

By

Published : Feb 27, 2023, 9:44 PM IST

Guwahati Double Murder
পুনৰ ৪ দিনৰ আৰক্ষীৰ জিম্মাত বন্দনা কলিতাসহ অৰূপ আৰু ধনটি

পুনৰ আৰক্ষীৰ জিম্মাত প্ৰেৰণ বন্দনা কলিতাসহ অৰূপ আৰু ধনটিক ৷ হত্যাকাণ্ডৰ সন্দৰ্ভত অধিক তথ্য-প্ৰমাণ সংগ্ৰহৰ বাবে তিনিওকে পুনৰ প্ৰেৰণ কৰা হয় আৰক্ষী জিম্মালৈ (Guwahati Double Murder Prime accused) ৷ ইফালে অমৰজ্যোতি দে’ আৰু শংকৰী দে’ৰ মূৰৰ অংশ বিচাৰি আৰক্ষীয়ে পুনৰ চলাব পাৰে মেঘালয় পাহাৰত অভিযান ।

গুৱাহাটী, ২৭ ফেব্ৰুৱাৰী: গুৱাহাটীৰ ডাবল মাৰ্ডাৰৰ খলনায়িকা বন্দনা কলিতাসহ অৰূপ ডেকা আৰু ধনটি ডেকাক সোমবাৰে পুনৰ চাৰিদিনৰ বাবে আৰক্ষীৰ জিম্মাত দিয়া হৈছে (Bandana Kalita sent to 4 days police custody) । সোমবাৰে অমৰজ্যোতি দে’ আৰু শংকৰী দে’ৰ নৃশংস হত্যাকাৰী বন্দনা কলিতাসহ অৰূপ ডেকা আৰু ধনটি ডেকাক আৰক্ষীয়ে আদালতত হাজিৰ কৰিছিল । আদালতে অমৰজ্যোতি দে’ আৰু শংকৰী দে’ৰ হত্যাকাণ্ডৰ অধিক তথ্য প্ৰমাণ সংগ্ৰহৰ বাবে বন্দনা কলিতাসহ অৰূপ ডেকা আৰু ধনটি ডেকাক চাৰিদিনৰ বাবে আৰক্ষীৰ জিম্মাত দিয়ে (Guwahati Double Murder Prime accused) ।

বন্দনা কলিতাক পানবজাৰ মহিলা আৰক্ষী থানাত আৰু অৰূপ আৰু ধনটিক নুনমাটি আৰক্ষী থানাত ৰখা হৈছে । আৰক্ষীয়ে তিনিওৰে মাৰাথন জেৰা অব্যাহত ৰাখিছে । উল্লেখ্য যে, বন্দনা কলিতাসহ অৰূপ ডেকা আৰু ধনটি ডেকাই সুস্থ মস্তিষ্কৰে পৰিকল্পিতভাৱে হত্যা কৰা অমৰজ্যোতি দে’ আৰু শংকৰী দে’ৰ শৰীৰৰ অৱশিষ্ট অংশ এতিয়াও বিচাৰি পোৱা নাই (Brutal murder in Guwahati) । বন্দনা কলিতা, অৰূপ ডেকা আৰু ধনটি ডেকাই অমৰজ্যোতি দে’ আৰু শংকৰী দে’ক হত্যা কৰি টুকুৰা টুকুৰ কৰা মূৰৰ অংশ বিচাৰি আৰক্ষীয়ে এতিয়াও তদন্ত অব্যাহত ৰাখিছে ।

মন কৰিবলগীয়া যে, বন্দনা কলিতাসহ অৰূপ ডেকা আৰু ধনটি ডেকাই অমৰজ্যোতি দে’ আৰু শংকৰী দে’ক হত্যা কৰি শৰীৰৰ অংশ মেঘালয়ৰ পাহাৰৰ পৰা পেলায় দিছিল (Bandana Kalita Murder case) । গতিকে আৰক্ষীয়ে পুনৰ মেঘালয় পাহাৰত অভিযান চলোৱাৰ সম্ভাৱনা আছে । উল্লেখ্য যে, আজি বন্দনা কলিতাক আৰক্ষীয়ে আদালতত হাজিৰ কৰাৰ বাবে আৰক্ষীৰ গাড়ীত উঠোৱাৰ পূৰ্বে ডাবল মাৰ্ডাৰৰ খলনায়িকা বন্দনা কলিতাই সংবাদ মাধ্যমক কয়, ‘‘এতিয়া মই একো নকওঁ ।’’

উল্লেখযোগ্য যে, অমৰজ্যোতি দে’ ঘৰত কেয়াৰ টেকাৰ হিচাপে আছিল বন্দনা কলিতা । অগাধ সম্পত্তিৰ লালসাত অমৰজ্যোতি দে’ক প্ৰেমৰ জালত পেলাইছিল বন্দনাই । অমৰক প্ৰেমৰ জালত পেলাই অমৰজ্যোতিৰ সৈতে বিবাহপাশত আবদ্ধ হৈ অমৰজ্যোতিৰ মাতৃ শংকৰী দে’ৰ অগাধ ধন-সম্পত্তিৰ মালিকনী হোৱাৰ পৰিকল্পনা কৰিছিল বন্দনাই । বন্দনাৰ এই অভিসন্ধত সহযোগ কৰিছিল ধনটি আৰু অৰূপে । শাহু শংকৰী দে’ আৰু স্বামী অমৰজ্যোতি দে’ক ২৩ দিনৰ ব্যৱধানত দুই সহযোগী ধনটি ডেকা আৰু অৰূপ ডেকাক লগত লৈ বন্দনা কলিতাই হত্যা কৰিছিল ।

লগতে পঢ়ক : Guwahati Double Murder: শংকৰী দে‘ৰ স্বামীৰ পৰিয়ালৰ সৈতে নাছিল কোনো সম্পৰ্ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.