ETV Bharat / state

এটা কুকুৰ আৰু মৃত্যু ভাবুকি

author img

By

Published : Jul 25, 2019, 10:21 AM IST

Updated : Jul 25, 2019, 10:45 AM IST

কিছুদিন পূৰ্বে  মহানগৰীৰ নিলোৎপল বৰুৱা নামৰ ব্যক্তি গৰাকীয়ে নিজৰ পোহনীয়া কুকুৰটোক অত্যাচাৰ কৰা ভিডিঅ' ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা পাছতেই কুকুৰটোক উদ্ধাৰৰ বাবে যোৱা মহিলাক ব্যক্তি গৰাকীয়ে প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰে ৷

কুকুৰৰ বাবেই প্ৰাণে মৰাৰ ভাবুকি

গুৱাহাটী, 25 জুলাইঃ পোহনীয়া কুকুৰক অত্যাচাৰ কৰি পশুপ্ৰেমীৰ ৰোষত পৰিছে মহানগৰীৰ এজন লোক । ঘটনা অনুসৰি, কিছুদিন পূৰ্বে মহানগৰীৰ নিলোৎপল বৰুৱা নামৰ এগৰাকী ব্যক্তিয়ে নিজৰ পোহনীয়া কুকুৰটোক অত্যাচাৰ কৰা ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল ৷ লগে লগে ব্যক্তিজনৰ এই কাৰ্যত জাঙুৰ খাই উঠে পশুপ্ৰেমীসকল আৰু উৰ্মিলা দাস নামৰ এগৰাকী মহিলাই লোকজনৰ পৰা কুকুৰটো উদ্ধাৰ কৰিবলৈ নিলোৎপল বৰুৱাৰ ঘৰত উপস্থিত হয় ৷ কিন্তু ব্যক্তিজনে ওলোটাই মহিলা গৰাকীক অকথ্য নিৰ্যাতন চলোৱাৰ লগতে প্ৰাণে মৰাৰ ভাবুকিও প্ৰদান কৰে ৷ ইতিমধ্যেই মহিলাগৰাকীয়ে যোৱা 18 জুলাই তাৰিখে দিছপুৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীয়ে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল ৷ সেয়ে বুধবাৰে অভিনৱ প্ৰয়াস আৰু ডা পাৰপাউছ ফাউণ্ডেশ্যন নামৰ সংগঠন দুটাই দিছপুৰ আৰক্ষী থানাত উপস্থিত হৈ শীৰ্ষ আৰক্ষী বিষয়াক সাক্ষাৎ কৰে আৰু ঘটনাৰ অতিশীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় ৷

এটা কুকুৰ আৰু মৃত্যু ভাবুকি
Intro:কুকুৰৰ বাবেই মহিলাক প্ৰাণে মৰাৰ ভাবুকি


Body:পোহনীয়া কুকুৰক অত্যাচাৰ কৰি পশুপ্ৰেমী ৰোষত এজন উদণ্ড লোক। কিছুদিন পূৰ্বে মহানগৰীৰ নিলোৎপল বৰুৱা নামৰ এগৰাকী ব্যক্তিয়ে নিজৰ পোহনীয়া কুকুৰটোক অত্যাচাৰ কৰিছিল। সেই ভিডিঅ' ভাইৰেল হৈ পৰিছিল ছ'চিয়েল মিডিয়াই। নিলোৎপল বৰুৱাৰ এই কাৰ্যত জাঙুৰ খাই উঠে পশুপ্ৰেমীসকল। পিছত লোকজনৰ পৰা কুকুৰটো উদ্ধাৰ কৰিবলৈ গৈ অকথ্য নিৰ্যাতনৰ সন্মূখীন হোৱাৰ অভিযোগ উৰ্মিলা দাস নামৰ এগৰাকী মহিলাৰ। কেৱল ইমানেই নহয় মহিলাগৰাকীক নিলোৎপল বৰুৱাই প্ৰাণে মৰাৰো ভাবুকি দিয়াৰো অভিযোগ মহিলাগৰাকীৰ। ইতিমধ্যেই মহিলাগৰাকীয়ে যোৱা ১৮ তাৰিখে দিছপুৰ আৰক্ষী থানাত এই ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে। কিন্তু আৰক্ষীৰ ভুমিকাত ক্ষুব্ধ মহিলাগৰাকীৰ লগতে পশুপ্ৰেমীসকলে। বুধবাৰে অভিনৱ প্ৰয়াস আৰু ডা পাৰপাউছ ফাউণ্ডেশ্যন নামৰ সংগঠনদুটাই দিছপুৰ আৰক্ষী থানাত উপস্থিত হৈ শীৰ্ষ আৰক্ষী বিষয়াক সাক্ষাৎ কৰে। ঘটনাৰ অতিশীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই সংগঠনদুটাই।


Byte


Conclusion:Asrar Ansari
Guwahati
Last Updated : Jul 25, 2019, 10:45 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.