ETV Bharat / state

Congress protest regarding Manipur issue: হিংসাজৰ্জৰ মণিপুৰত শান্তি প্ৰতিষ্ঠাৰ দাবীত কংগ্ৰেছৰ প্ৰতিবাদ

author img

By

Published : Aug 3, 2023, 5:01 PM IST

গুৱাহাটীৰ ৰাজীৱ ভৱনত কংগ্ৰেছ সেৱাদলৰ উত্তাল প্ৰতিবাদ । মণিপুৰত ৰাষ্ট্ৰপতি শাসনৰ দাবী । মণিপুৰৰ মুখ্যমন্ত্রী এন বীৰেন সিঙক শীঘ্ৰে অপসাৰণ কৰাৰ দাবী কংগ্ৰেছৰ ।

congress protest regarding Manipur issue
হিংসাজৰ্জৰ মণিপুৰত শান্তি প্ৰতিষ্ঠাৰ দাবীত কংগ্ৰেছৰ প্ৰতিবাদ

হিংসাজৰ্জৰ মণিপুৰত শান্তি প্ৰতিষ্ঠাৰ দাবীত কংগ্ৰেছৰ প্ৰতিবাদ

গুৱাহাটী,৩ আগষ্ট: অশান্তজৰ্জৰ চুবুৰীয়া ৰাজ্য মণিপুৰত শান্তি প্ৰতিষ্ঠাৰ দাবীত বৃহস্পতিবাৰে প্ৰদেশ কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । দীৰ্ঘদিন ধৰি হিংসাৰ দাবানলত জ্বলি থকা মণিপুৰত শান্তি প্ৰতিষ্ঠা কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে কেন্দ্ৰীয় চৰকাৰ আৰু মণিপুৰ চৰকাৰ । চৰকাৰৰ এই ব্যৰ্থতাৰ বাবে প্ৰদেশ কংগ্ৰেছৰ সেৱাদলে গুৱাহাটীৰ ৰাজীৱ ভৱন চৌহদত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । প্ৰতিবাদকাৰীসকলে সমদল কৰি ৰাজপথলৈ ওলাই আহিব বিচাৰে যদিও আৰক্ষীয়ে বেৰিকেড লগাই বাধা প্ৰদান কৰে ।

প্ৰতিবাদকাৰীসকলে মণিপুৰলৈ শান্তি ঘূৰাই অনাত বিফল হোৱাৰ বাবে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ পদত্যাগ দাবী কৰে । লগতে মণিপুৰত ৰাষ্ট্ৰপতি শাসনৰ দাবী কৰে । প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰদেশ কংগ্ৰেছ সেৱাদলৰ অধ্যক্ষ দীপ বায়নে কয় যে মণিপুৰৰ ঘটনাক লৈ আমি বিশ্ববাসীৰ ওচৰত লজ্জিত হৈছো যদিও 'ডাৱল ইঞ্জিন'ৰ চৰকাৰখন লজ্জিত হোৱা নাই । উত্তৰ-পূৰ্বাঞ্চলক অষ্টলক্ষ্মীৰ দেশ বুলি কোৱা বিজেপি চৰকাৰে আজি মণিপুৰৰ ঘটনাক লৈ কিয় নীৰৱ হৈ আছে বুলি প্ৰশ্ন কৰে ৷ তেওঁ লগতে প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু 'নেডা'ৰ আহ্বায়ক তথা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰে ।

সেৱাদলৰ অধ্যক্ষ দীপ বায়নে আৰু কয় যে মণিপুৰ জ্বলন্ত অগ্নিকুণ্ডত পৰিণত হোৱাৰ পাছতো কিন্তু আজিলৈকে কেন্দ্ৰীয় চৰকাৰে শান্তি প্ৰতিষ্ঠাৰ বাবে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই । বিজেপি চৰকাৰৰ দিনত দেশৰ উন্নতিৰ বিপৰীতে জাত-পাতৰ ৰাজনীতি বেছিকৈ হৈছে বুলি তেওঁ কয় । শান্তি প্ৰতিষ্ঠাত সম্পূৰ্ণ ব্যৰ্থ হোৱা মণিপুৰৰ মুখ্যমন্ত্রী এন বীৰেন সিঙৰ বিৰুদ্ধে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই । তেওঁ মণিপুৰত ৰাষ্ট্ৰপতি শাসনৰ দাবী তুলি কয় যে কংগ্ৰেছ দল সদায় মণিপুৰবাসীৰ লগত আছে ।

লগতে পঢ়ক: Kuki Mass cremation : কুকি সংগঠনৰ ৰাজহুৱা সমাধি কাৰ্যসূচী বাতিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.