ETV Bharat / state

Assam Police: আৰক্ষী বিষয়া পণজিৎ দুৱৰাসহ 9 জন আৰক্ষীৰ বিৰুদ্ধে গোচৰ ৰুজু

author img

By ETV Bharat Assamese Team

Published : Aug 23, 2023, 11:51 AM IST

Assam Police
9 আৰক্ষীৰ বিৰুদ্ধে ভৰলুমুখ আৰক্ষীয়ে ৰুজু কৰিলে গোচৰ

অসম আৰক্ষীৰ আন এক কলংকিত কাহিনী ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপত 9 জন আৰক্ষীৰ বিৰুদ্ধে গোচৰ ৷ আৰক্ষীৰ জিম্মাত থকা অভিযুক্তক প্ৰহাৰৰ কৰাৰ বাবে গোচৰ ৰুজু পণজিৎ দুৱৰাসহ 9 গৰাকী আৰক্ষীৰ বিৰুদ্ধে ৷

গুৱাহাটী, 23 আগষ্ট: অৱশেষত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপত আৰক্ষী বিষয়া পণজিৎ দুৱৰাসহ 9 গৰাকী আৰক্ষীৰ বিৰুদ্ধে ভৰলুমুখ থানাত ৰুজু কৰা হৈছে গোচৰ । আৰক্ষীৰ জিম্মাত অভিযুক্তক প্ৰহাৰ কৰা ঘটনা সন্দৰ্ভত 9 গৰাকী আৰক্ষীৰ বিৰুদ্ধে ভৰলুমুখ থানাত ভাৰতীয় দণ্ডবিধিৰ 325/294/506/34 ধাৰাৰ অধীনত 220/2023 নম্বৰত ৰুজু হৈছে গোচৰ ।

উল্লেখ্য যে 2018 চনত এটা গোচৰৰ ভিত্তিত মনোজ কুমাৰ উপাধ্যায় নামৰ এজন লোকক গ্রেপ্তাৰ কৰি তিনি দিনৰ জিম্মাত লৈছিল ভৰলুমুখ আৰক্ষীয়ে । পিচত নির্দিষ্ট জিম্মাৰ ম্যাদ অন্ত পৰাত আৰক্ষীয়ে উপাধ্যায়ক আদালতত হাজিৰ কৰাই পুনৰ পাঁচ দিনৰ জিম্মাত বিচাৰি আবেদন জনাইছিল । কিন্তু আদালতত হাজিৰ কৰোৱাৰ সময়ত আৰক্ষীয়ে অভিযুক্ত উপাধ্যায়ক জিম্মাত থকা অৱস্থাত প্ৰহাৰ কৰা বুলি আদালতক অৱগত কৰিছিল ।

আৰক্ষীৰ প্ৰহাৰত আঘাত পোৱা স্থানো আদালতক দেখুৱাইছিল উপাধ্যায়ে । লগে লগে আদালতে উপাধ্যায়ক জিম্মাত বিচৰা আৰক্ষীৰ আবেদন নাকচ কৰে । মন কৰিবলগীয়া যে, আৰক্ষীয়ে চলোৱা অত্যাচাৰৰ ঘটনা সন্দৰ্ভত 2018 চনৰ 14 জুন আৰু 28 জুনত ডি জি পিৰ লগতে ডি চি পিক লিখিত অভিযোগ দাখিল কৰিছিল উপাধ্যায়ে ।

কিন্তু এনে আবেদনৰ পিচতো ন্যায় নোপোৱাত উপাধ্যায়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন লেখ আবেদন দাখিল কৰিছিল । এই লেখ আবেদনৰ ভিত্তিত শুনানি লৈ উচ্চ ন্যায়ালয়ে যোৱা জানুৱাৰী মাহত ডি জি পি আৰু ডি চি পি কাৰ্যালয়ত পূর্বে দাখিল কৰা অভিযোগ পত্ৰখনকে এজাহাৰ হিচাপে গ্ৰহণ কৰি 9 আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নির্দেশ দিয়ে ।

কিন্তু উচ্চ ন্যায়ালয়ৰ উক্ত নির্দেশনাৰ পিচতো আৰক্ষী বিষয়াসকলৰ বিৰুদ্ধে থানাত গোচৰ ৰুজু হোৱা নাছিল । কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ে বিষয়টোত কঠোৰ‌ হস্তেক্ষেপ কৰি গোচৰ ৰুজু কৰাৰ লগতে অহা 30 আগষ্টত গোচৰৰ তদন্তৰ প্রতিবেদন দাখিল কৰিবলৈ চৰকাৰী পক্ষক নির্দেশ দিয়ে ।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই কঠোৰ হস্তক্ষেপত আৰক্ষী বিষয়া পণজিৎ দুৱৰাসহ 9 গৰাকী আৰক্ষীৰ বিৰুদ্ধে ভৰলুমুখ থানাই গোচৰ ৰুজু কৰিবলৈ বাধ্য হৈছে । এজাহাৰত নাম থকা এই আৰক্ষী বিষয়াসকল হৈছে ক্রমে অতিৰিক্ত আৰক্ষী অধীক্ষক পণজিৎ দুৱৰা, এছ আই কংকণ মহন্ত, এছ আই আফজল হুছেইন, এ এছ আই সনৎ কুমাৰ মুদৈ, কনিষ্টবল ৰাজেন্দ্ৰ যাদৱ, যদুমণি নাথ, কাবুল নাথ আৰু গৃহৰক্ষী বাবুল আলী ।

লগতে পঢ়ক: BJP leader suspended: জ্যেষ্ঠ দুই বিজেপি নেতাৰ বিৰুদ্ধে ধৰ্ণা দি নিলম্বিত দলৰেই নেতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.