ETV Bharat / state

Bjp Leader Suspended: জ্যেষ্ঠ দুই বিজেপি নেতাৰ বিৰুদ্ধে ধৰ্ণা দি নিলম্বিত দলৰেই নেতা

author img

By ETV Bharat Assamese Team

Published : Aug 22, 2023, 10:41 PM IST

অন্তঃকলহত জৰ্জৰ বিজেপি । দুই জ্যেষ্ঠ বিজেপি নেতাৰ বিস্ফোৰণৰ পাছতে ক্ষুব্ধ হৈ মঙলবাৰে শতাধিক বিজেপি নেতা-কৰ্মী ৰাজপথলৈ ওলাই আহি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ ইয়াৰ পাছতে কঠোৰ পদক্ষেপ ৰাজ্যিক বিজেপিৰ ।

BJP leader Soumendra Nath Deka suspended
বিজেপি নেতা সৌমেন্দ্ৰ নাথ ডেকাক নিলম্বন

বিজেপি নেতা সৌমেন্দ্ৰ নাথ ডেকাক নিলম্বন

গুৱাহাটী,২২আগষ্ট: জ্যেষ্ঠ বিজেপি নেতা সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু ৰাজেন গোহাঁইৰ শেহতীয়া মুকলি বিদ্ৰোহে কঁপাইছে বিজেপিৰ ভিতৰচ'ৰা । ক্ষুব্ধ হৈ পৰিছে বিজেপিৰ একাংশ সাধাৰণ নেতা কৰ্মী । পিছে এইবাৰ দুই ম'হৰ যুঁজত যেন বিৰিণাৰ মৰণ । ৰাজপথত “সিদ্ধাৰ্থ ভট্টাচাৰ্য মুর্দাবাদ, ৰাজেন গোহাঁই মুর্দাবাদ, হিমন্ত বিশ্ব জিন্দাবাদ” শ্লোগান দি বিজেপিৰ পৰা নিলম্বিত হ’ল বিজেপি নেতা ।

আভ্যন্তৰীণ কন্দলত জৰ্জৰিত বিজেপিৰ নেতৃত্ব যেন হঠাৎ কঠোৰ হৈ পৰিছে ৷ মঙলবাৰে বিয়লি দলৰ নেতাৰ বিৰুদ্ধে ধৰ্ণা আৰু সন্ধিয়ালৈ ধৰ্ণাৰ নেতৃত্ব লোৱা পালিনেতাক নিলম্বন ৷ সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু ৰাজেন গোঁহাইৰ বিৰুদ্ধে ধৰ্ণা দি নিলম্বিত হ'ল বিজেপিৰ নেতা ৷ ৰাজ্যিক বিজেপিয়ে তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ নিলম্বন কৰিছে দলৰেই জ্যেষ্ঠ নেতাৰ বিৰুদ্ধে গুৱাহাটীৰ ৰাজপথত শোভাযাত্ৰা কৰি ধৰ্ণাৰ নেতৃত্ব দিয়া সৌমেন্দ্ৰ নাথ ডেকাক ৷

BJP leader Soumendra Nath Deka suspended
বিজেপি নেতা সৌমেন্দ্ৰ নাথ ডেকাক নিলম্বন

ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক দিপ্লু ৰঞ্জন শৰ্মাই সৌমেন্দ্ৰ নাথ ডেকাক দলৰ পৰা নিলম্বন কৰিছে । ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ নিৰ্দেশ মৰ্মে নিলম্বন কৰা বুলি বুলি সৌমেন্দ্ৰ নাথ ডেকালৈ পত্ৰ প্ৰেৰণ কৰিছে দিপ্লু ৰঞ্জন শৰ্মাই ৷ নিলম্বিত পত্ৰখনত উল্লেখ কৰা হৈছে— “ভাৰতীয় জনতা পার্টিৰ জ্যেষ্ঠ নেতৃত্বৰ বিৰুদ্ধে উদ্দেশ্য প্রণোদিতভাৱে ৰাজহুৱা স্থানত ধর্ণা প্ৰদৰ্শন কৰি দল বিৰোধী কার্যকলাপত লিপ্ত হোৱা তথা দলীয় অনুশাসন ভংগ কৰাৰ গুৰুতৰ অভিযোগৰ ভিত্তিত ভাৰতীয় জনতা পার্টি, অসম প্রদেশ মাননীয় সভাপতি শ্ৰীযুত ভবেশ কলিতা ডাঙৰীয়াই তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ আপোনাক ভাৰতীয় জনতা পাৰ্টিৰ পৰা নিলম্বন কৰিছে।”

বিজেপিৰ জ্যেষ্ঠ নেতা সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু ৰাজেন গোহাঁইৰ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ বিৰুদ্ধে শেহতীয়া মুকলি বিস্ফোৰণে জোকাৰণি তুলিছে ৰাজ্যিক বিজেপিত । ইয়াৰ মাজতে গুৱাহাটীত মঙলবাৰে বৃহৎ সংখ্যক বিজেপি নেতা-কৰ্মীয়ে ৰাজপথত শোভাযাত্ৰা কৰি ধৰ্ণা কাৰ্যসূচী পালন কৰে । সিদ্ধাৰ্থ ভট্টাচাৰ্য মুর্দাবাদ, ৰাজেন গোহাঁই মুর্দাবাদ, হিমন্ত বিশ্ব জিন্দাবাদ ধ্বনিৰে উত্তাল কৰি তুলিছিল ৰাজপথ ৷ এই গোটেই কাৰ্যসূচীৰ নেতৃত্ব দিছিল সৌমেন্দ্ৰ নাথ ডেকা নামৰ নেতাজনে ৷

গুৱাহাটী পৌৰ নিগমৰ প্ৰাক্তন উপ-মেয়ৰ আছিল সৌমেন্দ্ৰ নাথ ডেকা আৰু এই সৌমেন্দ্ৰ ডেকাই উল্লেখ কৰিছিল যে দুইগৰাকী জ্যেষ্ঠ নেতাই একাংশ ন-বিজেপিক লৈ যি মন্তব্য কৰিছিল সেই মন্তব্যই তেওঁলোকৰ মনত আঘাত দিছিল । ইয়াৰ উপৰিও আন কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল পালি নেতাগৰাকীয়ে ।

লগতে পঢ়ক: IAF drill In Jorhat: ৩৬ শ কিলোমিটাৰ আন্ত:ৰাষ্ট্ৰীয় সীমান্ত সুৰক্ষাত অতন্দ্ৰ প্ৰহৰীৰ ৰূপত ভাৰতীয় বায়ুসেনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.