The Kashmir Files: গুৱাহাটী বিশ্ববিদ্যালয়ৰ সিদ্ধান্ত বাতিলৰ দাবী

author img

By

Published : Mar 26, 2022, 9:53 PM IST

The Kashmir Files
গুৱাহাটী বিশ্ববিদ্যালয়ৰ সিদ্ধান্ত বাতিলৰ দাবী ()

গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বিশ্ববিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীক দ্য কাশ্মীৰ ফাইলচ চাবলৈ অর্ধছুটী দিয়া সিদ্ধান্তক (GU grants leave for watching The Kashmir Files)হঠকাৰী আৰু হাস্যকৰ বুলি সদৌ অসম ছাত্ৰ সন্থাৰ গুৱাহাটী বিশ্ববিদ্যালয় গোট আৰু বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় গোটে মন্তব্য কৰিছে ৷ চৰকাৰৰ সুৰতে সুৰ মিলাবলৈ গৈ বিশ্ববিদ্যালয় কর্তৃপক্ষই শিক্ষানুষ্ঠানখনৰ স্বকীয়তা, স্বতন্ত্ৰতা আৰু চিন্তাৰ স্বাধীনতাক বিসর্জন দিয়া বুলিও অভিযোগ উত্থাপিত হৈছে ৷

গুৱাহাটী, 26 মাৰ্চ: গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বিশ্ববিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীক দ্য কাশ্মীৰ ফাইলচ চাবলৈ অর্ধছুটী দিয়া সিদ্ধান্ত (GU grants leave for watching The Kashmir Files) হঠকাৰী আৰু হাস্যকৰ বুলি সদৌ অসম ছাত্ৰ সন্থাৰ গুৱাহাটী বিশ্ববিদ্যালয় গোট আৰু বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় গোটে মন্তব্য কৰিছে । গুৱাহাটী বিশ্ববিদ্যালয় কর্তৃপক্ষই যোৱা 23 মাৰ্চত দ্য কাশ্মীৰ ফাইলচ উপভোগ কৰিব বিচৰা শিক্ষক, বিষয়া আৰু কৰ্মচাৰীলৈ অর্ধছুটী প্ৰদানৰ জাননী জাৰি কৰিছিল ।

বিশ্ববিদ্যালয় কর্তৃপক্ষৰ এই জাননীক হঠকাৰী আৰু হাস্যকৰ আখ্যা দিছে সদৌ অসম ছাত্ৰ সন্থাৰ গুৱাহাটী বিশ্ববিদ্যালয় গোট আৰু বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় গোটে (GU ASSU criticizes authorities decision on The Kashmir Files)। গুৱাহাটী বিশ্ববিদ্যালয় আছু গোটৰ সভাপতি হিমানী কলিতা, সাধাৰণ সম্পাদক অনুস্মিতা দাস আৰু বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় আছু গোটৰ সভাপতি কংকন মেধিয়ে শনিবাৰে ই টি ভি ভাৰতলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে কয় যে, শিক্ষানুষ্ঠানখনে বিদ্যায়তনিক কাম-কাজ বাদ দি চলচ্চিত্ৰ চাবলৈ ছুটী প্ৰদান কৰা কাৰ্য কোনো কাৰণতেই বিশ্ববিদ্যালয়খনৰ শৈক্ষিক, প্ৰশাসনিক পৰিৱেশৰ অনুকুল হ'ব নোৱাৰে ।

ক'ভিডৰ বাবে যোৱা দুটা বৰ্ষত বিশ্ববিদ্যালয়ৰ শৈক্ষিক আৰু প্ৰশাসনিক কামকাজত যথেষ্ট নেতিবাচক প্ৰভাৱ পৰিছে । এতিয়া ক্ৰমশঃ স্বাভাৱিক অৱস্থা ঘূৰি আহিবলৈ লওঁতেই কর্তৃপক্ষই বিদ্যায়তনিক, প্ৰশাসনিক কাম-কাজ বাদ দি চলচ্চিত্ৰ চাবলৈ উৎসাহ যোগোৱা কাৰ্য হাস্যকৰেই নহয়, হঠকাৰীও । গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৭৫ বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে এনে সিদ্ধান্ত লোৱা কর্তৃপক্ষই এই বিশেষ চলচ্চিত্ৰখনৰ প্ৰতি কি দুখ অনুভৱ কৰিলে সেই কথা ৰাজহুৱাকৈ প্ৰকাশ কৰা উচিত ।

চৰকাৰৰ সুৰতে সুৰ মিলাবলৈ গৈ বিশ্ববিদ্যালয় কর্তৃপক্ষই শিক্ষানুষ্ঠানখনৰ স্বকীয়তা, স্বতন্ত্ৰতা আৰু চিন্তাৰ স্বাধীনতাক বিসর্জন দিছে । এই কথা মানি ল'ব নোৱাৰি । অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ প্ৰচাৰ-প্ৰসাৰৰ ক্ষেত্ৰত কোনোদিনে পদক্ষেপ লৈ নোপোৱা বিশ্ববিদ্যালয় কর্তৃপক্ষই হিন্দী কথাছবিৰ পৰোক্ষ প্ৰচাৰত লিপ্ত হৈ শিক্ষানুষ্ঠানখনৰ মর্যাদা হানি কৰিছে । এই সিদ্ধান্ত বিশ্ববিদ্যালয়ৰ গৰিমা, শৈক্ষিক পৰিৱেশ আৰু নিৰপেক্ষ স্থিতিৰ পৰিপন্থী । কর্তৃপক্ষই বিশ্ববিদ্যালয়ৰ মান-মর্যাদা অটুট ৰাখি এই সিদ্ধান্ত শীঘ্ৰেই বাতিল কৰাৰ বাবে তেওঁলোকে দাবী জনায় ।

লগতে পঢ়ক: দিছপুৰে দিয়া নাই চাৰি কোটি: চৰম বিত্তীয় সংকটত আলফা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.