ETV Bharat / state

AFSPA মুক্ত হ’ল অসমৰ ৬০ শতাংশ অঞ্চল

author img

By

Published : Mar 31, 2022, 7:55 PM IST

afspa withdrawal from 60 percent assam
AFSPA মুক্ত অসমৰ ৬০ শতাংশ অঞ্চল

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল সম্বোধন । সাহসী আৰু ঐতিহাসিক পদক্ষেপৰ বাবে প্ৰধানমন্ত্রী আৰু গৃহমন্ত্রীক ধন্যবাদ জ্ঞাপন মুখ্যমন্ত্ৰীৰ । অসমক বিকাশৰ গতিত আৰু অধিক আগুৱাই যোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে অসমক অশান্ত অঞ্চলৰ পৰা মুক্ত কৰিলে (Govt removes AFSPA from 60% areas of Assam) । অসমৰ ৯ খন জিলা আৰু এটা মহকুমাকত অব্যাহত থাকিব সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন ।

গুৱাহাটী,৩১ মাৰ্চ: অৱশেষত অসমৰ ৬০ শতাংশ অঞ্চলৰ পৰা প্ৰত্যাহাৰ কৰা হ'ল সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন-১৯৫৮(AFSPA-1958) । লগতে মণিপুৰ আৰু নাগালেণ্ডৰ পৰাও আইনখন প্ৰত্যাহাৰ কৰা হৈছে (Govt removes AFSPA from parts of Nagaland, Assam and Manipur)। বৃহস্পতিবাৰৰ মাজনিশাৰ পৰা প্ৰত্যাহাৰ হ'ব সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন ।

এই সন্দৰ্ভত বৃহস্পতিবাৰে বিয়লি জনতা ভৱনত এখন সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কয় যে ভাৰত চৰকাৰে আজি এটা ঐতিহাসিক সিদ্ধান্ত লৈছে । ভাৰত চৰকাৰে অসমকে ধৰি মণিপুৰ আৰু নাগালেণ্ডৰ বৃহৎ অঞ্চলৰ পৰা সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ কৰাৰ ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে ।

তেওঁ কয় যে ১৯৯০ চনৰ ২৭ আৰু ২৮ নবেম্বৰৰ মাজনিশাৰ পৰা অসমত সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰযোজ্য হৈছিল । ইয়াৰ পাছত ৬০তকৈও অধিক সংখ্যক বাৰ আইনখনৰ ম্যাদ বৃদ্ধি কৰা হৈছিল । ২০১৪ চনত প্ৰধান মন্ত্রী নৰেন্দ্ৰ মোডী শাসনলৈ অহাৰ প‍াছত মিজোৰাম আৰু মেঘালয়ৰ পৰা আইনখন প্ৰত্যাহাৰ কৰা হৈছিল ।

পৰবৰ্ত্তী পৰ্যায়ত অৰুণাচলৰ পৰাও প্ৰত্যাহাৰ কৰা হয় । তেওঁ কয় যে অসম, নাগালেণ্ড আৰু মণিপুৰ চৰকাৰৰ লগত হোৱা আলোচনা আৰু আইন-শৃংখলা পৰিস্থিতিৰ বুজ লোৱাৰ পাছত আজি ভাৰত চৰকাৰে এই নিৰ্দেশনা জাৰি কৰিছে । অসমৰ ৯ খন জিলা আৰু এটা মহকুমাক বাদ দি বাকী সকলো অঞ্চলৰ পৰা আইনখন প্ৰত্যাহাৰ কৰাৰ বাবে ভাৰত চৰকাৰে নিৰ্দেশ প্ৰদান কৰিছে ।

সেই অনুসৰি যোৰহাট, গোলাঘাট, শিৱসাগৰ, চৰাইদেও, তিনিচুকিয়া, ডিব্ৰুগড়, পশ্চিম কাৰ্বি আংলং, পূব কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ লগতে কাছাৰৰ লক্ষিপুৰ মহকুমাত আইনখন বাহাল থাকিব । অসমৰ ৬০ শতাংশ অঞ্চল আজি মাজনিশাৰ পৰা আইনখনৰ পৰা মুক্ত হ'ব ।

তেওঁ কয় যে আলফা স্বাধীন সক্ৰিয় হৈ থকাৰ পৰিপ্ৰেক্ষিতত উজনি অসমত আইনখন বাহাল আছে । আলফা স্বাধীনৰ লগত শান্তি আলোচনাৰ বাবে অসম চৰকাৰ আগ্ৰহী বুলি উল্লেখ কৰি তেওঁ কয় যে এই দিশত ইতিবাচক পদক্ষেপ লৈ থকা হৈছে । আইনখন প্ৰত্যাহাৰ কৰাৰ সাহসী আৰু ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰাৰ বাবে তেওঁ প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহ মন্ত্রী অমিত শ্বাহক ধন্যবাদ জ্ঞাপন কৰে ।

শান্তি আৰু বিকাশৰ ধাৰা যাতে অব্যাহত ৰাখিব পাৰো ত‍াৰ বাবে অসমৰ ৰ‍াইজৰ দায়িত্ব বাঢ়িল বুলি উল্লেখ কৰি তেওঁ কয় যে আজি অসমে বিকাশৰ ক্ষেত্ৰত এক তীব্ৰ গতিত ধাৱমান হৈছে । অসমক বিকাশৰ গতিত আৰু অধিক আগুৱাই যোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে অসমক অশান্ত অঞ্চলৰ পৰা মুক্ত কৰিলে । সংবাদমেলত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত উপস্থিত থাকে ।

উল্লেখ যে ১৯৯০ চনৰ নৱেম্বৰত অসমত এই আইনখন জাৰি কৰা হৈছিল আৰু তাৰ পাছৰে পৰাই প্ৰতি ছমাহৰ মূৰত এই আইনখন সম্প্ৰসাৰণ কৰি থকা হৈছিল । উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত অশান্ত পৰিস্থিতিৰ বাবে সেনা বাহিনীৰ বিশেষ ক্ষমতা আইনখন প্ৰযোজ্য কৰা হৈছিল । কালক্ৰমত যদিও এই আইনৰ বাবেই উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত আইন শৃংখলা পৰিস্থিতি উন্নত হয় তথাপিও কিন্তু সেনাবাহিনীয়ে এই আইনৰ জৰিয়তে কৰা ক্ষমতাৰ অপব্যৱহাৰৰ বাবে জনসাধাৰণৰ মনত ভয় আৰু সংশয়ৰো সৃষ্টি কৰিছিল ।

বিগত ডিচেম্বৰ মাহৰ ৪ তাৰিখে নাগালেণ্ডৰ মন জিলাৰ অ’টিং বস্তিত আছাম ৰাইফলচৰ দ্বাৰা সংঘটিত হোৱা নৰসংহাৰৰ পাছতেই সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতেই এই সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন বিৰোধী আন্দোলনে তীব্ৰ গণ আন্দোলনৰ ৰূপ লোৱা দেখা গৈছিল ।

আছাম ৰাইফলচৰ দ্বাৰা সংঘটিত নৰসংহাৰত ১৪ জনকৈ নগা কন্যাক জনগোষ্ঠীৰ লোক নিহত হৈছিল আৰু এই ঘটনাই নাগালেণ্ড আৰু মণিপুৰৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত থকা নগা অধ্যুষিত অঞ্চল সমূহকো প্ৰভাৱিত কৰিছিল । অৱশেষত এই আইনখন প্ৰত্যাহাৰ কৰা হ'ল যদিও অসমৰ ৪০ শত‍াংশ অঞ্চল আজিও মুক্ত নহ'ল ।

লগতে পঢ়ক: উত্তৰ প্ৰদেশত দুই বাংলাদেশী ভাতৃক ৪ বছৰৰ কাৰাদণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.