ETV Bharat / bharat

উত্তৰ প্ৰদেশত দুই বাংলাদেশী ভাতৃক ৪ বছৰৰ কাৰাদণ্ড

author img

By

Published : Mar 31, 2022, 5:32 PM IST

ভাৰতত অবৈধভাৱে বাস কৰি থকা বাংলাদেশৰ দুই ভাতৃক ৪ বছৰৰ কাৰাদণ্ড বিহিলে উত্তৰ প্ৰদেশৰ বিশেষ আদালতে (Bangladeshi brothers sentenced to 4 years in prison)। ইয়াৰ পূৰ্বে ২০১৩ চনত পশ্চিমবংগত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু প্ৰায় দুবছৰ কাৰাগাৰত আছিল । পুনৰ ২০১৫ চনত তেওঁলোকে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰে ।

Bangladeshi youths to 4 years jail
উত্তৰ প্ৰদেশত দুই বাংলাদেশী ভাতৃক ৪ বছৰৰ কাৰাদণ্ড

নেশ্যনেল ডেস্ক,৩১ মাৰ্চ : উত্তৰ প্ৰদেশৰ এখন বিশেষ আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান । অবৈধভাৱে ভাৰতত বাস কৰি থকা দুই বাংলাদেশী ভাতৃক ৪ বছৰৰ কাৰাদণ্ড প্ৰদান কৰে আদালতে (Two Bangladeshi brothers sentenced to 4 years in prison)। উত্তৰ প্ৰদেশৰ সন্ত্ৰাসবাদ বিৰোধী সংস্থা এটিএছয়ে (ATS) এক বিবৃতিত উল্লেখ কৰা মতে মুখ্য ন্যায়িক দণ্ডাধীশে মহম্মদ ইকবাল নামৰ বাংলাদেশৰ যুৱকজনৰ বিৰুদ্ধে চাৰি বছৰৰ কাৰাদণ্ড আৰু ৬,৫০০ টকাৰ জৰিমনা ঘোষণা কৰা হয় । মহম্মদ ইকবালৰ ভাতৃ মহম্মদ ফাৰুককো চাৰি বছৰৰ কাৰাদণ্ড (Mohd Farooq sentenced to four years of imprisonment) আৰু তেওঁৰ ওপৰত ৬,০০০ টকাৰ জৰিমনা বিহা হয় ।

ইকবাল আৰু ফাৰুকে ভূৱা নথি-পত্ৰ ব্যৱহাৰ কৰি চাহাৰনপুৰত বাস কৰি আছিল । তেওঁলোক বাংলাদেশৰ চিটাগঙৰ বাসিন্দা । তেওঁলোকক ২০২০ চনৰ নৱেম্বৰত গ্ৰেপ্তাৰ কৰা হৈছিল ।

তেওঁলোকৰ পৰা উদ্ধাৰ কৰা ভূৱা নথিপত্ৰৰ ওপৰত ভিত্তি কৰি গম পোৱা গৈছে যে ২০০৭-২০০৮ চনৰ পৰাই তেওঁলোকে ভাৰতত বাস কৰি আছিল (Both Bangladeshis were living in India illegally)। তেওঁলোকক ২০১৩ চনত পশ্চিমবংগত গ্ৰেপ্তাৰ কৰা হৈছিল আৰু প্ৰায় দুবছৰ কাৰাগাৰত আছিল । কাৰাগাৰৰ পৰা ওলাই অহাৰ পাছত তেওঁলোকক বাংলাদেশলৈ প্ৰেৰণ কৰা হৈছিল, কিন্তু পুনৰ ২০১৫ চনত তেওঁলোকে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰে ।

এইবাৰ উত্তৰ প্ৰদেশৰ চাহাৰনপুৰৰ ঠিকনা ব্যৱহাৰ কৰি দালালসকলৰ সহায়ত তেওঁলোকে ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড আৰু পাছপোৰ্টসহ পৰিচয় নথি পত্ৰ উলিয়াইছিল । বিবৃতি অনুসৰি দুয়োৰে বাংলাদেশ, আমেৰিকা, চৌদি আৰৱ, ইটালী, ব্ৰিটেইন, অষ্ট্ৰিয়া আৰু ম্যানমাৰৰ বিভিন্ন লোকৰ সৈতেও সম্পৰ্কত আছে ।

লগতে পঢ়ক :বুল্লী বাই আৰু চুল্লী ডিলছ গোচৰৰ দুই অভিযুক্তৰ জামিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.