ETV Bharat / state

Polygamy in Assam: এইবাৰ বহুবিবাহ ৰুধিবলৈ চৰকাৰে আনি আছে কঠোৰ আইন

author img

By

Published : Aug 15, 2023, 9:02 PM IST

২০২৬ চনৰ ভিতৰত ৰাজ্যত বাল্যবিবাহৰ অন্ত পেলাবলৈ প্ৰতিশ্ৰুতিবদ্ধ চৰকাৰ । একেদৰে বহুবিবাহৰ অন্ত পেলাবলৈ আমাৰ চৰকাৰে শীঘ্ৰে শক্তিশালী আইন অনাৰ সিদ্ধান্ত লৈছে । মঙলবাৰে দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস পতাকা উত্তোলনৰ পাচত প্ৰদান কৰা ভাষণত এই কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে ৷

Polygamy in Assam
বাল্যবিবাহৰ বিৰুদ্ধে ছেপ্টেম্বৰত ব্যাপক দমন কাৰ্যসূচী আৰম্ভ কৰিব চৰকাৰে

নিউজ ডেস্ক, ১৫ আগষ্ট: ৰাজ্যত বহুবিবাহৰ অন্ত পেলাবলৈ চৰকাৰে এক শক্তিশালী আইন আনিব । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে উল্লেখ কৰে এই কথা ৷ গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস পতাকা উত্তোলনৰ পাচত প্ৰদান কৰা ভাষণত এই কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

ভাষণত মুখ্যমন্ত্ৰীয়ে লগতে ঘোষণা কৰে যে তেওঁৰ চৰকাৰে ২০২৬ চনৰ ভিতৰত ৰাজ্যত বাল্যবিবাহৰ অন্ত পেলাবলৈ প্ৰতিশ্ৰুতিবদ্ধ । পূৰ্বতে আমাৰ চৰকাৰে ৰাজ্যজুৰি বাল্যবিবাহৰ বিৰুদ্ধে ব্যাপক অভিযান চলাইছিল আৰু প্ৰায় ৪০০০ লোকক গ্ৰেপ্তাৰ কৰা হৈছিল । এতিয়া আমি চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত ৰাজ্যত বাল্যবিবাহৰ বিৰুদ্ধে আন এক ব্যাপক দমন কাৰ্যসূচী আৰম্ভ কৰিম", মুখ্যমন্ত্ৰী শৰ্মাই কয় ৷

ইফালে বহুবিবাহ সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই কয়, ৰাজ্যত বহুবিবাহৰ অন্ত পেলাবলৈ আমাৰ চৰকাৰে শীঘ্ৰে শক্তিশালী আইন অনাৰ সিদ্ধান্ত লৈছে । চৰকাৰে ইতিমধ্যে বহুবিবাহৰ অন্ত পেলাবলৈ ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) ৰুমী ফুকনৰ অধ্যক্ষতাত এখন বিশেষজ্ঞ সমিতি গঠন কৰিছিল ।

তেওঁ আৰু কয়, পূৰ্বতে বহুবিবাহৰ অন্ত পেলাবলৈ আইন প্ৰণয়ন কৰিবলৈ ৰাজ্যিক বিধানসভাৰ যোগ্যতা পৰীক্ষা কৰিবলৈ বিশেষজ্ঞ সমিতি গঠন কৰা হৈছিল । চলিত বৰ্ষৰ ৬ আগষ্টত সমিতিখনে প্ৰতিবেদন দাখিল কৰিছে । এই প্ৰতিবেদন লাভ কৰাৰ পিছত আমি এতিয়া ৰাজ্যখনত জাতি, ধৰ্ম নিৰ্বিশেষে নাৰী সৱলীকৰণৰ বাবে এক ইতিবাচক পৰিৱেশ তন্ত্ৰ সৃষ্টি কৰাৰ ওচৰ চাপিছো ।

মুখ্যমন্ত্ৰী শৰ্মাই লগতে অৰ্থনৈতিক স্বাৱলম্বিতাৰ লগতে ক্ষুদ্ৰ উদ্যোগ খণ্ডক শক্তিশালী কৰি তোলাৰ লক্ষ্যৰে আৰ্থিক অনুদানক সদ্ব্যৱহাৰ কৰা আত্মসহায়ক গোটৰ মহিলাসকললৈ অসম চৰকাৰৰ তৰফৰ পৰা বেংক ঋণৰ সুবিধা আৰু সময়ত ঋণ পৰিশোধ কৰা সদস্যসকলক সুত ৰেহাইৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ব্যক্ত কৰে ৷

লগতে পঢ়ক: 77th Independence Day : স্বাধীনতা দিৱসৰ ভাষণত মুখ্যমন্ত্রীৰ প্ৰতিশ্ৰুতি আৰু বিকাশৰ জয়গান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.