ETV Bharat / state

Encroachment in Assam: দুবছৰত চৰকাৰে বেদখলমুক্ত কৰিলে ৰাজ্যৰ ৬১ বৰ্গ কিলোমিটাৰ বনভূমি

author img

By

Published : Jul 14, 2023, 9:00 PM IST

Encroachment in Assam
Encroachment in Assam

বেদখলকাৰীৰ কবলত ৰাজ্যৰ হাজাৰ হাজাৰ বৰ্গ কিলোমিটাৰ বনভূমি । ৰাষ্ট্ৰীয় উদ্যানৰ উপৰি কেইবাখনো বিখ্যাত অভয়াৰণ্যৰ কেইবাশ বৰ্গ কিলোমিটাৰ এলেকাৰ বেদখলকাৰীৰ কবলত । বৰ্তমান সময়তো ৰাজ্যখনত ৩,৭৭৫ বৰ্গ কিলোমিটাৰ বনভূমি বেদখল হৈ আছে । অস্তিত্বৰ সংকট হৈছে ৰাজ্যখনৰ বৃহৎ সেউজ আৱৰণৰ ।

গুৱাহাটী, ১৪ জুলাই: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বেদখলৰ বিৰুদ্ধে ব্যাপক অভিযান অব্যাহত ৰাখিছে যদিও ৰাজ্যৰ বিশাল বনভূমি এতিয়াও বেদখলকাৰীৰ কবলত আছে । বৰং নতুন নতুন ঠাই বেদখলকাৰীৰ কবলত পৰিছে । তথ্য মতে বৰ্তমান সময়তো ৰাজ্যখনত ৩,৭৭৫ বৰ্গ কিলোমিটাৰ বনভূমি বেদখল হৈ আছে ৷ লক্ষণীয় বিষয় যে বিগত দুটা বছৰৰ কাৰ্যকালত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে যোৱা বনাঞ্চলৰ ৬০.৭২ বৰ্গ কিলোমিটাৰ ভূমিহে দখলমুক্ত কৰিবলৈ সক্ষম হৈছে ৷ উল্লেখ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যৰ দখলীকৃত বনভূমি উদ্ধাৰ কৰাৰ বাবে ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়াৰ পাচতো চৰকাৰখনে বনভূমি দখলমুক্ত কৰাত ব্যৰ্থ হৈছে ।

Encroachment in Assam
ৰাষ্ট্ৰীয় উদ্যান আৰু বণ্যপ্ৰাণী অভয়াৰণ্যৰ মাটিও বেদখলকাৰীৰ কবলত

চৰকাৰী তথ্য মতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দুবছৰীয়া কাৰ্যকালত ৰাজ্যখন লামডিং সংৰক্ষিত বনাঞ্চলত ১৪.৫০ বৰ্গ কিলোমিটাৰ, পবা অভয়াৰণ্যৰ ১৭.৫০ বৰ্গ কিলোমিটাৰ, বুঢ়া চাপৰিঅভয়াৰণ্যৰ ২০.৯৯ বর্গ কিলোমিটাৰ, কৰিমগঞ্জত ৫.৮৮ বর্গ কিলোমিটাৰ, ডিগবতৈ ০.৯০ বর্গ কিলোমিটাৰ, গোৱালপাৰাত ০.৭০ বৰ্গ কিলোমিটাৰ আৰু পশ্চিম কামৰূপত ০.২৫ বর্গ কিলোমিটাৰ বনভূমি বেদখলমুক্ত কৰা হৈছে ৷

Encroachment in Assam
ভূমি বেদখল কৰি একাংশই সাজিছে বাসগৃহ

ইফালে ইয়াৰ বিপৰীতে ৰাজ্যখনৰ কেইবা হাজাৰ বৰ্গ কিলোমিটাৰ বনভূমি বেদখলকাৰীৰ কবলত আছে । উদ্বেগৰ বিষয় যে বনভূমি বেদখল হোৱাৰ ক্ষেত্ৰত অসমৰ স্থান দেশৰ ভিতৰতে প্ৰথম স্থানত আছে । লক্ষণীয় বিষয় যে ৰাজ্যখনৰ ৰাষ্ট্ৰীয় উদ্যান আৰু বণ্যপ্ৰাণী অভয়াৰণ্যৰ মাটিও বেদখলকাৰীৰ কবলত আছে ।

Encroachment in Assam
ৰাজ্যৰ বৃহৎ ভূমি বেদখলকাৰীৰ কৱলত

তথ্য অনুসৰি মানস ৰাষ্ট্ৰীয় উদ্যানৰ ২৮.০৯ বর্গ কিলোমিটাৰ, নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ ৫ বৰ্গ কিলোমিটাৰ, ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ৫.৬১২১ বর্গ কিলোমিটাৰ দখলকাৰীৰ কবলত আছে । আনহাতে সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ সৰ্বাধিক ৮৫ বর্গ কিলোমিটাৰ, বৰনদী বন্যপ্ৰাণী অভয়াৰণ্যৰ ৪ বৰ্গ কিলোমিটাৰ, আমচাং বন্যপ্ৰাণী অভয়াৰণাৰ ২.৭০ বর্গ কিলোমিটাৰ, বৰাইল অভয়াৰণ্যৰ ২৪.৬৪ বর্গ কিলোমিটাৰ দখল হৈ আছে ৷

তদুপৰি ৰাজ্যখনত থকা সংৰক্ষিত বনাঞ্চলসমূহৰ বিশাল পৰিমাণৰ ভূমি দখল হৈ আছে ৷ ৰাজ্য চৰকাৰখনে দখলমুক্ত কৰাৰ বাবে মাজে-সময়ে উচ্ছেদ অভিযান চলাই আহিছে যদিও কাৰ্যত ফলপ্ৰসু হোৱা নাই ৷ উচ্ছেদৰ পাচতেই পৰৱৰ্তী সময়ত পুনৰ ভূমি বেদখল হয় । যাৰ ফলত ক্ৰমাৎ অস্তিত্বৰ সংকট হৈছে ৰাজ্যখনৰ বৃহৎ সেউজ আৱৰণৰ । ৰাজ্য চৰকাৰে গছপুলি ৰোপনত বিশেষ গুৰুত্ব আৰোপ কৰিছে যদিও ৰাজ্যৰ চহকী প্ৰাকৃতিক পৰিৱেশক ৰক্ষা কৰিব পৰা নাই ।

লগতে পঢ়ক: Assam Border dispute: চুবুৰীয়া চাৰি ৰাজ্যৰ দখলত অসমৰ ৮২,৭৫২ হেক্টৰ ভূমি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.