ETV Bharat / state

Silsako Eviction Drive: শিলসাঁকোৰ উচ্ছেদে বিপাঙত পেলাইছে পৰীক্ষাৰ্থীক

author img

By

Published : Feb 27, 2023, 10:46 PM IST

মহানগৰীৰ শিলসাঁকো বিলত সোমবাৰে পুৱা চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান ৷ চিবিএছইৰ মেট্ৰিক পৰীক্ষাৰ মাজতে প্ৰশাসনে চলালে উচ্ছেদ অভিযান (CBSE matric exam 2023) ৷ প্ৰশাসনৰ এই উচ্ছেদৰ পিচতে এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে পৰিয়ালৰ মাজত ৷ কি কৰিব, ক’লৈ যাব ! যাক লৈ চিন্তিত হৈ পৰিছে পৰীক্ষাৰ্থীৰ লগতে পৰিয়ালৰ লোক ৷

Silsako Eviction Drive
শিলসাঁকোত পৰীক্ষাৰ্থীৰ মাজত হাহাকাৰ

শিলসাঁকোত পৰীক্ষাৰ্থীৰ মাজত হাহাকাৰ

গুৱাহাটী, ২৭ ফেব্ৰুৱাৰী: ছোৱালীজনীয়ে পৰীক্ষা দিবলৈ পুৱাই ওলাই গৈছিল নিজ ঘৰৰ পৰা । পৰীক্ষা শেষ হ’ল, ঘৰৰ ছোৱালী উভতি আহিলে ঘৰলৈ ৷ কিন্তু পৰীক্ষাৰ পৰা উভতি অহাৰ পাচত তাই এৰি থৈ যোৱা স্থানত নাপালে আপোন ঘৰখন ৷ আপোন ঘৰখনৰ স্থানত আছিল মাত্ৰ ধ্বংসাবশেষ । কিয়নো ইতিপূৰ্বে প্ৰশাসনে নিমিষতে ভাঙি চূৰমাৰ কৰিলে তাইৰ আপোন ঘৰখন । হয়, ঠিকেই ভাবিছে আপুনি, আমি কৈছো মহানগৰীৰ শিলসাঁকো বিলৰ পাৰত চলা উচ্ছেদৰ কথা (Eviction at Silsako beel) ৷

সোমবাৰে পুৱাৰে পৰা মহানগৰী শিলসাঁকো বিলৰ পৰা ১০০মিটাৰ ভিৰত থকা স্থানত উচ্ছেদ চলাইছে প্ৰশাসনে । উচ্ছেদিত হৈছে তিনি শতাধিক পৰিয়াল । উচ্ছেদিত পৰিয়ালৰ মাজৰ এটা পৰিয়াল হ’ল প্ৰমেলেন্দু সিনহাৰ পৰিয়াল । প্ৰমেলেন্দু সিনহাৰ কন্যা অনুসূয়া শচী মহৰ্ষি বিদ্যা মন্দিৰৰ ছাত্ৰী । আজিৰে পৰা আৰম্ভ হোৱা চিবিএছই মেট্ৰিক পৰীক্ষাৰ প্ৰাৰ্থী হ’ল অনুসূয়া শচী (CBSE matric exam 2023) । পুৱা শিলসাঁকোৰ নিজ ঘৰৰ পৰা মেট্ৰিক পৰীক্ষা দিবলৈ অনুসূয়া ওলাই গৈছিল যদিও পৰীক্ষা দি উভতি আহি দেখা নাপালে নিজৰ আপোন ঘৰখন । প্ৰশাসনে নিমিষতে বুলড'জাৰ লগাই ভাঙি পেলালে ঘৰখন (Illegal encroachment at Silsako beel) ।

দেওবাৰ পৰা শিলসাঁকোৰ পাৰত উচ্ছেদ চলিব বুলি ঘৰখনত এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছিল । ঘৰটো খালী কৰিবলৈ আৰম্ভ কৰিছিল পৰিয়ালটোৱে । তাৰ মাজতো আজি ইংৰাজী বিষয়ৰ পৰীক্ষাত বহিছিল অনুসূয়া শচী। এনে পৰিৱেশৰ মাজত পৰীক্ষাৰ্থীগৰাকীয়ে কিদৰে পৰৱৰ্তী বিষয়ৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব তাক লৈ চিন্তিত হৈছে পৰিয়ালৰ লোকসকল । পৰিয়ালৰ লোকসকলে পৰীক্ষাৰ পাচতো প্ৰশাসনে উচ্ছেদ অভিযান চলাব পাৰিলে হয় বুলিও ক্ষোভ প্ৰকাশ কৰিছে ।

আনহাতে ৩ মাৰ্চৰ পৰা আৰম্ভ হ’বলগীয়া মেট্ৰিক পৰীক্ষাৰ কেইবাগৰাকীও প্ৰাৰ্থীৰ ঘৰ আজি উচ্ছেদ কৰিলে প্ৰশাসনে । তাৰ ভিতৰত এগৰাকী পৰীক্ষাৰ্থী হৈছে প্ৰিয়াঞ্চী ঠাকুৰীয়া । প্ৰিয়াঞ্চী ঠাকুৰীয়া ডনবস্কোৰ ছাত্ৰী । উচ্ছেদৰ আগজানী পোৱাৰ পাচতেই আতংকিত হৈ পৰিছিল প্ৰিয়াঞ্চীৰ পৰিয়াল । সোমবাৰে পুৱাৰে পৰা চলা উচ্ছেদ অভিযানকাৰী দলে মেট্ৰিক পৰীক্ষাৰ প্ৰাৰ্থীগৰাকীৰ ঘৰটোও উচ্ছেদ কৰে । উচ্ছেদৰ পিছতে পৰিয়ালটো কি কৰিব ক’লৈ যাব ! প্ৰাৰ্থীগৰাকীয়ে কিদৰে পৰীক্ষা দিব তাক লৈ চিন্তিত হৈ পৰিছে প্ৰিয়াঞ্চীৰ লগতে পৰিয়ালটোৰ । তদুপৰি বহু সংখ্যক ছাত্ৰ-ছাত্ৰীৰ বছৰেকীয়া পৰীক্ষাও চলি আছে ।

লগতে পঢ়ক: Silsako Eviction Drive: শিলসাঁকোত চলিল প্ৰশাসনৰ বুলড’জাৰ; প্ৰায় 300 বাসগৃহ উচ্ছেদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.