ETV Bharat / state

ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাক লৈ বিজেপি শংকিত হৈছে : গৌৰৱ‌ গগৈ

author img

By ETV Bharat Assamese Team

Published : Jan 8, 2024, 7:35 PM IST

Bharat Jodo Nyay Yatra
ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা

Bharat Jodo Nyay Yatra : ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ‌ বিৰুদ্ধে অপপ্ৰচাৰ চলাই আছে বিজেপিয়ে ৷ এই যাত্ৰাক লৈ শংকিতও হৈছে বিজেপি দল ৷ এই মন্তব্য সাংসদ গৌৰৱ গগৈৰ ৷

ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা

গুৱাহাটী, ৮ জানুৱাৰী : ‘‘ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰক লৈ বিজেপি দল শংকিত হৈ পৰিছে । যাৰ বাবে ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ‌ বিৰুদ্ধে বিজেপি দলে বিভিন্ন অপপ্ৰচাৰ চলাই আছে ৷’’ সোমবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে সাংসদ গৌৰৱ গগৈয়ে ।

সাংসদ গগৈয়ে কয়, ‘‘ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাই অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ভাল প্ৰভাৱ পেলাব । মানুহৰ মাজত উৎসাহ যোগাব’’ । তেওঁ আৰু কয়, ‘‘ৰাহুল গান্ধীৰ এই যাত্ৰাৰ প্ৰতি ভয় খাই ৰাজস্থানৰ এগৰাকী বিজেপি নেতাই শংকিত হৈ কৈছে - ৰাহুল গান্ধী যদি আকৌ এটা যাত্ৰা কৰে, তেতিয়া বিজেপিৰ বাবে ডাঙৰ বিপদ হ’ব’’ ।

শংকিত হৈছে বিজেপি

লগতে সাংসদ গগৈয়ে কয়, ‘‘ৰাহুল গান্ধী সিংহৰ দৰে আগবাঢ়িছে । আকৌ সিংহৰ বিৰুদ্ধে বনৰ জন্তুবোৰ একগোট হোৱাৰ দৰে বিজেপি দলৰ সকলো লগ হৈছে ৰাহুল গান্ধীৰ বিৰুদ্ধে’’ ।

উল্লেখ্য যে, কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা ৰাহুল গান্ধীৰ নেতৃত্বত অহা ১৪ জানুৱাৰীত মণিপুৰৰ পৰা এই যাত্ৰাৰ শুভাৰম্ভ কৰা হ'ব । আকৌ ১৮ জানুৱাৰীত ৰাষ্ট্ৰীয় নেতা ৰাহুল গান্ধীয়ে অসমত প্ৰৱেশ কৰিব । ৰাহুল গান্ধী ২৫ জানুৱাৰীলৈ অসমত এই যাত্ৰা অব্যাহত ৰাখিব ।

অহা ১৮ জানুৱাৰীৰ পৰা ২৫ জানুৱাৰীলৈকে অসমত উজনি অসমৰ লগতে নামনি অসমৰ মুঠ ১৭ খন জিলাত ৮ দিনীয়া এই যাত্ৰা কৰিব ।‌ তথ্য অনুসৰি, ৰাহুল গান্ধীয়ে মুঠ ৮৩৩ কিলোমিটাৰ যাত্ৰা কৰিব । মণিপুৰৰ পৰা নাগালেণ্ড, অসম, অৰুণাচল আৰু মেঘালয়, পশ্চিমবংগ, বিহাৰ, ওড়িশা, ছত্তীশগড়, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, ৰাজস্থান আৰু গুজৰাট হৈ মহাৰাষ্ট্ৰৰ মুম্বাইত সামৰণি পৰিব এই যাত্ৰাৰ ৷

লগতে পঢ়ক : ১৮-২৫ জানুৱাৰীলৈ অসমত ৰাহুল গান্ধীৰ 'ভাৰত জোড়ো ন্যায় যাত্রা'

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.