ETV Bharat / state

১৮-২৫ জানুৱাৰীলৈ অসমত ৰাহুল গান্ধীৰ 'ভাৰত জোড়ো ন্যায় যাত্রা'

author img

By ETV Bharat Assamese Team

Published : Jan 5, 2024, 3:09 PM IST

Updated : Jan 5, 2024, 4:50 PM IST

১৮-২৫ জানুৱাৰীলৈ অসমত ৰাহুল গান্ধীৰ 'ভাৰত জোড়ো ন্যায় যাত্রা'
১৮-২৫ জানুৱাৰীলৈ অসমত ৰাহুল গান্ধীৰ 'ভাৰত জোড়ো ন্যায় যাত্রা'

Bharat Jodo Nyay Yatra : মুঠ ৮ দিনত অসমৰ ১৭ খন জিলাক সামৰি ল’ব কংগ্ৰেছৰ এই যাত্ৰাই । অসমৰ যাত্ৰাপথৰ মাজতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত অসমৰ পৰা এদিনৰ বাবে প্ৰৱেশ কৰিব এই যাত্ৰাই ৷

গুৱাহাটী, ৫ জানুৱাৰী : লোকসভা নিৰ্বাচনলৈ মাজত আৰু দুটা মাহ বাকী থকা অৱস্থাত ৰাজ্যৰ মুঠ ১৪ খন লোকসভা আসনৰ ৩ খন নিজৰ হাতত থকা কংগ্ৰেছ দল অসমত উৎসাহী হৈ পৰিছে ৷ কিয়নো অসমত দীঘলীয়া কাৰ্যসূচীৰে মাঘ বিহুৰ বতৰতে হ’ব ৰাহুল গান্ধীৰ 'ভাৰত জোড়ো ন্যায় যাত্রা' । অহা ১৮ জানুৱাৰীৰ পৰা ২৫ জানুৱাৰীলৈকে অসমত ৮৩৩ কিলোমিটাৰৰ ৮ দিনীয়া যাত্রাৰে কংগ্ৰেছে কাষ চাপিবলৈ চেষ্টা কৰিব অসমবাসীৰ ৷ অসমত ৮ দিনত মুঠ ৮৩৩ কিলোমিটাৰ যাত্ৰা কৰিব ৰাহুল গান্ধীয়ে ।

১৪ জানুৱাৰীত মণিপুৰত এই যাত্ৰা আৰম্ভ কৰি নাগালেণ্ড হৈ ১৮ জানুৱাৰীত শিৱসাগৰ জিলাৰ আমগুৰিয়েদি নাগালেণ্ডৰ পৰা অসমত প্ৰৱেশ কৰিব ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই ৷ মুঠ ৮ দিনত অসমৰ ১৭ খন জিলাক সামৰি ল’ব কংগ্ৰেছৰ এই যাত্ৰাই । অসমৰ যাত্ৰাপথৰ মাজতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত অসমৰ পৰা এদিনৰ বাবে প্ৰৱেশ কৰিব এই যাত্ৰাই ৷ অৰুণাচলত মুঠ ৫৫ কিলোমিটাৰ পথেৰে এখন জিলাক সামৰিব ৰাহুল গান্ধীৰ যাত্ৰাই ৷

অৰুণাচলৰ ৰাজধানী ইটানগৰত লখিমপুৰৰ পৰা দিনটিয়াকৈ প্ৰৱেশ কৰিব এই যাত্ৰাই ৷ ইফালে অসমৰ ৰাজধানী চহৰ গুৱাহাটীত প্ৰৱেশৰ পূৰ্বে মেঘালয়ত ৫ কিলোমিটাৰেৰে এখন জিলাক সামৰি চলিব ৰাহুল গান্ধীৰ যাত্ৰা ৷ এই দুই ৰাজ্যৰ কাৰ্যসূচীকে ধৰি মুঠ আঠটা দিন অসমত কটাব ৰাহুল গান্ধীয়ে ৷ ৰাহুল গান্ধীৰ এই যাত্ৰাক শাসনাধিষ্ঠিত বিজেপিৰ অর্থনৈতিক-সামাজিক তথা ৰাজনৈতিক বঞ্চনাৰ বিৰুদ্ধে এক অভিযান হিচাপে এ আই চি চিয়ে আখ্যা দিছে ।

অসম প্রদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰাই ইটিভি ভাৰতৰ সাংবাদিকক জনায় যে অহা ১৮ জানুৱাৰীত শিৱসাগৰ জিলাৰ আমগুৰিৰ পৰা আৰম্ভ হ’ব ৰাহুল গান্ধীৰ 'ভাৰত জোড়ো ন্যায় যাত্রা' ৷ ২৫ জানুৱাৰীত অসম-পশ্চিমবংগ সীমান্তৰ ধুবুৰীৰ বক্সিৰহাটত সামৰণি পৰিব এই যাত্ৰা । যাত্রাকালত ৰাহুল গান্ধীয়ে অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ সুখ-দুখৰ বুজ ল'ব ।

উল্লেখযোগ্য যে মণিপুৰৰ পৰা নাগালেণ্ড, অসম, অৰুণাচল আৰু মেঘালয়, পশ্চিমবংগ, বিহাৰ, ওড়িশা, ছত্তীশগড়, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, ৰাজস্থান আৰু গুজৰাট হৈ মহাৰাষ্ট্ৰৰ মুম্বাইত সামৰণি পৰিব এই যাত্ৰাৰ ৷ ১৪ জানুবাৰীত আৰম্ভ হ'বলগীয়া যাত্রা দুদিন ধৰি চলিব মণিপুৰত ৷ ১৬ জানুৱাৰীত নাগালেণ্ডৰ মাজেৰে ভাৰত জোড়ো ন্যায় যাত্রা ১৮ জানুৱাৰীত মুৰ্ককচাং হৈ অসমত প্রৱেশ কৰি আমগুৰি, যোৰহাট হৈ মাজুলীত প্রৱেশ কৰিব ৷ সত্ৰ দৰ্শনৰ লগতে মাজুলীত নিশা ভাওনা উপভোগৰো কাৰ্যসূচী আছে ৷ লগতে মাজুলীৰ মিচিং-দেউৰী জনগোষ্ঠীৰ লোককো সাক্ষাৎ কৰাৰ কাৰ্যসূচী আছে ৰাহুল গান্ধীৰ ৷ মাজুলীতে সেই দিনা নৈশ যাপন কৰিব ৰাহুল গান্ধীয়ে ৷

বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলীৰ পৰা ঢকুৱাখনা, গোগামুখ হৈ লখিমপুৰলৈ যাব ৰাহুল গান্ধীৰ যাত্ৰা ৷ লখিমপুৰৰ পৰা লালুক-হাৰমতী হৈ বান্দৰদেৱাৰে ইটানগৰত প্রৱেশ কৰি ইটানগৰৰ পৰা গহপুৰ, বিশ্বনাথ চাৰিআলি, তেজপুৰ, কলিয়াবৰ হৈ নগাঁৱলৈকে আহিব ৷ পৰৱৰ্তী সময়ত নগাঁৱৰ পৰা জাগীৰোড হৈ আহিব গুৱাহাটীলৈ ৷

গুৱাহাটীৰ পৰা হাজো, নলবাৰী, বৰপেটা হৈ বঙাইগাঁৱত প্রৱেশ কৰিব ৷ পৰৱৰ্তী সময়ত চাপৰ আৰু ধুবুৰীৰ মাজেৰে বক্সিৰহাট হৈ পশ্চিমবংগলৈ যাত্ৰা কৰিব ৰাহুল গান্ধীয়ে ৷ আনহাতে, ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্রাকালত ৰাজ্যৰ তেজপুৰ আৰু লখিমপুৰত বুথ আৰু ডি এল এ পৰ্যায়ৰ নেতাসকলৰ বাবে সমাবেশৰো আয়োজন কৰা হ’ব বুলি অসম প্ৰদেশ কংগ্ৰেছ নেতৃত্বই সদৰী কৰিছে ।

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে জনোৱা অনুসৰি, ৰাহুল গান্ধীয়ে যাত্ৰাপথত বিভিন্ন ঠাইত সুদীৰ্ঘকাল জনজাতিকৰণৰ দাবী কৰি অহা ৰাজ্যৰ ছয় জনগোষ্ঠীৰ প্ৰতিনিধিসকলৰ সৈতেও পৰ্যায়ক্ৰমে আলোচনাত মিলিত হ'ব । শুকুৰবাৰে নতুন দিল্লীৰ এ আই চি চিৰ এখন গুৰুত্বপূৰ্ণ সভাত কংগ্ৰেছৰ তৰফৰ পৰা অসম প্ৰদেশ কংগ্রেছ নেতৃত্বক ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ গাইডলাইন বান্ধি দিয়াৰ লগতে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্রা সন্দৰ্ভত নির্দেশনাও জাৰি কৰা হৈছে ।

এ পি চি চিৰ সভাপতি ভূপেন বৰাই প্রকাশ কৰা মতে, লোকসভা নিৰ্বাচনৰ প্রার্থিত্বক লৈ ব্লক আৰু জিলা পৰ্যায়ৰ পৰা পৰামৰ্শ বিচৰা হৈছে । সেইমর্মে ১০ জানুৱাৰীৰ ভিতৰত জিলা কমিটীসমূহে প্রদেশ কংগ্রেছৰ ওচৰত প্রার্থিত্বকেন্দ্রিক পৰামৰ্শও আগবঢ়াব । উক্ত পৰামৰ্শৰ ওপৰত ভিত্তি কৰি ১৮ জানুৱাৰীত ৰাহুল গান্ধীৰ অসম যাত্ৰাৰ পূৰ্বে প্রদেশ নির্বাচন কমিটীয়ে এ আই চি চিৰ ওচৰত সম্ভাৱ্য প্রার্থী তালিকাসহ এখন প্রতিবেদন দাখিল কৰিব ।

মুঠ ৬৭ দিনৰ 'ভাৰত জোড়ো ন্যায় যাত্ৰা'ৰ মুঠ দূৰত্ব ৬,৭০০ কিলোমিটাৰৰ ৮৩৩ কিলোমিটাৰ ৮ দিনত অতিক্ৰম কৰিব অসমত ৷ ৰাহুলৰ এই যাত্ৰাই ২০২৪ চনৰ লোকসভা নিৰ্বাচনত কেনে প্ৰভাৱ পেলাব সেয়া হ’ব লক্ষণীয় ৷

লগতে পঢ়ক :উত্তৰ প্ৰদেশত আটাইতকৈ দীঘলীয়া হ'ব ভাৰত জোড়ো ন্যায় যাত্ৰা

Last Updated :Jan 5, 2024, 4:50 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.