ETV Bharat / state

Case against police: অতিৰিক্ত আৰক্ষী অধীক্ষক পণজিৎ দুৱৰাসহ 9 জন আৰক্ষীৰ বিৰুদ্ধে গোচৰ ৰুজুৰ নিৰ্দেশ

author img

By

Published : Jan 8, 2023, 1:15 PM IST

২০১৮ চনত ভৰলুমুখ থানাত আৰক্ষীৰ নিৰ্যাতনৰ সন্মুখীন হৈছিল অভিযুক্ত মনোজ উপাধ্যায় নামৰ এজন লোক (Manoj Upadhaya got justice) ৷ আৰক্ষীৰ অত্যাচাৰ সন্দৰ্ভত লিখিত ৰূপত আৰক্ষী সঞ্চালক প্ৰধান আৰু ডিচিপিক অভিযোগ দিছিল যদিও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল ৷ সম্প্ৰতি গুৱাহাটী উচ্চ ন্যায়ালয়ে ভৰলুমুখ থানাৰ ৯ গৰাকী আৰক্ষীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত কৰাৰ নিৰ্দেশ দিয়ে (Court registers case against 9 policemen)৷

Gauhati High Court orders registers of case against nine policemen for torturing accused in police custody
ভৰলু থানাৰ ৯ গৰাকী আৰক্ষীৰ বিৰুদ্ধে গোচৰ ৰুজু

গুৱাহাটী, ৮ ডিচেম্বৰ: চাৰিবছৰৰ অন্তত ন্যায় পালে মনোজে (Manoj Upadhaya got justice)৷ অভিযুক্তক আৰক্ষীৰ জিম্মাত অত্যাচাৰ চলোৱাৰ অভিযোগত ৯ গৰাকী আৰক্ষীৰ বিৰুদ্ধে গোচৰ ৰুজুৰ নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে (Court registers case against 9 policemen)৷ উল্লেখ্য যে, ২০১৮ চনত থানাত আৰক্ষীৰ নিৰ্যাতনৰ সন্মুখীন হৈছিল এজন অভিযুক্ত ৷ অভিযোগ অনুসৰি মনোজ উপাধ্যায় নামৰ এজন লোকক ভৰলুমুখ থানাত ৯ গৰাকীকৈ আৰক্ষীয়ে শাৰীৰিক নিৰ্যাতন চলাইছিল ৷ ভৰলুমুখ থানাত ৰুজু হোৱা এটা গোচৰৰ ভিত্তিত মনোজ উপাধ্যায় নামৰ লোকজনক গ্ৰেপ্তাৰ কৰা হৈছিল ৷

গ্ৰেপ্তাৰৰ পাছত তিনিদিনৰ আৰক্ষীৰ জিম্মাত থকাৰ সময়ত তেওঁক থানাত শাৰীৰিকভাৱে অত্যাচাৰ কৰা হৈছিল (case against 9 policemen of Bharalu police station)৷ ইয়াৰ পাছত আৰক্ষীয়ে তেওঁক পুনৰ পাঁচদিনৰ জিম্মাত বিচৰাৰ সময়ত অভিযুক্ত মনোজ উপাধ্যায়ে আদালতত আৰক্ষীয়ে তেওঁৰ ওপৰত চলোৱা অত্যাচাৰৰ আঘাত দেখুৱাইছিল (Policemen for torturing accused in police custody)৷ যাৰবাবে আদালতে মনোজ উপাধ্যায়ক আৰক্ষীয়ে বিচৰা পাঁচদিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা নাছিল (Court directs policemen and investigate )৷ পৰৱৰ্তী সময়ত ঘটনা সন্দৰ্ভত মনোজ উপাধ্যায় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় ৷ লোকজনে ন্যায়ালয়ত লিখিত আবেদন দাখিল কৰিছিল ৷

বিগত চাৰিবছৰ এই আবেদনৰ শুনানি গ্ৰহণ কৰাৰ পাছত অৱশেষত গুৱাহাটী উচ্চ ন্যায়ালয়ে শনিবাৰে ৰায় দিয়ে ৷ লক্ষণীয় যে, ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ পূৰ্বে মনোজ উপাধ্যায়ে থানাত আৰক্ষীয়ে তেওঁৰ ওপৰত চলোৱা অত্যাচাৰৰ সবিশেষ লিখিত ৰূপত আৰক্ষী সঞ্চালক প্ৰধান আৰু ডিচিপিক অভিযোগ আকাৰে দিছিল ৷ কিন্তু আৰক্ষীৰ শীৰ্ষ মহলে তেওঁৰ অভিযোগৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল ৷

যাৰবাবে উপায়হীন হৈ অৱশেষত তেওঁ ন্যায়ালয়ৰ কাষ চাপে ৷ চাৰিবছৰ পিছত অৱশেষত ন্যায়ালয়ে ৯ গৰাকী আৰক্ষীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত কৰাৰ নিৰ্দেশ দিছে ভৰলুমুখ থানাক ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে এ এছ পি পণজিৎ দুৱৰা, এছ আই প্ৰীতম শইকীয়া, কংকন মহন্ত, আফজল হুছেইন, এ এছ আই চনদ কুমাৰ মুদৈ, কনিষ্টবল ৰাজেন্দ্ৰ যাদৱ, যদুমণি নাথ, ৰুবুল নাথ আৰু হোমগাৰ্ড বাবুল আলীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত কৰাৰ বাবে ভৰলুমুখ থানাক নিৰ্দেশনা দিছে ৷

ন্যায়ালয়ে ভৰলুমুখ থানাক মনোজ উপাধ্যায়ে আৰক্ষীৰ শীৰ্ষ মহলক পূৰ্বতে দিয়া লিখিত অভিযোগক এজাহাৰ হিচাপে লৈ গোচৰ ৰুজু কৰি তদন্ত কৰাৰ নিৰ্দেশ দিছে ৷ উল্লেখ্য যে, আৰক্ষীৰ জিম্মাত অভিযুক্তক নিৰ্যাতন চলোৱাৰ ঘটনা নতুন নহয় ৷ ইয়াৰ পূৰ্বেও বহু এনে বহু ঘটনা সংঘটিত হৈছে ৷ অৱশ্যে ন্যায়ালয়ৰ নিৰ্দেশৰ পাছত আৰক্ষীৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰি কিদৰে তদন্ত কৰিব সেয়া সময়েহে ক'ব।

লগতে পঢ়ক: City bus employees on protest: বাছ এৰি ৰাজপথত বহিল চিটি বাছৰ মালিক-কৰ্মচাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.