Abolition of districts: হোজাই জিলা বিলুপ্তিকৰণৰ সন্দৰ্ভত চৰকাৰক জবাবদিহি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

author img

By

Published : Mar 15, 2023, 3:34 PM IST

Gauhati High court on district abolition

জিলা বিলুপ্তিকৰণৰ সিদ্ধান্ত লৈ আহুকালত পৰিছে অসম চৰকাৰ ৷ বিশ্বনাথ আৰু হোজাই জিলাক বিলুপ্ত কৰাৰ চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে অসম চৰকাৰলৈ জাননী প্ৰেৰণ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷ আদালতত দাখিল কৰা ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ ভিত্তিত এই জাননী প্ৰেৰণ উচ্চ ন্যায়ালয়ৰ (Gauhati High court on district abolition) ৷

চৰকাৰক জবাবদিহি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

গুৱাহাটী, 15 মাৰ্চ: সমষ্টি পুনৰ নিৰ্ধাৰণৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা জিলা বিলুপ্তিকৰণৰ সিদ্ধান্তক লৈ এইবাৰ আদালতৰ ওচৰত জৱাবদিহি হৈছে ৰাজ্য চৰকাৰ ৷ দুদিন পূৰ্বে বিশ্বনাথ জিলা বিলুপ্তিকৰণক লৈ চৰকাৰলৈ জাননী জাৰি কৰা গুৱাহাটী উচ্চ ন্যায়ালয়ে বুধবাৰে হোজাই জিলা বিলুপ্তিকৰণৰ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে ৰাজ্য চৰকাৰলৈ ৷ জিলা বিলুপ্তিকৰণৰ চৰকাৰী সিদ্ধান্তক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত গোচৰ (পি আই এল) দাখিল কৰিছিল অসম জাতীয় পৰিষদৰ মুখপাত্ৰ জিয়াউৰ ৰহমানে (PIL on district abolition) ৷

উল্লেখযোগ্য যে, ভাৰতৰ নিৰ্বাচন আয়োগে অসমত সমষ্টি পুনৰ গঠন প্ৰক্ৰিয়া আৰম্ভ কৰাৰ লগে লগে অসম চৰকাৰে যোৱা 31 ডিচেম্বৰৰ নিশা হোজাই, বিশ্বনাথ, তামুলপুৰ আৰু বজালী জিলা বিলুপ্তিকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ তাৰ পূৰ্বে 27 ডিচেম্বৰৰ দিনা ভাৰতৰ নিৰ্বাচন আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণৰ অধিসূচনা জাৰি কৰিছিল (Constituency delimitation in Assam) ৷

লগতে পঢ়ক: HSLC Paper Leak : প্ৰসংগ প্ৰশ্নকাকত ফাদিল, বিধানসভা চৌহদত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

আয়োগে লগতে এইবুলি কৈছিল যে, 1 জানুৱাৰীৰ পৰা সমষ্টি পুনৰ নিৰ্ধাৰণ নোহোৱালৈকে চৰকাৰে অসমৰ কোনো প্ৰশাসনীয় এলেকাৰ সালসলনি কৰিব নোৱাৰিব ৷ নিৰ্বাচন আয়োগৰ উক্ত জাননীৰ পিচতে মুখ্যমন্ত্ৰীয়ে মন্ত্ৰীসকলক ততাতৈয়াকৈ নতুন দিল্লীলৈ মাতি নি কেবিনেট বৈঠক অনুষ্ঠিত কৰে ৷ উক্ত কেবিনেট বৈঠকতে চাৰিখন জিলা বিলুপ্তিৰ সিদ্ধান্ত গ্ৰহণ কৰে (Abolition of districts in Assam) ৷

ৰাজ্য চৰকাৰে এনেদৰে গ্ৰহণ কৰা জিলা বিলুপ্তিকৰণৰ সিদ্ধান্তক স্বেচ্ছাচাৰী আৰু অবৈধ বুলি উল্লেখ কৰি অসম জাতীয় পৰিষদৰ মুখপাত্ৰ জিয়াউৰ ৰহমান আৰু প্ৰদেশ কংগ্ৰেছৰ সম্পাদক সঞ্জু বৰাই গুৱাহাটী উচ্চ ন্যায়ালয়ত দুখন সুকীয়া পি আই এল দাখিল কৰিছিল ৷ সঞ্জু বৰাই বিশ্বনাথ জিলা বিলুপ্তিৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনোৱাৰ বিপৰীতে জিয়াউৰ ৰহমানে হোজাই জিলা বিলুপ্তিৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনায় (PIL against districts abolition in Assam) ৷

দুদিন পূৰ্বে আদালতে সঞ্জু বৰাৰ পি আই এলখন বিচাৰৰ বাবে গ্ৰহণ কৰাৰ পিচত বুধবাৰে মুখ্য ন্যায়াধীশ সঞ্জীৱ মেহতা আৰু ন্যায়াধীশ কাৰ্ডাক ইটেৰ খণ্ড বিচাৰপীঠে জিয়াউৰ ৰহমানৰ পি আই এলখন (পি আই এল নং ২৬/২০২৩) গ্ৰহণ কৰি চৰকাৰলৈ জাননী জাৰি কৰে ৷ আদালতে চৰকাৰক চাৰি সপ্তাহৰ ভিতৰত উত্তৰ দিবলৈ সময়সীমা বান্ধি দিয়ে (GHC noticed to Assam govt on district abolition) ৷

লগতে পঢ়ক: Cabinet meeting expenditure Assam Govt: কেবিনেট বৈঠকৰ নামতে ৰাজ্য চৰকাৰে ব্যয় কৰিছে কেইবা কোটি টকা

এই সন্দৰ্ভত গোচৰকৰ্তা জিয়াউৰ ৰহমানে সংবাদ মাধ্যমক কয়, “জিলা বিলুপ্তিকৰণৰ চৰকাৰী সিদ্ধান্ত একপক্ষীয়, স্বেচ্চাচাৰী আৰু অবৈধ ৷ চৰকাৰে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াক প্ৰভাৱিত কৰাৰ উদ্দেশ্যে জিলা বিলুপ্তিকৰণৰ সিদ্ধান্ত লৈছে ৷ যিটো কাম আচলতে চৰকাৰে কৰিব নোৱাৰে ৷ সেয়ে আমি আশা কৰিছো যে, আদালতে চৰকাৰৰ সিদ্ধান্তক অবৈধ ঘোষণা কৰিব ৷ তেতিয়াহে সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াক নিজৰ মতে পৰিচালিত কৰিবলৈ চৰকাৰপক্ষই চলাই অহা ষড়যন্ত্ৰ প্ৰতিহত হ’ব ৷”

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.