Cabinet meeting expenditure Assam Govt: কেবিনেট বৈঠকৰ নামতে ৰাজ্য চৰকাৰে ব্যয় কৰিছে কেইবা কোটি টকা

author img

By

Published : Mar 15, 2023, 11:26 AM IST

Updated : Mar 15, 2023, 12:07 PM IST

Cabinet Meeting of Assam Government

ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকৰ নামত ব্যয় কোটি কোটি টকা (Cabinet Meeting of Assam Government) ৷ নখন জিলাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰায় দুবছৰীয়া শাসনকালত কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ নামত মুঠ ৩,৬৮,৩০,১১৬ টকা ব্যয় হৈছে ।

গুৱাহাটী, 15 মাৰ্চ: ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকৰ নামত ব্যয় কোটি কোটি টকা ৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰায় দুবছৰীয়া শাসনকালত বিভিন্ন জিলা সদৰত কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ নামত কোটি কোটি টকাৰ ৰাজহুৱা ধন খৰছ হোৱাৰ তথ্য (Cabinet meeting expenditure Assam Govt) ৷ ৰাজ্য চৰকাৰে দিছপুৰৰ বাহিৰেও বিভিন্ন জিলাত ৰাজ্যিক মন্ত্রীসভাৰ বৈঠক অনুষ্ঠিত কৰি আহিছে । ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে শাসনভাৰ লোৱাৰ পাছতেই গ্ৰহণ কৰিছিল এই বিশেষ সিদ্ধান্ত ৷ সিদ্ধান্ত অনুসৰি ৰাজ্যৰ কেইবাখনো জিলাত চৰকাৰে অনুষ্ঠিত কৰে কেবিনেট বৈঠক ৷

এতিয়ালৈকে মুঠ নখন জিলাত অনুষ্ঠিত হৈছে চৰকাৰৰ কেবিনেট বৈঠক ৷ ৰাজ্য চৰকাৰৰ কাৰ্যকালত ৰাজ্যৰ বিভিন্ন জিলাত কিমানখন ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠক অনুষ্ঠিত হৈছে আৰু এই বৈঠকসমূহত ৰাজকোষৰ কিমান ধন ব্যয় হৈছে, সেই সন্দৰ্ভত মঙ্গলবাৰে বিধানসভাত কংগ্ৰেছৰ বিধায়ক কমলাক্ষ দে' পুৰকায়স্থই সোধা এটা প্ৰশ্নৰ উত্তৰত সাধাৰণ প্ৰশাসন বিভাগৰ মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসে বিধানসভাত জনায় এই তথ্য (Budget Session of the Assam Legislative Assembly)। আনহাতে, এই বৈঠকসমূহত হোৱা ব্যয়ৰ হিচাপ মন্ত্ৰী দাসে বিধানসভাত দাখিল কৰে (Ranjeet Kumar Dass Minister Assam Govt)।

Assam Cabinet Meeting
কেবিনেট বৈঠকৰ নামতে ৰাজ্য চৰকাৰে ব্যয় কৰিছে কেইবা কোটি টকা

মন্ত্ৰীগৰাকীয়ে দিয়া তথ্য অনুসৰি যোৰহাটত অনুষ্ঠিত বৈঠকৰ বাবদ ৪৮,৪২,১৭৩ টকা, শিলচৰত অনুষ্ঠিত বৈঠকৰ বাবদ ৩০,৬০,০০০ টকা, ডিমা হাছাও (হাফলং)ত হোৱা বৈঠকৰ বাবদ ১,১৩,৯২,৩১৯ টকা, কোকৰাঝাৰত হোৱা বৈঠকৰ বাবদ ২১,০৯,১০৮ টকা ব্যয় হৈছিল ৷ লগতে বঙাইগাঁৱত অনুষ্ঠিত হোৱা বৈঠকৰ বাবদ ৫৫,৫৪,০৩৪ টকা, শোণিতপুৰত অনুষ্ঠিত বৈঠকৰ বাবে ৭,৬৯,০০০ টকা, ধেমাজিত অনুষ্ঠিত বৈঠকত ৩৪,০৮,৩৬১ টকা, ডিব্ৰুগড়ত অনুষ্ঠিত বৈঠকত ৩৫,১৫,৯১২ টকা আৰু কামৰূপ (মহানগৰ) জিলাত অনুষ্ঠিত বৈঠকৰ বাবদ ২১,৭৯,১২৯ টকা ব্যয় কৰা হৈছে। সেই অনুসৰি নখন জিলাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰায় দুবছৰীয়া শাসনকালত কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ নামত মুঠ ৩,৬৮,৩০,১১৬ টকা ব্যয় হৈছে।

আনহাতে এই বৈঠকসমূহত গ্ৰহণ কৰা সিদ্ধান্তবোৰৰ কিমানটা সিদ্ধান্ত এতিয়ালৈকে কার্যকৰী হৈছে, বাকী থকা সিদ্ধান্তবোৰ কিমান দিনৰ ভিতৰত কাৰ্যকৰী হ'ব আৰু এই ক্ষেত্ৰত অনুমোদিত ধনৰাশি কিমান দিনৰ ভিতৰত হস্তান্তৰ কৰা হ'ব বুলি বিধায়কজনে লগতে সোধা প্রশ্নৰ উত্তৰত মন্ত্ৰী দাসে কয় যে, কেবিনেট বৈঠকত গৃহীত সিদ্ধান্তবোৰ চৰকাৰৰ বিভিন্ন বিভাগৰ সৈতে জড়িত আৰু সেই সিদ্ধান্তবোৰ বাস্তবায়িত হোৱাৰ সাংখ্যিক তথ্য সাধাৰণ প্ৰশাসন বিভাগৰ ওচৰত নাই।

লগতে পঢ়ক : River Bank Erosion in Subansiri River: ধন আবণ্টনৰ পাছতো নহ’ল সোৱণশিৰীৰ বুকুত চেনেল কাটিঙৰ কাম

Last Updated :Mar 15, 2023, 12:07 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.