ETV Bharat / state

চৈয়দ আব্দুল মালিকৰ ৰচিত 'মই অসমীয়া' শীৰ্ষক কবিতাৰ বিতৰ্ক

author img

By

Published : Apr 22, 2020, 6:17 PM IST

Gariya Mariya Student Union files FIR against Professor Rupa Rani Bhuyan
চৈয়দ আব্দুল মালিকৰ ৰচিত 'মই অসমীয়া' শীৰ্ষক কবিতা বিতৰ্ক

সম্প্ৰতি চৈয়দ আব্দুল মালিকৰ ৰচিত 'মই অসমীয়া' শীৰ্ষক কবিতাটোৱে সামাজিক মাধ্যমত খলকনিৰ তুলিছে ৷ কবিতাটোৰ আধা অংশ দেখুৱাই সাহিত্যিক গৰাকীক অপমানসূচক মন্তব্য কৰিছে কিছু সংখ্যক লোকে ৷

গুৱাহাটী,22 এপ্ৰিলঃ সম্প্ৰতি সামাজিক মাধ্যমত খলকনি তুলিছে চৈয়দ আব্দুল মালিকৰ ৰচিত 'মই অসমীয়া' শীৰ্ষক কবিতাটোৱে ৷ কবিতাটোৰ আধা অংশ দেখুৱাই সাহিত্যিক গৰাকীক অপমানসূচক মন্তব্য কৰিছে কিছু সংখ্যক লোকে ৷ সামাজিক মাধ্যমযোগে এইয়া ঘৃণা বিয়পোৱাৰ এক ষড়যন্ত্ৰ বুলি অভিযোগ উত্থাপন হৈছে মংগলদৈ মহাবিদ্যালয়ৰ প্ৰবক্তা ৰূপা ৰাণী ভূঞাৰ বিৰুদ্ধে ৷ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা গল্পকাৰ,ঔপন্যাসিক,কবি চৈয়দ আব্দুল মালিকৰ বিৰুদ্ধে কৰা অপপ্ৰচাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ৰাজ্যৰ সচেতন মহল ৷

Gariya Mariya Student Union files FIR against Professor Rupa Rani Bhuyan
প্ৰবক্তা ৰূপা ৰাণী ভূঞাৰ ফেচবুক পোষ্ট

আনহাতে,ঘটনা সন্দৰ্ভত মহানগৰীৰ হাতীগাঁও থানা আৰু চতিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে। মংগলদৈ মহাবিদ্যালয়ৰ প্ৰবক্তা ৰূপা ৰাণী ভূঞাক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে সংগঠনটোৱে।

মই অসমীয়া কবিতা বিতৰ্ক

লগতে পঢ়ক-বৰপথাৰ গাঁও পঞ্চায়তলৈ "শিশু অনুকূল গাঁও পঞ্চায়ত বঁটা- 2020"

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.