ETV Bharat / state

Ganja seized in Guwagati : ভাঙৰ বেপাৰ কৰি ৰঙাঘৰৰ আলহী হ’ল জাকিৰ

author img

By

Published : Jul 28, 2022, 10:16 PM IST

Ganja seized in Guwagati
ভাং ব্যৱসায়ী কৰি ৰঙাঘৰৰ আলহী হ’ল জাকিৰ হুছেইন

গুৱাহাটীৰ মহানগৰীত অব্যাহত আছে নিষিদ্ধ ভাঙৰ ৰমৰমীয়া ব্যৱসায় । বুধবাৰে নিশা মধ্য গুৱাহাটীৰ আৰক্ষীয়ে সাতগাঁৱৰ পৰা আটক কৰে এটা ভাং ব্যৱসায়ীক ৷ লগতে জব্দ কৰে বুজন পৰিমাণৰ নিষিদ্ধ ভাং (Ganja Peddler Arrested with Psychotropic at Satgaon)৷

গুৱাহাটী, ২৮ জুলাই : নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাচতেই আৰু অধিক কঠোৰ হৈছে প্ৰশাসন ব্যৱস্থা ৷ কিন্তু ৰাজ্যৰ প্ৰশাসন ব্যৱস্থা কঠোৰ হোৱাৰ পাচতো নাকী নগাব পৰা নাই অসাধু ব্যৱসায়ী চক্ৰক ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত সঘনে জব্দ হৈছে বহু নিচাজাতীয় সামগ্ৰী (Operation against Psychotropic in Assam) ৷

আনকি গুৱাহাটী মহানগৰীতো অব্যাহত আছে নিষিদ্ধ ভাঙৰ ৰমৰমীয়া ব্যৱসায় । নিষিদ্ধ ভাঙৰ চোৰাং বেহাৰ বিৰুদ্ধে শেহতীয়াকৈ মহানগৰ আৰক্ষীয়ে চলোৱা অভিযানত সাতগাঁৱৰ পৰা বুজন পৰিমাণৰ ভাংসহ আটক কৰে এটা ভাং ব্যৱসায়ীক (Ganja Peddler Arrested with Psychotropic at Satgaon) ।

এক গোপন সূত্ৰৰ পম খেদি বুধবাৰে নিশা মধ্য গুৱাহাটী আৰক্ষীৰ এটা দলে সাতগাঁও আৰক্ষীৰ সহযোগত চলোৱা অভিযানত সাতগাঁও নোৱাপাৰাৰ পৰা জাকিৰ হুছেইন (৩৫) নামৰ এটা ভাং ব্যৱসায়ীক আটক কৰে । এই অভিযান কালত আৰক্ষীয়ে ভাং ব্যৱসায়টোৰ পৰা প্ৰায় ২ কিলো ভাং জব্দ কৰে ।

আৰক্ষী সূত্ৰে জানিব পৰা মতে, সাতগাঁও আমবাৰীৰ নিবাসী ধৃত জাকিৰ হুছইনে দীৰ্ঘদিন ধৰি আৰক্ষীৰ চকুত ধূলি দি সাতগাঁও অঞ্চলত ভাঙৰ ব্যৱসায়ী চলাই আহিছিল । বৃহস্পতিবাৰে ধৃত ভাং ব্যৱসায়ীটোক আৰক্ষীয়ে আদালতত হাজিৰ কৰোৱাৰ পিছত আদালতৰ নিৰ্দেশ মৰ্মে জেললৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক : Mekhela Chadar seized: এতিয়াও বহিঃৰাজ্যৰ পৰাই নিয়ন্ত্ৰণ হৈ আছে নেকি থলুৱা মেখেলা চাদৰৰ বজাৰখন ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.