ETV Bharat / state

Basistha Dev Sharma is no more : সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ’ব বুঢ়াসত্ৰীয়াৰ শেষকৃত্য

author img

By

Published : Oct 22, 2022, 6:06 PM IST

Updated : Oct 22, 2022, 6:40 PM IST

সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ’ব শ্ৰীমন্ত শংকৰদেৱ বঁটাপ্ৰাপক বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ শেষকৃত্য (Funeral of Basistha Dev Sarma will be held with full state dignity) ৷ ইতিমধ্যে প্ৰশাসনক নিৰ্দেশনা প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ বৰ্ষীয়ান বুঢ়াসত্ৰীয়াগৰাকীৰ বিয়োগত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও শোক প্ৰকাশ কৰিছে ৷

Basistha Dev Sharma is no more
সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ’ব বুঢ়াসত্ৰীয়াৰ শেষকৃত্য

গুৱাহাটী, 22 অক্টোবৰ : শ্ৰীমন্ত শংকৰদেৱ বঁটাপ্ৰাপক বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মা আৰু নাই ৷ সকলোকে কন্দোৱাই চিৰদিনৰ বাবে কাহানিও ঘূৰি নহাৰ প্ৰতিশ্ৰুতি দি এক অজান পৃথিৱীলৈ গ’ল গৈ বৰ্ষীয়ান বুঢ়াসত্ৰীয়াগৰাকী (Basistha Dev Sharma passes away) ৷

শাৰীৰিক অসুস্থতাৰ বাবে বিগত 10 অক্টোবৰৰ পৰাই বৰপেটা মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়াগৰাকীক (Satradhikar Basistha Dev Sarma admitted in BMCH) ৷ তাৰ পাচত উন্নত চিকিৎসাৰ বাবে 11 অক্টোবৰত বুঢ়াসত্ৰীয়াগৰাকীক GMCH লৈ প্ৰেৰণ কৰা হয় (Satradhikar Basistha Dev Sarma admitted in GMCH)৷

আৰু অৱশেষত শনিবাৰে বিয়লি 4:56 বজাত GMCH ত শেষ নিশ্বাস ত্যাগ কৰে বুঢ়াসত্ৰীয়াগৰাকীয়ে ৷

মহাপুৰুষ দুজনাৰ একান্ত অনুগামী, বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ বিয়োগত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাও টুইটযোগে গভীৰ শোক প্ৰকাশ কৰিছে ৷ ‘‘বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ বিয়োগ ৰাজ্যৰ সমাজ জীৱনৰ বাবে এক বৃহৎ ক্ষতি ৷ তেখেতে ৰিক্ত কৰা এই স্থান অপূৰণীয় হৈ ৰ’ব’’ ৷

শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰাপক বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ আত্মাৰ চিৰশান্তি কামনা কৰি তেখেতৰ শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ বৰ্ষীয়ান বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ শেষকৃত্য সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰাৰ বাবে প্ৰশাসনক নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই (Funeral of Basistha Dev Sarma will be held with full state dignity)৷

  • মহাপুৰুষ দুজনাৰ একান্ত অনুগামী, বৰপেটা সত্ৰৰ পৰম পূজনীয় বুঢ়া সত্ৰীয়া শ্ৰীযুত বশিষ্ঠ দেৱশৰ্মাদেৱ আছিল এক অনুষ্ঠান সদৃশ ৷ তেখেতৰ মহাপ্ৰয়াণৰ বাতৰিত মৰ্মাহত হৈছোঁ ৷ তেখেতে ৰিক্ত কৰা এই স্থান অপূৰণীয় হৈ ৰ'ব৷ pic.twitter.com/BZZ9Kyuzqj

    — Himanta Biswa Sarma (@himantabiswa) October 22, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

ইফালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও বৰ্ষীয়ান বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে ৷ চিকিৎসাধীন হৈ থকা সময়চোৱাত বিভিন্নজনে বৰ্ষীয়ান সত্ৰাধীকাৰগৰাকীৰ সুস্থহৈ উঠাৰ কামনাৰে নেদেখাজনৰ শ্ৰীচৰণত আঠু লৈছিল ৷ কিন্তু নিয়তিৰ ওচৰত হাৰ মানি সকলোকে কন্দোৱাই এক এজান পৃথিৱীলৈ গ’লগৈ বৰপেটাৰ বুঢ়াসত্ৰীয়া বশিষ্ট দেৱশৰ্মা ৷

  • বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া, আমাৰ অতি আদৰৰ বশিষ্ঠ দেৱশৰ্মা দেৱক যেতিয়াই লগ পাইছিলোঁ, এটি নিভাঁজ হাঁহিৰে তেখেতে মোক সম্ভাষণ জনোৱাৰ লগতে মৰম-আশীৰ্বাদ যাচিছিল। আমি ছাত্ৰ সংগঠন কৰি থকাৰ সময়ৰেপৰা তেখেতৰ ঘৰখনৰ সৈতে এক নিবিড় সম্পৰ্ক গঢ় হৈ উঠিছিল। pic.twitter.com/TWOTRuKxe2

    — Sarbananda Sonowal (@sarbanandsonwal) October 22, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

বুঢ়াসত্ৰীয়া বশিষ্ট দেৱশৰ্মাৰ মৃত্যু অসমবাসীৰ বাবে এক অপূৰণীয় ক্ষতি ৷ কি সাহিত্য, কি সংস্কৃতি ক্ষেত্ৰ ৷ সকলোতে তেওঁৰ অৱদান নুই কৰিব নোৱাৰি ৷ বুঢ়াসত্ৰীয়াগৰাকীৰ মৃত্যুত সমগ্ৰ অসমতে পৰিছে শোক ছাঁ ৷

লগতে পঢ়ক : Basistha Dev Sharma passes away : বুঢ়াসত্ৰীয়া বশিষ্ট দেৱশৰ্মাৰ মহাপ্ৰয়াণ

Last Updated : Oct 22, 2022, 6:40 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.