ETV Bharat / state

উত্তৰ পূব সীমান্ত ৰে’লৱেত আৰম্ভ হ’ব চাৰিখন বিশেষ ৰে'লৰ সেৱা

author img

By

Published : Jun 12, 2021, 9:57 PM IST

এই বিশেষ ৰে’ল সমূহৰ ভিতৰত আছে -কামাখ্যা আৰু ভগত কি কোঠীৰ মাজত ৰে’ল, কামাখ্যা আৰু শ্ৰী মাতা বৈষ্ণো দেৱী কাটৰাৰ মাজত ৰে’ল, কামাখ্যা আৰু ৰাঁচীৰ মাজত ৰে’ল আৰু কামাখ্যা আৰু পুৰীৰ মাজত আন এখন ৰে’ল বিজ্ঞাপিত পথ, সময়সূচী, ষ্ট’পেজ আৰু গঠন অনুসৰি পুনৰ চলাচল কৰিব ।

four special train service to resume under nf railway
উত্তৰ পূব সীমান্ত ৰে’লৱেত আৰু চাৰিখন বিশেষ ৰে'লৰ সেৱা আৰম্ভ

মালিগাঁও, ১২ জুন : ভ্ৰমণৰ ইচ্ছুক যাত্ৰীসকলৰ সুবিধাৰ বাবে চলিত মাহৰ পৰা উত্তৰ পূব সীমান্ত ৰে’লৱেত আৰু চাৰিখন বিশেষ ৰে'লৰ সেৱা পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে । এই বিশেষ ৰে’ল সমূহৰ ভিতৰত আছে -কামাখ্যা আৰু ভগত কি কোঠীৰ মাজত ৰে’ল, কামাখ্যা আৰু শ্ৰী মাতা বৈষ্ণো দেৱী কাটৰাৰ মাজত ৰে’ল, কামাখ্যা আৰু ৰাঁচীৰ মাজত ৰে’ল আৰু কামাখ্যা আৰু পুৰীৰ মাজত আন এখন ৰে’ল বিজ্ঞাপিত পথ, সময়সূচী, ষ্ট’পেজ আৰু গঠন অনুসৰি পুনৰ চলাচল কৰিব ।

ৰে’ল সেৱা পুনৰ আৰম্ভ :

ৰে’ল নং. ০৫৬২৪ কামাখ্যা – ভগত কি কোঠী বিশেষ এক্সপ্ৰেছৰ সেৱা ১৮ জুন, ২০২১ তাৰিখৰ পৰা পৰৱৰ্তী নিৰ্দেশলৈকে পুনৰ আৰম্ভ কৰা হ’ব । ৰে'লখনে প্ৰতি শুকুবাৰে ১৭-১৫ ঘণ্টাত কামাখ্যাৰ পৰা ৰাওনা হ'ব আৰু দেওবাৰে ২১-৪৫ ঘণ্টাত ভগত কি কোঠিত উপস্থিত হ’ব ।

ওভতনি দিশত, ৰে’ল নং- ০৫৬২৩ ভগত কি কোঠি- কামাখ্যা বিশেষ এক্সপ্ৰেছৰ সেৱা ২২ জুন, ২০২১ তাৰিখৰ পৰা পৰৱৰ্তী নিৰ্দেশলৈকে পুনৰ আৰম্ভ কৰা হ’ব । ৰে'লখনে প্ৰতি মঙলবাৰে ১৬-১০ ঘণ্টাত ভগত কি কোঠিৰ পৰা ৰাওনা হৈ বৃহস্পতিবাৰে ২৩-১০ ঘণ্টাত কামাখ্যাত উপস্থিত হ’ব । ৰে'লখন দুয়োফালৰ যাত্ৰাৰ সময়ত নিউ জলপাইগুৰি জংচন, নিউ বাৰাউনি জংচন, পাটনা জংচন, বাৰাণসী, লক্ষ্ণৌ, দিল্লী জংচন আৰু যোধপুৰ জংচন হৈ চলিব ।

ৰে’ল নং. ০৫৬৪৪ কামাখ্যা – পুৰী বিশেষ এক্সপ্ৰেছৰ সেৱা ২৪ জুন, ২০২১ ৰ পৰা পৰৱৰ্তী নিৰ্দেশ লৈকে পুনৰ আৰম্ভ কৰা হ'ব । ৰে'লখনে প্ৰতি বৃহস্পতিবাৰে ২৩-৪৫ বজাত কামাখ্যাৰ পৰা ৰাওনা হ'ব আৰু শনিবাৰে ০৭-৩০ ঘণ্টাত পুৰীত উপস্থিত হ’ব ।

ওভতনি দিশত, ৰে’ল নং- ০৫৬৪৩ পুৰী- কামাখ্যা বিশেষ এক্সপ্ৰেছৰ সেৱা ২৬ জুন, ২০২১ৰ পৰা পৰৱৰ্তী নিৰ্দেশলৈকে পুনৰ আৰম্ভ কৰা হৈছে । ৰে'লখনে প্ৰতি শনিবাৰে ২২-০৫ ঘণ্টাত পুৰীৰ পৰা ৰাওনা হৈ সোমবাৰে ০৫-২৫ ঘণ্টাত কামাখ্যাত উপস্থিত হ’ব । দুয়োফালৰ যাত্ৰাৰ সময়ত ৰে'লখন গোৱালপাৰা, আলিপুৰদুৱাৰ জংচন, নিউ মাল জংচন, শিলিগুৰি জংচন, কিষাণগঞ্জ, হাওৰা, খড়গপুৰ, কটক আৰু ভূৱনেশ্বৰ হৈ চলিব ।

ৰে'ল নং. ০৫৬৫৫ কামাখ্যা – শ্ৰী মাতা বৈষ্ণো দেৱী কাটৰা বিশেষ এক্সপ্ৰেছৰ সেৱা ২৭ জুন, ২০২১ তাৰিখৰ পৰা পৰৱৰ্তী নিৰ্দেশলৈকে পুনৰ আৰম্ভ কৰা হ’ব । ৰে'লখনে প্ৰতি দেওবাৰে ১১-০০ ঘণ্টাত কামাখ্যাৰ পৰা ৰাওনা হৈ মঙলবাৰে ১৫-৪৫ ঘণ্টাত শ্ৰী মাতা বৈষ্ণো দেৱী কাটৰাত উপস্থিত হ’ব ।

উভতনি দিশত, ৰে’ল নং- ০৫৬৫৬ শ্ৰী মাতা বৈষ্ণো দেৱী কাটৰা -কামাখ্যা বিশেষ এক্সপ্ৰেছৰ সেৱা ৩০ জুন, ২০২১ তাৰিখৰ পৰা পৰৱৰ্তী নিৰ্দেশলৈকে পুনৰ আৰম্ভ কৰা হ’ব । ৰে'লখনে প্ৰতি বুধবাৰে ০৩-৪৫ ঘণ্টাত শ্ৰী মাতা বৈষ্ণো দেৱী কাটৰাৰ পৰা ৰাওনা হৈ শুকুৰবাৰে ১১-৩০ ঘণ্টাত কামাখ্যাত উপস্থিত হ'ব । ৰে'লখন দুয়োফালৰ যাত্ৰাৰ সময়ত গোৱালপাৰা, ধুপগুৰি, কাটিহাৰ, দাৰভাংগা জংচন, গোৰখপুৰ জংচন, বৰেলী, চাহাৰনপুৰ জংচন আৰু লুধিয়ানা জংচন হৈ চলিব ।

ৰে’ল নং- ০৫৬৬২ কামাখ্যা – ৰাঁচী বিশেষ এক্সপ্ৰেছৰ সেৱা ২৯ জুন, ২০২১ তাৰিখৰ পৰা পৰৱৰ্তী নিৰ্দেশলৈকে আৰম্ভ কৰা হৈছে । ৰে'লখনে প্ৰতি মঙলবাৰে ১২-০০ ঘণ্টাত কামাখ্যাৰ পৰা ৰাওনা হৈ বুধবাৰে ১৪-২৫ ঘণ্টাত ৰাঁচীত উপস্থিত হ’ব ।

উভতনি দিশত, ৰে’ল নং- ০৫৬৬৩ ৰাঁচী- কামাখ্যা বিশেষ এক্সপ্ৰেছৰ সেৱা ৩০ জুন, ২০২১ তাৰিখৰ পৰা পৰৱৰ্তী নিৰ্দেশলৈকে আৰম্ভ কৰা হৈছে । ৰে'লখনে প্ৰতি বুধবাৰে ৰাঁচীৰ পৰা ২০-৩০ ঘণ্টাত যাত্ৰা আৰম্ভ কৰি বৃহস্পতিবাৰে ২৩-৩০ ঘণ্টাত কামাখ্যাত উপস্থিত হ’ব । ৰেলখন দুয়োফালৰ যাত্ৰাৰ সময়ত গোৱালপাৰা, আলিপুৰদুৱাৰ জংচন, নিউ মাল জংচন, শিলিগুৰি জংচন, কিষাণগঞ্জ, ৰামপুৰহাট, দুৰ্গাপুৰ, আছানচোল, ধানবাদ আৰু বোকাৰো ষ্টীল চিটি হৈ চলিব ।

এই ৰে'লসমূহৰ ষ্ট’পেজ আৰু সময়ৰ বিৱৰণ ৰে'লৱেৰ ৱেবছাইটত উপলব্ধ আৰু উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আৰু বিভিন্ন বাতৰি কাকতত জাননী দিয়া হৈছে । যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰা কৰাৰ আগতে এই বিৱৰণবোৰ চাবলৈ অনুৰোধ জনাইছে । নিজৰ গন্তব্য স্থানত উপস্থিত হোৱাৰ পাচতে, যাত্ৰীসকলে ক’ভিড সংশ্লিষ্ট ৰাজ্যৰ প্ৰচলিত স্বাস্থ্য প্ৰট’কল মানি চলিব লাগিব । সকলো যাত্ৰীক এই সন্দৰ্ভত ৰে'লৱে আৰু সংশ্লিষ্ট ৰাজ্য চৰকাৰৰ বিষয়াসকলৰ সৈতে সহযোগিতা কৰিবলৈ অনুৰোধ জনোৱা দেখা গৈছে ।

লগতে পঢ়কঃ Operation Drugs : মৈৰাবাৰীত মহিলাসহ আটক তিনি সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.