ETV Bharat / state

Assam NRC Corruption: সমুজ্জ্বল ভট্টাচাৰ্যৰ প্ৰতিক্ৰিয়াৰ পাচত কি ক'লে হিতেশ দেৱ শৰ্মাই !

author img

By

Published : Feb 16, 2023, 10:42 PM IST

সমুজ্জ্বল ভট্টাচাৰ্যৰ বিৰুদ্ধে সামাজিক মাধ্যমত উত্থাপন কৰা অভিযোগৰ পাচত এইবাৰ সংবাদমাধ্যমৰ আগত মুখ খুলিছে প্ৰাক্তন এন আৰ চি সমন্বয়ক হিতেশ দেৱ শৰ্মাই ৷ সমুজ্জ্বল ভট্টাচাৰ্যই হিতেশ দেৱ শৰ্মাৰ অভিযোগ সম্পূৰ্ণ মিছা বুলিও উল্লেখ কৰিছিল ৷ ইয়াৰ পাচতেই হিতেশ দেৱ শৰ্মাই স্পষ্ট কৰিছে নিজৰ স্থিতি ৷

Assam NRC Corruption
সমুজ্জ্বল ভট্টাচাৰ্যৰ প্ৰতিক্ৰিয়াৰ পাচত কি ক'লে হিতেশ দেৱ শৰ্মাই !

নিজৰ অভিযোগ সন্দৰ্ভত স্থিতি স্পষ্ট কৰিলে হিতেশ দেৱ শৰ্মাই

গুৱাহাটী, 16 ফেব্ৰুৱাৰী: এন আৰ চিৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মাই (Hitesh Dev Sharma) সামাজিক মাধ্যমযোগে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যৰ বিৰুদ্ধে উত্থাপন কৰা গুৰুতৰ অভিযোগ ৷ এই অভযোগ উত্থাপন কৰাৰ পাচতে বৃহস্পতিবাৰে সংবাদমাধ্যমযোগে হিতেশ দেৱ শৰ্মাই স্পষ্ট কৰিলে নিজৰ স্থিতি ৷

উল্লেখ্য যে, হিতেশ দেৱ শৰ্মাই পূৰ্বৰ এন আৰ চিৰ সমন্বয়ক প্ৰতীক হাজেলাৰ (Prateek Hajela) পৰা সমুজ্জ্বল ভট্টাচাৰ্যই মাহে 16 লাখকৈ টকা লৈছিল বুলি সামাজিক মাধ্যমত উল্লেখ কৰিছিল । কেলেংকাৰীৰ ভাগ হিচাপে এই ধন লৈছিল বুলি উল্লেখ কৰি ইয়াক অৱশ্যে বজাৰৰ খবৰ বুলি আখ্যা দিয়ে । সত্যাসত্য নাজানো বুলিও নিজৰ ফেচবুক প’ষ্টত উল্লেখ কৰিছিল হিতেশ দেৱ শৰ্মাই (Allegation against Samujjal Bhattacharya) ৷ কিন্তু কেলেংকাৰীৰ তদন্ত হ'লে সকলো গম পোৱা যাব বুলি তেওঁ কৌশলেৰে কথাখিনি সামাজিক মাধ্যমত উল্লেখ কৰিছিল ৷

ইয়াৰ পাচতেই জাঙুৰ খাই উঠে সমুজ্জ্বল ভট্টাচাৰ্য । ড৹ সমুজ্জ্বল ভট্টাচাৰ্যই সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, ‘‘এই অভিযোগ গোকাট মিছা ৷ হিতেশ দেৱ শৰ্মা এজন মিছলীয়া । একমাত্ৰ সস্তীয়া প্ৰচাৰৰ বাবে তেওঁ এনে প্ৰলাপ বকিছে ৷ মানসিক ভাৰসাম্য ঠিক থকা মানুহে এনে কাণ্ডজ্ঞানহীন কথা নকয় ৷ তেওঁ মানসিক চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত ৷ এনে অসত্য কথা কোৱাৰ বাবে অধিবক্তাৰ পৰামৰ্শলৈ হিতেশ দেৱ শৰ্মাৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিম (Samujjal Bhattacharya NRC news update) ৷’’

আছুৰ মুখ্য উপদেষ্টা ভট্টাচাৰ্যৰ এনে প্ৰতিক্ৰিয়াৰ পাচতে হিতেশ দেৱ শৰ্মাই সংবাদমাধ্যমৰ আগত নিজৰ স্থিতি স্পষ্ট কৰে । তেওঁ কয়, ‘‘এন আৰ চিকলৈ (Assam NRC) আছুৰ ভূমিকাত মুঠেই সন্তুষ্ট নহওঁ ৷ হাজেলাৰ সপক্ষে দিছপুৰত আই এ এছ লবী সক্ৰিয় হৈ থকাতো সঁচা ৷ সমুজ্জ্বল ভট্টাচাৰ্যই টকা লৈছে বুলি মই পোনপটীয়াকৈ কোৱা নাই ৷ বজাৰৰ কথা বুলিহে উল্লেখ কৰিছো ৷ এই সন্দৰ্ভত মোৰ হাতত কোনো তথ্য নাই ৷ যদি সমুজ্জ্বল ভট্টাচাৰ্য আদালতৰ কাষ চাপে প্ৰত্যাহ্বান দিবলৈ মই সাজু আছোঁ ৷’’

আন এটা ফেচবুক প’ষ্ট সন্দৰ্ভত তেওঁ কয়, ‘‘বসন্ত ডেকাক এন আৰ চিৰ কেলেংকাৰী সন্দৰ্ভত ফোন কৰিছিলোঁ (Assam NRC Corruption) ৷ তেওঁ এই সন্দৰ্ভত মোক মাত নামাতিবলৈ কৈছিল ৷ মই দুটাকৈ গোচৰ হাজেলাৰ বিৰুদ্ধে ৰুজু কৰিছিলোঁ৷ এটা CID আৰু এটা CM ভিজিলেঞ্চত ৷ ৰহস্যজনকভাৱে চৰকাৰে আজি পৰ্যন্ত গোচৰ দুটা পঞ্জীয়ন নকৰিলে ৷ চৰকাৰে এই দুটা গোচৰ পঞ্জীয়ন কৰিবই লাগিব ৷’’ প্ৰতীক হাজেলাৰ কাম-কাজত অসন্তুষ্ট হৈ এন আৰ চিৰ পৰা ওলাই অহাৰ কথাও সংবাদমাধ্যৰ আগত কৰে হিতেশ দেৱ শৰ্মাই ৷

লগতে পঢ়ক: Assam NRC Corruption: সঁচাকৈয়ে প্ৰতীক হাজেলাৰ পৰা মাহিলী 16 লাখ কৈ লৈছিল নেকি সমুজ্জ্বল ভট্টাচাৰ্যই !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.