ETV Bharat / state

বাঘজান কাণ্ডৰ উচ্চস্তৰীয় কমিটি গঠন

author img

By

Published : Jun 10, 2020, 4:17 PM IST

বাঘজানৰ মৰ্মান্তিক ঘটনাৰ তদন্তৰ বাবে গঠন কৰা হৈছে এক উচ্চস্তৰীয় বিশেষজ্ঞ কমিটি ৷ বন বিভাগৰ মুখ্য় বন সংৰক্ষকৰ কাৰ্যালয়ে গঠন কৰি দিয়া দহজনীয়া কমিটিখনৰ নেতৃত্বত আছে অতিৰিক্ত বন সংৰক্ষক এম কে যাদৱ ৷

forest department founded a Committee for Baghjan Oil well case Etv bharat news
উচ্চস্তৰীয় কমিটি গঠন

নিউজ ডেস্ক, 10 জুন: ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত অগ্নিকুণ্ডলৈ পৰিণত হোৱা বাঘজানৰ মৰ্মান্তিক ঘটনাৰ তদন্তৰ বাবে এক উচ্চস্তৰীয় বিশেষজ্ঞ কমিটি গঠন কৰিছে মহানগৰীস্থিত বন বিভাগৰ মুখ্য় বন সংৰক্ষকৰ কাৰ্যালয়ে ৷ বাঘজানৰ অপৰিৱৰ্তিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উক্ত দহজনীয়া কমিটিখন গঠন কৰা হৈছে ৷ সেইসূত্ৰে অতিৰিক্ত বন সংৰক্ষক এম কে যাদৱৰ নেতৃত্বত গঠিত কমিটিখনে বাঘজানৰ অগ্নিকাণ্ডস্থলী পৰিদৰ্শন কৰি ঘটনাৰ তদন্ত কৰিব ৷ ইতিমধ্যে ঘটনা প্ৰসংগত টুইটযোগে প্ৰতিক্ৰিয়া আগবঢ়াইছে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷

forest department founded a Committee for Baghjan Oil well case Etv bharat news
পৰিমল শুক্লবৈদ্যৰ প্ৰতিক্ৰিয়া

লগতে চাওকঃ বাঘজানৰ পৰিস্থিতি পৰিদৰ্শন পলাশ চাংমাইৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.