ETV Bharat / state

সচিবালয়ৰ ফুটব্ৰীজত নিশা চলে মদৰ আড্ডা..

author img

By

Published : Mar 5, 2021, 9:12 AM IST

স্মাৰ্ট চিটিৰ নামত কদৰ্যময় পৰিৱেশ গুৱাহাটী মহানগৰীত ৷ স্মাৰ্ট চিটি ঘোষণা কৰি প্ৰকল্প মুকলি কৰিয়ে দায়িত্ব সামৰিছে ৰাজ্য চৰকাৰে ৷

নিশা মদৰ আড্ডা চলে সচিবালয়ৰ ফুটব্ৰীজত..
নিশা মদৰ আড্ডা চলে সচিবালয়ৰ ফুটব্ৰীজত..

গুৱাহাটী, 5মাৰ্চ: একালৰ বৃন্দাবন এতিয়া পৰে চন । গুৱাহাটীখনক আটোমটোকাৰীকৈ সজাবলৈ ডুবাই-ছিংগাপুৰৰ আৰ্হিৰে লিফ্ট, যন্ত্ৰচালিত চিৰি আদি ব্যৱহাৰ কৰি চমক সৃষ্টিৰে সাধাৰণ ৰাইজৰ মন জয় কৰিবলৈ স্থাপন কৰিলে অত্যাধুনিক ফুটব্ৰীজ । মহানগৰীৰ যান-বাহন নিয়ন্ত্ৰণৰ বাবে তথা গুৱাহাটী মহানগৰীক স্মাৰ্ট চিটিৰ ৰূপ দিবলৈ ৩২ কোটি টকা ব্যয় সাপেক্ষে মহানগৰীৰ গুৱাহাটী-শ্বিলং ৰোডৰ গণেশগুৰিত স্থাপন কৰা হৈছিল এখন অত্যাধুনিক ফুটব্ৰীজ । কেৱল এখনেই নহয়, গুৱাহাটী শ্বিলং ৰোডত সৰ্বমুঠ ৮ খনকৈ ফুট ব্ৰীজ নিৰ্মাণ কৰিলে অসম চৰকাৰে ।

নিশা মদৰ আড্ডা চলে সচিবালয়ৰ ফুটব্ৰীজত..

কিন্তু ৰজাও আঁতৰিল, পৰিৱেশো এতিয়া শাম কাটিল । মুকলিৰ কেইদিনমানৰ পাছতেই প্ৰতিপালনৰ অভাৱত এতিয়া ফুটব্ৰীজৰ সৌন্দৰ্য নাইকীয়া হোৱাৰ উপক্ৰমৰ দিশে । ফুটব্ৰীজৰ সৌন্দৰ্যৱৰ্ধনৰ বাবে ৰখা ফুলৰ টাবত পানীৰ অভাৱত মৰহিছে ফুলগছবোৰ । আনকি চৌপাশে দেখা গৈছে সৌন্দৰ্যৰ নামত কেৱল তামোল-গুটখাৰ পিক ।

নতুন ফুটব্ৰীজৰ উপৰিও পুৰণি ফুটব্ৰীজ মন কৰলে দেখা পোৱা যায় আকৌ বিপৰিত ছবিহে ৷ তাৰ ভিতৰত দিপুৰ সচিবালয়ৰ গাতে লাগি থকা অসম সচিবালয়ৰ ফুটব্ৰীজখন লেখত ল’বলগীয়া । কিন্তু পৰিতাপৰ বিষয় যে, আজিকালি সচিবালয়ৰ ফুটব্ৰীজেৰে পথচাৰী নাযায় । কিয়নো ফুটব্ৰীজ খনৰ কদৰ্যময় পৰিৱেশৰ বাবে সাধাৰণ ৰাইজৰ চকু এতিয়া কপালত উঠে । ফুটব্ৰীজৰ কাষলৈ গ’লেই পায় মূত্ৰ-বৃষ্ঠাৰ দুৰ্গন্ধ । নিশা হ’লে চলে আকৌ মদৰ আড্ডা । ৰাইজৰ টকাৰে ৰাইজৰ সুবিধাৰ্থে ৰাজকোষৰ ধন ব্যয় কৰি নিৰ্মাণ কৰা এইখন ফুটব্ৰীজ এতিয়া অঘৰীৰ বাসস্থানলৈ পৰিণত হৈছে । ইয়াৰ মূলতে চৰকাৰী পক্ষৰ গুৰুত্বহীনতা ।

লগতে পঢ়কঃ পুনৰ বিহালী সমষ্টিৰ বিধায়ক হ'ব নেকি ৰঞ্জিত দত্ত !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.