ETV Bharat / state

G20 summit in Guwahati: জি ২০ ৰ বহনক্ষম বিত্তীয় কাৰ্যকৰী গোটৰ গুৱাহাটীৰ প্ৰথমখন সন্মিলনৰ সামৰণি

author img

By

Published : Feb 4, 2023, 7:08 AM IST

First G20 SFWG Summit concludes in Guwahati
সামৰণি পৰিল জি-২০ৰ বহনক্ষম বিত্তীয় কাৰ্যকৰী গোটৰ গুৱাহাটীৰ প্ৰথমখন সন্মিলন

শুকুৰবাৰে সামৰণি পৰিল জি-২০ৰ বহনক্ষম বিত্তীয় কাৰ্যকৰী গোটৰ গুৱাহাটীৰ প্ৰথমখন সন্মিলন (G20 summit in Guwahati) ৷ গুৱাহাটীৰ ৰেডিশ্বন ব্লু হোটেলত অনুষ্ঠিত সন্মিলনখনিত জি-২০ সদস্য দেশকে ধৰি ১০খন আমন্ত্ৰিত দেশ আৰু ১৪ টা আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ ৯৫ গৰাকী প্ৰতিনিধিৰ অংশগ্ৰহণেৰে বহনক্ষম বিত্তীয় কার্যকৰী গোটৰ প্ৰথমখন সন্মিলনৰ অন্তিম দিনটোত চাৰিটা পৰ্যায়ত আলোচনা অনুষ্ঠিত হয় ৷

গুৱাহাটী, 4 ফেব্ৰুৱাৰী: গুৱাহাটীৰ ৰেডিশ্বন ব্লু হোটেলত (Radisson Blu Hotel Guwahati) জি-২০ৰ বহনক্ষম বিত্তীয় কাৰ্যকৰী গোটৰ গুৱাহাটীৰ প্ৰথমখন সন্মিলনৰ শুকুৰবাৰে সামৰণি পৰে (G20 summit in Guwahati)। জি-২০ সদস্য দেশ, ১০খন আমন্ত্ৰিত দেশ আৰু ১৪টা আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ ৯৫ প্ৰতিনিধিৰ অংশগ্ৰহণেৰে বহনক্ষম বিত্তীয় কার্যকৰী গোটৰ প্ৰথমখন সন্মিলনৰ শুকুৰবাৰে দ্বিতীয় তথা অন্তিম দিনা চাৰিটা পৰ্যায়ত আলোচনা অনুষ্ঠিত হয় ।

আলোচনাৰ প্ৰথমটো পৰ্যায়ত বহনক্ষম বিত্তীয় ক্ষমতা নিৰ্মাণৰ আটাইতকৈ প্ৰয়োজনীয় ক্ষেত্ৰবোৰ চিনাক্ত কৰা, চাহিদা ব্যৱস্থা আৰু দক্ষতা নিৰ্মাণৰ ব্যৱধানৰ বিষয়ে আলোচনা কৰা হয় । বাকী তিনিটা পৰ্যায়ত বহনক্ষম বিত্ত সম্পৰ্কীয় ক্ষমতা নির্মাণ সেৱা কিদৰে উন্নত, পৰিপূৰক আৰু ত্বান্বিত কৰিব পাৰি, স্থিৰতা বিনিয়োগৰ বাবে ডাটা সম্পৰ্কীয় বাধাবোৰ অতিক্ৰম কৰিবলৈ নক্সা নির্মাণ আৰু ৰূপায়ণ কৰা আৰু বহনক্ষম বিকাশৰ দিশত বিত্তীয় যোগানৰ বাবে পৰিৱেশতন্ত্ৰৰ দক্ষতা নির্মাণ আদিৰ বিষয়ে আলোচনা কৰা হয় (First G20 SFWG Summit In Guwahati) ।

First G20 SFWG Summit concludes in Guwahati
সামৰণি পৰিল জি-২০ৰ বহনক্ষম বিত্তীয় কাৰ্যকৰী গোটৰ গুৱাহাটীৰ প্ৰথমখন সন্মিলন

গুৱাহাটীত সামৰণি পৰা বহনক্ষম বিত্তীয় কাৰ্যকৰী গোটৰ প্ৰথমখন সন্মিলনৰ মূল সিদ্ধান্তসমূহৰ ভিতৰত আছিল বহনক্ষম উন্নয়নৰ লক্ষ্যৰ বাবে যোৱা কিছু বছৰৰ পৰা ঘৰুৱা বিত্তীয় লাভৰ ক্ষেত্ৰত সৃষ্টি হোৱা ব্যৱধান বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত জি-20ৰ 2023 বহনক্ষম বিত্তীয় কার্যকৰী গোটে বিত্তৰ যোগান ধৰাৰ বাবে এটা বিশ্লেষণাত্মক পৰিকাঠামো বিকাশ কৰিব, যাতে জি-২০ বহনক্ষম বিত্তীয় ৰোডমেপক আগুৱাই লৈ যাব পাৰে (G20 Summit 2023) ।

'২০৩০ চনৰ ভিতৰত বহনক্ষম উন্নয়নৰ লক্ষ্য প্ৰাপ্তিৰ বাবে মাত্ৰ সাতটা বছৰ বাকী থকা অৱস্থাত পৰিৱৰ্তিত বিশ্বৰ প্ৰত্যাহ্বানক মোকাবিলা কৰিবলৈ বহনক্ষম বিত্ত যোগান ত্বৰান্বিত কৰাটো অত্যন্ত জৰুৰী হৈ পৰিছে । বহনক্ষম বিত্তীয় লক্ষ্যত বিত্ত যোগানৰ ক্ষেত্ৰত উৎকৃষ্ট প্ৰদৰ্শন কৰা আন্তঃৰাষ্ট্ৰীয় সংস্থা আৰু ব্যক্তিগত খণ্ডৰ এক অধ্যয়ন কৰি তথ্য একত্ৰিত কৰাৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰা হয় (G20 SFWG Summit concludes in Guwahati)।

First G20 SFWG Summit concludes in Guwahati
সামৰণি পৰিল জি-২০ৰ বহনক্ষম বিত্তীয় কাৰ্যকৰী গোটৰ গুৱাহাটীৰ প্ৰথমখন সন্মিলন

'বৈঠকৰ অন্তত ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰাণালয়ৰ উপদেষ্টা গীতু যোশীয়ে এখন সংবাদমেলত এই কথা সদৰি কৰি কয় যে বহনক্ষম উন্নয়নৰ বিষয়টোত সদস্যভুক্ত দেশসমূহ আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহে যথেষ্ট সঁহাৰি জনাইছে । সন্মিলনত আলোচনা কৰা আন এটা গুৰুত্বপূৰ্ণ দিশ হ’ল অংশীদাৰসকলৰ দক্ষতা নিৰ্মাণ কৰা ।

বহনক্ষম উন্নয়নৰ লক্ষ্যত উপনীত হ’বলৈ বহনক্ষম বিত্তীয় ক্ষেত্ৰত দক্ষতাপূর্ণ কর্মশক্তিৰ অভাৱ বুলি উল্লেখ কৰি যোশীয়ে কয় যে এই প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ বহনক্ষম বিত্তীয় কার্যকৰী গোটে ২০২৩ চনত এটা জি-২০ বহনক্ষম বিত্তীয় কাৰিকৰী সহায়ক কর্ম আঁচনি যুগুত কৰি উলিয়াব । ইয়াৰ ওপৰত ভিত্তি কৰি বহনক্ষম বিত্তীয় কার্যকৰী গোটে দক্ষতা নির্মাণ সেৱা কিদৰে ত্বান্বিত কৰিব পাৰি তাৰ বাবে আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহ, মাল্টিলেটালে ডেভেলপমেণ্ট বেংক, আন্তঃৰাষ্ট্ৰীয় স্বেচ্ছাসেৱী সংগঠনসমূহক পৰামর্শ আগবঢ়াব ।

First G20 SFWG Summit concludes in Guwahati
সামৰণি পৰিল জি-২০ৰ বহনক্ষম বিত্তীয় কাৰ্যকৰী গোটৰ গুৱাহাটীৰ প্ৰথমখন সন্মিলন

উল্লেখ্য যে প্ৰতিনিধিসকলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ বন্যপ্ৰাণী চাফাৰী, নৌকা বিহাৰ, ব্ৰহ্মপুত্ৰ বালিচাপৰি ভ্ৰমণ আৰু পুৰণি ৰাজ্যপালৰ গৃহ ভ্ৰমণকে ধৰি অন্যান্য বিভিন্ন স্থানীয় প্ৰাকৃতিক সৌন্দর্যও উপভোগ কৰে । জি২০ বৈঠকত অংশগ্ৰহণ কৰিবলৈ অহা প্ৰতিনিধিসকলৰ দলটোৰ বাবে ব্ৰহ্মপুত্ৰৰ বালিচৰত অসমৰ সমৃদ্ধ সংস্কৃতি আৰু ঐতিহ্যৰ অনবদ্য প্ৰদৰ্শনৰ আয়োজন কৰা হয় ।

বিভিন্ন লোকনৃত্য, বিহুনৃত্য, সত্ৰীয়া নৃত্য, তিৱা নৃত্য, মিচিং বিহু নৃত্য, হাজং নৃত্য, গায়ন বায়ন, বড়ো নৃত্য, ৰাভা নৃত্য আৰু ঝুমুৰ নৃত্যৰ দৰে বিভিন্ন সাংস্কৃতিক প্ৰদৰ্শন কৰা হয় । তদুপৰি দবা, শংখ, বৰঢোল আৰু মৃদংগৰ দৰে পৰম্পৰাগত বাদ্যযন্ত্ৰৰ অনবদ্য প্ৰদৰ্শন দেখুওৱা হয় । বালিচৰত অস্থায়ীভাৱে নিৰ্মাণ কৰি উলিওৱা অসমৰ থলুৱা কৃষ্টি সম্বলিত গাঁৱৰ অনুপম অভিজ্ঞতাও লাভ কৰে প্ৰতিনিধি গোটটোৱে ।

লগতে পঢ়ক: PM Modi in Akhand Kirtan: নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমৰ ধৰ্মালোচনী সভাত ভাৰ্চুৱেলী অংশগ্ৰহণ প্ৰধানমন্ত্ৰী মোডীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.